প্ৰথমে ল’লে ছেলফি! পাছত স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড, থাকি গ’ল ৩ বছৰীয়া কনমানি…

জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিলে এহাল দম্পতীয়ে। মৃত্যুৰ পূৰ্বে তেওঁলোকে এটা ভিডিঅ' প্ৰস্তুত কৰে। য'ত তেওঁলোকে লোৱা সিদ্ধান্তৰ কাৰণ উল্লেখ কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰথমে ললে ছেলফি! পাছত স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড, থাকি গল ৩  বছৰীয়া কনমানি...

স্বামী-স্ত্ৰী

Published: 

30 Oct 2025 10:43 AM

পুনৰ পোহৰলৈ আহিছে এক মৰ্মান্তিক ঘটনা। এহাল দম্পতীয় গ্ৰহণ কৰিলে জীৱনৰ চৰম সিদ্ধান্ত। মৃত্যুৰ পূৰ্বে দুয়ো এটা ভিডিঅ’ প্ৰস্তুত কৰে, য’ত এজন যুৱকক এই কাণ্ডৰ বাবে দোষাৰোপ কৰে। ভিডিঅ’টোত কয় যে, যুৱকজনে তেওঁলোকক বহু হাৰাশাস্তি কৰিছে, যাৰ বাবে জীয়াই থাকিব নিবিচাৰে। তাৰ পাছতে দুয়ো বিহপান কৰি জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাত।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহ দুটা এলুৰু জিলাৰ ভীমাদোল গাঁৱৰ বাসিন্দা গুণ্ডুমোলু সুধাকৰ আৰু তেওঁৰ পত্নীৰ বুলি চিনাক্ত হৈছে। দম্পতীহালৰ পৰিয়ালে ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।

জানিব পৰা মতে, ৫ বছৰ আগতে দুয়োৰে প্ৰেম বিবাহ হৈছিল। বিয়াৰ পাছত সকলো ঠিকেই চলি আছিল। গুণ্ডুমোলু সুধাকৰে এটা চিমেন্ট কাৰখানাত কাম কৰিছিল। ইয়াৰ মাজতে তেওঁৰ পত্নীৰ চিনাকী হয় কটাৰী মোহন নামৰ এজন লোকৰ সৈতে। প্ৰথমে দুয়োৰে মাজত বন্ধুত্ব হৈছিল যদিও পাছলৈ ই প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়। পত্নীৰ সলনি হোৱা আচৰণক লৈ প্ৰায়ে সন্দেহ হৈছিল স্বামীৰ। যেতিয়া এই সন্দৰ্ভত গুণ্ডুমোলু সুধাকৰে পত্নীক সোধা পোছা কৰে তেতিয়া উত্তেজনা বৃদ্ধি পায়।

মৃত্যুৰ পূৰ্বে ভিডিঅ’

ইয়াৰ মাজতে প্ৰায় ১৫ দিন পূৰ্বে নিৰুদ্দেশ হৈছিল মহিলাগৰাকী। স্বামীয়ে পত্নীৰ বিচাৰ খোচৰ কৰি গম পাই যে তেওঁ প্ৰেমিকৰ সৈতে পলায়ন কৰিছে। কিছুদিন পাছতে মহিলাগৰাকী পুনৰ স্বামীৰ ওচৰলৈ ঘূৰি আহে। কিন্তু তেতিয়ালৈকে স্বামীৰ মানসিক স্বাস্থ্য বেয়া হৈ গৈছিল। যাৰ বাবে দুয়ো জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃত্যুৰ পূৰ্বে তেওঁলোকে ইয়াৰ কাৰণ উল্লেখ কৰে। আনকি দুয়ো ছেলফিও উঠে।

ভিডিঅ’টোত দুয়ো উল্লেখ কৰিছে যে, দুয়ো আৰু জীয়াই থাকিব নিবিচাৰে। মহিলাগৰাকীয়ে মৃত্যুৰ বাবে প্ৰেমিক মোহনক জগৰীয়া কৰে। মহিলাগৰাকীয়ে কয় যে, মোহনে তেওঁক প্ৰলোভিত কৰি প্ৰেমৰ জালত পেলাইছিল। ইয়াৰ পাছত দুয়ো বিহপান কৰে। লগে লগে দুয়োকে হাস্পাতাললৈ নিয়া হয় যদিও সোমবাৰে মহিলাগৰাকীৰ আৰু মঙলবাৰ (২৮ অক্টোবৰ)য়ে স্বামীৰ মৃত্যু হয়। এই ঘটনাৰ ফলত অনাথ হৈ পৰে দুয়োৰে তিনিবছৰীয়া পুত্ৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান মোহনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ আজি অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৮১ জনে, ঘূণীয় হৈ ৰ’ল বহুতো…

কেঁচা পিঁয়াজৰ উপকাৰী গুণসমূহ জানেনে? জানক সকলো...
কেৱল ৰোহিত শৰ্মাই নহয়, আইচিচি ৰেংকিঙৰ শীৰ্ষত আছে এইকেইজন ভাৰতীয় খেলুৱৈ
কি ভিটামিনৰ অভাৱত হাড়ৰ বিষ হয়? জানক...
হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে এই ৫ টা অভ্যাসে, জানক সকলো...