অট্টালিকাৰ ভিতৰত বিধ্বংসী অগ্নিকাণ্ড, ১৭ জন লোকৰ কৰুণ মৃত্যু; আহত কেইবাজনো লোক

জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ আছে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। একে সময়তে আহতসকলক চিকিৎসালয়লৈ নিবলৈ ১০খন এম্বুলেন্স অনা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে, বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইমান চেষ্টাৰ পিছতো জুইত আবদ্ধ হৈ থকা কেইবাজনো লোকক ৰক্ষা কৰিব পৰা নগ’ল।

অট্টালিকাৰ ভিতৰত বিধ্বংসী অগ্নিকাণ্ড, ১৭ জন লোকৰ কৰুণ মৃত্যু; আহত কেইবাজনো লোক

হায়দৰাবাদত বিধ্বংসী অগ্নিকাণ্ড

Updated On: 

18 May 2025 14:55 PM

তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। চাৰমিনাৰ অঞ্চলৰ গুলজাৰ হাউছৰ সমীপৰ এটা অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড । এই ঘটনাত  ১৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হৈছে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। দেওবাৰে পুৱা ৫ৰ পৰা ৬ বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

মৃত্যু হোৱাসকলৰ ভিতৰত শিশুৱো আছিল। ইয়াৰে বহুতৰে বয়স মাত্ৰ ১ বা ২ বছৰ। মৃত্যু হোৱাসকলৰ অধিকাংশই পশ্চিম বংগৰ আৰু ছুটীৰ বাবে হায়দৰাবাদলৈ আহিছিল। প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি আন সকলো নেতাই এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। ইয়াৰ সমান্তৰালকৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰেও ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।

অগ্নিকাণ্ডত মৃত্যু হৈছে ৮ টিকৈ শিশুৰ । তেওঁলোকৰ ভিতৰত এজন আছিল মাত্ৰ ডেৰ বছৰ বয়সৰ।  বাকী কেইজন আছিল ইৰাজ (২ বছৰ), অনুয়ান (৩ বছৰ), আৰুশী (৩), ইদ্দু (৪ বছৰ), ঋষভ (৪), প্ৰিয়ংশ (৪ বছৰ) আৰু মাত্ৰ ৭ বছৰীয়া হামে। বৰ্তমান তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা গৃহত ৰখা হৈছে।

অট্টালিকাটোত স্থাপন কৰা এচিৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। সম্প্ৰতি সেই স্থানতে জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ আছে ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। একে সময়তে আহতসকলক চিকিৎসালয়লৈ নিবলৈ ১০খন এম্বুলেন্স অনা হৈছে। অগ্নিনিৰ্বাপক বাহিনীৰ মতে, বহু কষ্টৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। কিন্তু ইমান চেষ্টাৰ পিছতো জুইত আবদ্ধ হৈ থকা কেইবাজনো লোকক ৰক্ষা কৰিব পৰা নগ’ল।

১৪ জন লোকক উদ্ধাৰ

অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ মতে, এই অট্টালিকাটোত এতিয়াও চাৰিটা পৰিয়ালৰ কেইবা ডজন লোক আবদ্ধ হৈ আছে। বৰ্তমানলৈকে উদ্ধাৰ হোৱাসকলৰ ভিতৰত আছে তিনিটা শিশুকে ধৰি ১৪জন লোক। জুই জাহ গৈছে সকলোবোৰ। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ মতে এই অট্টালিকাটোত ৩০ জনতকৈ অধিক লোকে বাস কৰিছিল। বেছিভাগেই আছিল ভাড়াতীয়া।

আৰক্ষীৰ সূত্ৰ মতে, অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণৰ বিচাৰি এতিয়াও তদন্ত অব্যাহত আছে। এতিয়ালৈকে পোৱা তথ্য অনুসৰি নিশা গৰমৰ বাবে অট্টালিকাটোত থকা সকলো এচি চলি আছিল। যাৰ বাবেই ঘৰৰ তাঁৰবোৰ গৰম হৈ পৰিল। এই তাঁৰত জুই লাগি তাৰ পৰা ওলোৱা স্ফুলিংগটোৱে অলপ সময়ৰ ভিতৰতে ভয়ংকৰ ৰূপ ল’লে। স্থানীয় ৰাইজৰ মতে, জুই ইমান দ্ৰুতগতিত বিয়পি পৰে যে মানুহে দৌৰি ওলাই অহাৰ সুযোগো নাপালে।

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…