পত্নীৰ অত্যাচাৰত প্ৰাণ গ’ল স্বামীৰ! মৃত্যুৰ পূৰ্বে বনালে ভিডিঅ’, সৰ্বত্ৰে ভাইৰেল…
পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। এজন যুৱকৰ মৃত্যুৰ পাছত ভাইৰেল হোৱা ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

স্বামী-স্ত্ৰী
পুনৰ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড। এজন যুৱকৰ মৃত্যু হোৱাৰ পাছতেই তেওঁৰ পৰিয়ালে হত্যাৰ অভিযোগ উত্থাপন কৰিছে শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে। মৃত্যু হোৱা যুৱকজন অনন্ত ওৰফে ছোটু বুলি চিনাক্ত হৈছে। অনন্তৰ পৰিয়ালে জানিব দিয়া মতে, তেওঁৰ পুত্ৰৰ প্ৰেম বিবাহ হৈছিল। বিয়াৰ পাছত তেওঁ শহুৰেকৰ ঘৰক ধাৰলৈ বুলি ৬ লাখ টকা দিছিল। কিন্তু নিজক টকাৰ প্ৰয়োজন হোৱাত সেই টকা ঘূৰাই বিচাৰি আছিল। এই সকলোবোৰৰ মাজতে এতিয়া অনন্তৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰত।
অনন্তৰ মৃত্যুৰ পাছত তেওঁৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ কৈছে যে, “মোৰ পত্নীয়ে মোক বিহ খুৱাইছে। মোৰ মৃত্যুৰ বাবে পত্নী কীৰ্তি মিশ্ৰ, মোৰ শাহু, পত্নীৰ ফালৰ ককা-আইতা, মামা-মামী দায়ী। এওঁলোকে মোৰ পৰা টকা লৈ ঘূৰাই নিদিলে। ইয়াৰ সলনি মোৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিছে”। অন্য এটা ভিডিঅ’ত অনন্তই পত্নীক দেখুৱাই কয় যে,” ঠিক আছে কীৰ্তি, আজি মই এই পৃথিৱীৰ পৰা বিদায় লম। এতিয়া তোমালোক সুখী হ’বানে। ঠিক আছে, এতিয়া এটা কাম কৰো। যোৱা ৫ বছৰত মই তোমাৰ ওপৰত খৰচ কৰা ৬ লাখ টকা ঘূৰাই দিয়া”।
এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে এই ঘটনাৰ বাবে ন্যায়ৰ দাবী জনাইছে। ঘটনা সন্দৰ্ভত অনন্তৰ পিতৃয়ে বোৱাৰীয়েকৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে, মোৰ বোৱাৰীয়ে বাৰে বাৰে টকা খুজি পুত্ৰক অশান্তি দি থাকে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, সোমবাৰ (১ছেপ্টেম্বৰ)য়ে পুৱা অনন্তই পত্নীৰ ঘৰলৈ গৈ পাবলগীয়া টকা বিচাৰি আছিল। কিন্তু তেওঁলোকে টকা দিয়া নাছিল। তাৰ কিছুসময় পাছতেই অনন্তৰ পত্নীয়ে শহুৰেকক ফোন কৰি কয় যে আপোনাৰ ল’ৰাই বিহ পান কৰিছে, ইয়াৰ পৰা লৈ যাওক। লগে লগে অনন্তৰ পৰিয়ালে ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰক উদ্ধাৰ কৰি হাস্পাতাললৈ লৈ যায়। কিন্তু পৰৱৰ্তী সময়ত অনন্তই মৃত্যুক সাৱতি লয়।
অনন্তৰ পৰিয়ালে অভিযোগ কৰিছে যে, কীৰ্তিয়ে এই কাণ্ড সংঘটিত কৰিছে। গতিকে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জানিব পৰা মতে, অনন্তৰ পত্নীয়ে এটা ভাড়াঘৰত নিজ পৰিয়ালৰ সৈতে আছিল। এই সমগ্ৰ ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ আফগানিস্তানত ধ্বংসলীলা! ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৮০০লৈ বৃদ্ধি, আহত ২৫০০ ৰো অধিক…