পহলগামৰ প্ৰতিশোধ কেনেকৈ ল’লে ভাৰতে? ১ মিনিটতে জানক পাকিস্তানত চলোৱা অপাৰেচন সেন্দূৰৰ বিষয়ে

পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে পাকিস্তান আৰু PoK ত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে, যাৰ নাম অপাৰেচন সেন্দূৰ ৰখা হৈছে। মঙলবাৰে মাজ নিশা তিনিওটা বাহিনীৰ যৌথ অভিযানত ৯টা স্থানত আক্ৰমণ চলায়। এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ১ মিনিটত জানো আহক অপাৰেচন সেন্দূৰৰ সবিশেষ।

পহলগামৰ প্ৰতিশোধ কেনেকৈ ল’লে ভাৰতে? ১ মিনিটতে জানক পাকিস্তানত চলোৱা অপাৰেচন সেন্দূৰৰ বিষয়ে

১ মিনিটতে জানক পাকিস্তানত চলোৱা অপাৰেচন সেন্দূৰৰ বিষয়ে

Published: 

07 May 2025 | 09:01 AM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণকলৈ পাকিস্তানৰ ওপৰত প্ৰতিশোধ লৈছে ভাৰতে। মঙলবাৰে মাজ নিশা সংঘটিত হয় এই আক্ৰমণ। দেশৰ তিনিওটা সেনাই যৌথ অভিযানত ৯টা স্থানত আক্ৰমণ চলায়। এই অভিযানক অপাৰেচন সেন্দূৰ নাম দিয়া হৈছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে বুলি তথ্য পোহৰলৈ আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই নিশা অপাৰেচন সেন্দূৰৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰাখিছিল। থোৰতে জানো আহক ‘অপাৰেচন সেন্দূৰ’ৰ বিষয়ে…

  • পুৱতি নিশা প্ৰায় ১ বজাত আক্ৰমণৰ তথ্য পোহৰলৈ আহে।
  • কেইবাজনো প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মঙলবাৰে মাজনিশাৰ পিছত মুজাফ্ফৰাবাদ চহৰৰ আশে-পাশে থকা পাহাৰৰ সমীপত কেইবাটাও জোৰকৈ বিস্ফোৰণৰ শব্দ শুনা যায়। বিস্ফোৰণৰ শব্দৰ পিছত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।
  • ইয়াৰ কিছু সময়ৰ পাছতে পাকিস্তান সেনাৰ পৰা এটা বিবৃতি আহে। ভাৰতৰ এই কাৰ্যৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁ কয়।
  • আনুষ্ঠানিক তথ্য আহিছিল যে ভাৰতে পাকিস্তান আৰু PoK ত এই আক্ৰমণ সংঘটিত কৰিছে। ইয়াৰ নাম ৰখা হৈছে অপাৰেচন সেন্দূৰ। মুঠ ৯টা স্থানত আক্ৰমণ কৰে।
  • পুৱতি নিশা ১.৪৫ বজাত – পাকিস্তানৰ ডন নিউজৰ প্ৰতিবেদন অনুসৰি আন্তঃসেৱা জনসংযোগৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে কয় যে, ভাৰতে কোটলী, বাহাৱালপুৰ আৰু মুজাফ্ফৰাবাদত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে।
  • পুৱা ৪.১৩ বজাত – তিনিওটা সেনা বাহিনী, ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাক এই আক্ৰমণত ব্যৱহাৰ কৰা হয়। ইয়াত নিখুঁত আক্ৰমণৰ অস্ত্ৰ ব্যৱস্থা ব্যৱহাৰ কৰা হৈছিল।
  • পুৱা ৪.৩২ বজাতঃ ভাৰতীয় আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ এন এছ এ আৰু আই এছ আইৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল অসীম মালিকৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই।
  • পুৱা ৪.৩৫ বজাতঃ ভাৰতীয় আক্ৰমণৰ পিছত পাকিস্তানলৈ যোৱা বহু বিমান বাতিল।
  • পুৱা ৫.০৪ বজাত – আক্ৰমণ কৰা ৯টা স্থানৰ ভিতৰত চাৰিটা পাকিস্তানত আৰু ৫টা পাকিস্তানে দখল কৰা কাশ্মীৰত। পাকিস্তানত থকা ঘাটিসমূহৰ ভিতৰত আছে বাহাৱালপুৰ, মুৰিদকে আৰু ছিয়ালকোট।
  • পুৱা ৫.২৭ বজাতঃ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ’ই কয় যে আমি ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো। আমেৰিকাই আশা কৰিছে যে, ই অতি সোনকালে অন্ত পৰিব।
  • পুৱা ৫.৪৫ বজাতঃ পাকিস্তানলৈ যোৱা সকলো বিমান বাতিল কৰিলে কাটাৰ এয়াৰৱেজে।
  • পুৱা ৬.০০ বজাত- পাকিস্তানে পুনৰবাৰ যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পুঞ্চ-ৰাজৌৰী খণ্ডৰ ভীম্বাৰ গালি অঞ্চলত গুলীচালনা কৰিছে।
  • পুৱা ৬.০৮ বজাত- অপাৰেচন সিন্দৰৰ লগত জড়িত সকলো ভাৰতীয় পাইলট আৰু যুঁজাৰু বিমান নিৰাপদে ঘাটিলৈ উভতি আহিল।
  • পুৱা ৬.১৪ বজাত- পাকিস্তানে নিজৰ আকাশমাৰ্গ বন্ধ কৰে।

৯ টা স্থানত আক্ৰমণ

লক্ষ্য সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান:

  • বাহাৱালপুৰ আন্তৰ্জাতিক সীমান্তৰ ভিতৰত প্ৰায় ১০০ কিলোমিটাৰ নিলগত অৱস্থিত, জইছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয়
  • মুৰিদকে চাম্বাৰ সীমান্তৰ ভিতৰত ৩০ কিলোমিটাৰত লস্কৰ-ই-টাইবা শিবিৰ। ২৬/১১ মুম্বাই আক্ৰমণৰ সন্ত্ৰাসবাদী ইয়াৰ পৰাই হৈছিল।
  • পুঞ্চ-ৰাজৌৰীৰ পৰা LoC ৰ ভিতৰত ৩৫ কিলোমিটাৰ দূৰত্বত গুলপুৰ। ২০২৩ চনৰ ২০ এপ্ৰিলত পুঞ্চত সংঘটিত আক্ৰমণ আৰু ২০২৪ চনৰ জুন মাহত যাত্ৰীবাহী বাছত সংঘটিত আক্ৰমণৰ শিপা ইয়াতেই আছে।
  • PoJK ৰ টাংগধৰ ছেক্টৰৰ ভিতৰত ৩০ কিলোমিটাৰ দূৰত্বত লস্কৰ কেম্প ছাৱাই।
  • বিলাল কেম্প হৈছে জয়ছ-ই-মহম্মদৰ লঞ্চপেড
  • লস্কৰ কোটলি কেম্প ৰাজৌৰীৰ বিপৰীতে LoC ৰ ভিতৰত ১৫ কিলোমিটাৰ। লস্কৰৰ বোমা বিস্ফোৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ, ৫০ জন সন্ত্ৰাসবাদীৰ ক্ষমতা।
  • বৰ্ণালা কেম্প ৰাজৌৰীৰ বিপৰীতে LoC ৰ ভিতৰত ১০ কিলোমিটাৰ
  • ছাৰ্জল কেম্প জৈছ কেম্প, সাম্বা-কথুৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত ৮ কিলোমিটাৰ
  • আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত ১৫ কিলোমিটাৰ দূৰত্বত থকা মেহমুনা কেম্প, ছিয়ালকোটৰ ওচৰত, হিজবুল মুজাহিদীনৰ প্ৰশিক্ষণ কেন্দ্ৰ
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...