ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা, বিপৰীতে বৃদ্ধি মুছলিম, খ্ৰীষ্টান আদি…

ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা। ইয়াৰ বিপৰীতে বৃদ্ধি হৈছে মুছলিম লোকৰ সংখ্যা। তথ্য অনুসৰি ভাৰতত হিন্দুৰ জনসংখ্যা ৭.৮২ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছে।

ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা, বিপৰীতে বৃদ্ধি মুছলিম, খ্ৰীষ্টান আদি...

প্ৰতিনিধিত্বমূলক ছবি

Edited By: 

Monjit Dutta | Updated On: 13 May 2025 | 07:13 PM

ভাৰতত হ্ৰাস পাইছে হিন্দু লোকৰ সংখ্যা। ইয়াৰ বিপৰীতে বৃদ্ধি হৈছে মুছলিম লোকৰ সংখ্যা। তথ্য অনুসৰি ভাৰতত হিন্দুৰ জনসংখ্যা ৭.৮২ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান লোকৰ সংখ্যা বৃদ্ধি পাইছে।

চৰকাৰী পেনেলে ৬৫ বছৰীয়া এক অধ্যয়ন চলাইছিল। এই অধ্যয়নতেই প্ৰকাশ পাইছে তথ্য।  কেৱল ভাৰততে নহয় নেপালতো হ্ৰাস পাইছে হিন্দুলোকৰ সংখ্যা হ্ৰাস পাইছে। চৰকাৰী পেনেলৰ গৱেষণা  অনুসৰি মুছলমান সংখ্যাগৰিষ্ঠ দেশ পাকিস্তান আৰু বাংলাদেশত মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে। বাংলাদেশত মুছলমানৰ জনসংখ্যা ১৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে পাকিস্তানত এই সংখ্যা ১০ শতাংশলৈ বৃদ্ধি পাইছে।

এই অধ্যয়নত ১৯৫০ চনৰ পৰা ২০১৫ চনৰ ভিতৰত ভাৰতৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ বিষয়ে তথ্য প্ৰদান কৰিছে। এই তথ্য মতে এফালে ভাৰতত হিন্দুৰ সংখ্যা কমিছে, আনফালে সংখ্যালঘু মুছলমান, খ্ৰীষ্টান আৰু শিখৰ সংখ্যা বৃদ্ধি পাইছে।

 

কি আছে তথ্যত

তথ্য অনুসৰি ভাৰতত মুছলমানৰ জনসংখ্যা ৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ বাহিৰেও খ্ৰীষ্টানৰ  ৫.৩৮ শতাংশ, শিখৰ ৬.৫৮ শতাংশ বৃদ্ধি পাইছে। অধ্যয়ন অনুসৰি ১৯৫০ চনত মুছলমান জনসংখ্যা ৯.৮৪% আছিল, যিটো ২০১৫ চনত ১৪.০৯% লৈ বৃদ্ধি পায়। এই সময়ছোৱাত হিন্দুৰ জনসংখ্যা ৮৪.৬৮%ৰ পৰা ৭৮.০৬%লৈ হ্ৰাস পাইছে। ম্যানমাৰৰ পিছত ভাৰতত সৰ্বাধিক হ্ৰাস পাইছে হিন্দু জনসংখ্যা। আনকি ম্যানমাৰতো হিন্দুৰ জনসংখ্যা ১০% হ্ৰাস পাইছে। ১৬৭ খন দেশত কৰা সমীক্ষাত এয়া সৰ্বাধিক।

ইয়াৰোপৰি মালদ্বীপৰ বাহিৰে ভাৰত উপমহাদেশৰ বিভিন্ন অঞ্চলত মুছলিম লোকৰ সংখ্যা বৃদ্ধি পাইছে। বাংলাদেশত সৰ্বাধিত ১৮ শতাংশ বৃদ্ধি পাইছে মুছলিম লোকৰ সংখ্যা।

পাকিস্তানত ১০ শতাংশ বৃদ্ধি পোৱা দেখা গৈছে মুছলমানৰ সংখ্যা। নেপালৰ তিনিটা প্ৰধান ধৰ্মৰ ভিতৰত গৰিষ্ঠসংখ্যক হিন্দু জনসংখ্যাৰ  ৪ শতাংশ হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে বৌদ্ধ জনসংখ্যাৰ  ৩ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ২ শতাংশ বৃদ্ধি পাইছে।

নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? এই বিৰক্তিকৰ সমস্যাৰ আঁৰত আপোনাৰেই এইসমূহ ভুল!
Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি