অযোধ্যাত পৰাস্ত কৰি বিজেপিক শিক্ষা দিলে ভগৱানে! ৰাহুল গান্ধীৰ তীৰ্যক মন্তব্য

হাৰিয়ানাত এক নিৰ্বাচনী সভাত আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লয়। গত লোকসভা নিৰ্বাচনত অযোধ্যা সমষ্টিত বিজেপিৰ পৰাজয়ৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে ইয়াৰ দ্বাৰা বিজেপিক ভগৱানে শিক্ষা দিয়া বুলি দাবী কৰে।

অযোধ্যাত পৰাস্ত কৰি বিজেপিক শিক্ষা দিলে ভগৱানে! ৰাহুল গান্ধীৰ তীৰ্যক মন্তব্য

হাৰিয়ানাত ৰাহুল গান্ধী

Published: 

26 Sep 2024 17:58 PM

কাষ চাপি আহিছে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন। দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কংগ্ৰেছ নেতা তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। আজি হিছাৰ জিলাৰ বৰৱালা অঞ্চলত এক নিৰ্বাচনী সভাত অংশ লয় কংগ্ৰেছ নেতাগৰাকীয়ে। এই সভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। নিজ ভাষণত ৰাহুল গান্ধীৰ দাবী, লোকসভা নিৰ্বাচনত ভগৱানে প্ৰধানমন্ত্ৰী মোদীক শিক্ষা দিছিল আৰু সেই সূত্ৰেই উত্তৰ প্ৰদেশৰ অযোধ্যাত বিজেপিৰ প্ৰাৰ্থীক অৱধেশ প্ৰসাদে পৰাস্ত কৰিছিল।

মোদীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, “আপোনালোকে আজিকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখখন দেখিছেনে? আগতে তেওঁ ৫৬ ইঞ্চি বুকুৰ বুলি দাবী কৰিছিল আৰু এতিয়া তেওঁ কয় যে তেওঁৰ ঈশ্বৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে।” সম্প্ৰতি প্ৰধানমন্ত্ৰী মোদী বৰ অস্থিৰ হৈ পৰিছে বুলি কটাক্ষ কৰি ৰাহুল গান্ধীয়ে লগতে অযোধ্যাত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি ভগৱানে মোদীক লোকসভা নিৰ্বাচনত এক পাঠ শিকাইছিল বুলি মন্তব্য কৰে।

অযোধ্যাত বিজেপিৰ পৰাজয়ৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, “অযোধ্যাত বিজেপিৰ পৰাজয় কিয় হ’ল? কাৰণ তাত আম্বানী, আদানী আৰু বলীউডৰ তাৰকাসকলক দেখা গৈছিল। কিন্তু তাত কোনো দুখীয়া মানুহ আৰু কৃষক দেখিছিল নেকি? সেইবাবেই অৱধেশ প্ৰসাদৰ হাতত বিজেপি পৰাস্ত হৈছিল।” কংগ্ৰেছ নেতাগৰাকীয়ে সমান্তৰালকৈ হাৰিয়ানাৰ সামাজিক-ৰাজনৈতিক বিষয়তো বিজেপিক তীক্ষ্ণ আক্ৰমণ কৰে।

তেওঁৰ দাবী হাৰিয়ানাৰ কৃষকৰ পৰা তেওঁলোকৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। কৃষকসকলে কঠোৰ পৰিশ্ৰম কৰি দেশক খাদ্য যোগান ধৰে যদিও শস্যৰ সঠিক মূল্য নাপায়। বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিলে কৃষকসকলক এম এছ পি দিয়া হ’ব বুলি ঘোষণা কৰে ৰাহুল গান্ধীয়ে। ৰাজ্যখনত বৃদ্ধি পোৱা নিবনুৱা সমস্যা সন্দৰ্ভতো তেওঁ বিজেপি চৰকাৰক আক্ৰমণ কৰে।

কৰ্মসংস্থাপনৰ অভাৱত হাৰিয়ানাৰ যুৱক-যুৱতীসকল আমেৰিকাৰ ডালাছলৈ সংস্থাপনৰ আশাত যায় বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে লগতে তেওঁৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত তেনে এগৰাকী যুৱকৰ পৰা শুনা কাহিনীও বাখ্যা কৰে। হাৰিয়ানাৰ পৰা আমেৰিকালৈ যাবলৈ তেওঁলোকে বহু টকা অধিক সুতত ঋণ লোৱা বুলি উল্লেখ কৰি তেওঁ লগতে সাধাৰণ জনতাৰ ঋণ ৰেহাই দিয়া নহয় অথচ আদানীৰ ১৬ লাখ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে।

ৰাহুল গান্ধীয়ে লগতে হাৰিয়ানাত ড্ৰাগছৰ সমস্যা বৃদ্ধি পাইছে বুলি উদ্বেগ প্ৰকাশ কৰে। গুজৰাটৰ আদানীৰ বন্দৰত হাজাৰ হাজাৰ কিলো ড্ৰাগছ উদ্ধাৰ হোৱাৰ পিছতো কাৰোবাক শাস্তি দিয়া হ’ল নেকি বুলি প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই