সম্পৰ্ক আছে ১৫ আগষ্ট আৰু বাংলাদেশৰ মাজত! কি হৈছিল সেইদিনা, কিয় চকুৰ পানী ওলাইছিল ইন্দিৰা গান্ধীৰ…

প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোত ভাৰতে স্বাধীনতা দিৱস পালন কৰে। পিছে এই দিনটোৰ ইতিহাস বাংলাদেশৰ সৈতেও জড়িত হৈ আছে। ১৯৭৫ চনত এনে এক ঘটনা সংঘটিত হৈছিল যিয়ে ভাৰততো প্ৰভাৱিত হৈছিল।

সম্পৰ্ক আছে ১৫ আগষ্ট আৰু বাংলাদেশৰ মাজত! কি হৈছিল সেইদিনা, কিয় চকুৰ পানী ওলাইছিল ইন্দিৰা গান্ধীৰ...

ভাৰত-বাংলাদেশ

Updated On: 

13 Aug 2025 16:09 PM

প্ৰায় ২০০ বছৰ ধৰি ইংৰাজৰ কবলত থকাৰ পাছত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল।  সেই সময়ত ভাৰতৰ দুটা ভাগ হৈ পাকিস্তান জন্ম হৈছিল, আৰু পাছলৈ ১৯৭১ চনত পাকিস্তানৰ পৰা ফালৰি কাটি বাংলাদেশ গঠন হৈছিল। বাংলাদেশ জন্ম দিয়াত শ্বেখ মুজিবৰ ৰহমানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল। বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত ভাৰতৰ অৱদানো অতুলনীয় আছিল। যাৰ বাবে দুই দেশৰ মাজৰ সম্পৰ্ক বছৰ বছৰ ধৰি মজবুত হৈ আছিল। অৱশ্যে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত এই সম্পৰ্কৰ অৱনতি ঘটে।

১৫ আগষ্টৰ দিনটোত ভাৰতত স্বাধীনতা দিৱস পালন কৰা হয়। এই দিনটোতেই বাংলাদেশত এক ডাঙৰ পৰিবৰ্তন হৈছিল। সেই দিনটোতেই ১৯৭৫ চনত নিহত হৈছিল শ্বেইখ মুজিবৰ ৰহমান। ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছিল।

১৯৭৫ চনৰ ১৫ আগষ্ট

সেই সময়ত ভাৰতত জৰুৰীকালীন অৱস্থা চলি আছিল। ১৯৭৫ চনৰ ১৫ আগষ্টত ইন্দিৰা গান্ধী লালকিল্লাৰ পিনে গৈ আছিল। তেওঁ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি তেওঁলোকে হেৰুওৱা স্বাধীনতা ঘূৰাই দিয়াৰ কথা আছিল। সেইদিনা ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাক লৈ কোনো ডাঙৰ ঘোষণা কৰিব লগা আছিল। তেতিয়াই তেওঁৰ প্ৰটকল ছীফে এটা খবৰ দিয়ে যি শুনি তেওঁ স্তম্ভিত হৈ পৰে। তেওঁক কোৱা হৈছিল যে, তেওঁৰ বন্ধু তথা বাংলাদেশৰ ৰাষ্ট্ৰপতিক পৰিয়ালসহ হত্যা কৰা হয়। তেওঁ এয়া CIA ৰ কাম বুলি ভাবিছিল।

স্পেনিছ লিখক জেবিয়ৰ মোৰে ‘দ ৰেড ছৰী’ নামৰ কিতাপখনত ইন্দিৰা গান্ধী সন্দৰ্ভত বহু কথা উল্লেখ কৰিছিল। তেওঁ লিখিছিল- ইন্দিৰা গান্ধীয়ে পুপুল (ইন্দিৰাৰ বান্ধৱী) ক কৈছিল যে তেওঁ ২ মাহৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব বিচাৰে। এই সময়চোৱাত তেওঁ বীচ সূত্ৰীয় কাৰ্যক্ৰম কাৰ্যকৰী কৰিব বিচাৰে যাতে দেশৰ উন্নতি হয়। তেওঁ আৰু লিখে- ইন্দিৰা গান্ধীয়ে ১৫ আগষ্ট ১৯৭৫ চনত সেই স্থানৰ পৰা জৰুৰীকালীন অৱস্থা আঁতৰোৱাৰ কথা ঘোষণা কৰিব বিচাৰিছিল, যি স্থানত ২৮ বছৰ আগত তেওঁৰ পিতৃয়ে ভাষণ দিছিল।

তেওঁ আৰু কয়, ইন্দিৰা গান্ধী লালকিল্লাৰ পিনে গৈ আছিল আৰু তেতিয়াই প্ৰটোকল ছীফে এনে এক খবৰ দিছিল যি শুনি তেওঁ দুখিত হৈ পৰিছিল। তেওঁৰ বন্ধু তথা বাংলাদেশৰ ৰাষ্ট্ৰপতি শ্বেইখ মুজিবৰ ৰহমান, তেওঁৰ পত্নী, তিনি পুত্ৰ, বোৱাৰী আৰু দুইগৰাকী ভতিজীক হত্যা কৰা হৈছিল। তেওঁলোকৰ যাতে বংশধৰ নাথাকে তাৰ বাবে এনে কৰা হৈছিল।

তথ্য অনুসৰি, বাংলাদেশে স্বাধীনতা লাভ কৰাৰ পাছত মুজিবৰ ৰহমানে প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় আৰু ৩ বছৰ চৰকাৰ চলায়। বাংলাদেশৰ প্ৰতিষ্ঠাপক মুজিবৰ ৰহমানক বংগ বন্ধু উপাধি দিয়া হৈছিল। কিন্তু ১৯৭৫ চনৰ ১৫ আগষ্টৰ পুৱা ঢাকাৰ ধানমণ্ডীস্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহত হঠাতে আক্ৰমণ চলে। এই আক্ৰমণ অভ্যুত্থানৰ বাবে সেনাৰ বিদ্ৰোহী গোটটোৱে সংঘটিত কৰিছিল। ইয়াৰ পাছতে শ্বেখ মুজিবৰ ৰহমানৰ লগতে তেওঁৰ পৰিয়ালৰ ৮ জন লোকক হত্যা কৰা হৈছিল। সেই সময়ত তেওঁৰ দুগৰাকী কন্যা নাছিল।

ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছিল। কোৱা হয়, এই সময়চোৱাত ইন্দিৰা গান্ধী আৰু তেওঁৰ পৰিয়ালৰ প্ৰতিও ভাবুকি আহিছিল। এই সময়চোৱাতে ভাৰতৰ জৰুৰীকালীন অৱস্থা ২ বছৰ ধৰি চলিছিল।

 

 

অন্য খবৰ পঢ়কঃ Independence day 2025 Speech: ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ চমু ভাষণ…

লাভ কৰিব শ্ৰীকৃষ্ণৰ আশীৰ্বাদ! কৰক মাত্ৰ এই কাম...
এই ৩ বিধ খাদ্যই দুৰ্বল কৰি তুলিব পাৰে আপোনাৰ যকৃত! জানক সকলো...
জৰায়ুৰ সংক্ৰমণ কিয় হয়? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
বাৰে বাৰে ভোক লাগে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ...