পেচাত চিকিৎসক, আঁৰত সন্ত্ৰাসবাদী! ISIS ৰ প্ৰশিক্ষিত ৩ জনক গ্ৰেপ্তাৰ, কৰিছিল ভয়ংকৰ পৰিকল্পনা…

এটিএছে বিফল কৰিলে সন্ত্ৰাসবাদীৰ ভয়ংকৰ পৰিকল্পনা। শেহতীয়াকৈ আইছিচৰ সৈতে জড়িত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে কেইবাজনো। বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

পেচাত চিকিৎসক, আঁৰত সন্ত্ৰাসবাদী! ISIS ৰ প্ৰশিক্ষিত ৩ জনক গ্ৰেপ্তাৰ, কৰিছিল ভয়ংকৰ পৰিকল্পনা...

অভিযুক্ত

Published: 

10 Nov 2025 12:36 PM

এক ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিল দেশবাসী! শেহতীয়াকৈ আৰক্ষী আৰু তদন্তকাৰী সংস্থাই উন্মোচন কৰিছে সন্ত্ৰাসবাদীৰ এক বৃহৎ ষড়যন্ত্ৰ। আইছিছৰ সৈতে জড়িতৰ অভিযোগত শেহতীয়াকৈ ATS য়ে গ্ৰেপ্তাৰ কৰিছে ৩ সন্ত্ৰাসবাদীক। ধৃতকেইজন ক্ৰমে- ডাঃ মহিউদ্দিন চৈয়দ,মহম্মদ চুহেল আৰু আজাদ। ইয়াৰে দুজন উত্তৰ প্ৰদেশৰ আৰু এজন হায়দৰাবাদৰ বাসিন্দা। এটিএছে তেওঁলোকৰ পৰা দুটা গ্লক পিষ্টল, এটা বেৰেটা পিষ্টল, ৩০টা সজীৱ কাৰ্টিজ, আৰু ৪ লিটাৰ কেষ্টাৰ অইল উদ্ধাৰ কৰে।

অস্ত্ৰ বিনিময় কৰাৰ সময়তে ধৰা পৰে আটাইকেইজন। বৰ্তমান সন্ত্ৰাসবাদী কেইটাৰ জেৰা চলাই এটিএছে অধিক তথ্য বাহিৰ কৰিবলৈ চেষ্টা কৰি আছে। সূত্ৰ অনুসৰি জানিব পৰা মতে, সন্ত্ৰাসবাদী কেইজনে লক্ষ্ণৌৰ RSS ৰ কাৰ্যালয়ত নজৰ ৰাখিছিল আৰু দিল্লীৰ আজাদপুৰ মণ্ডীৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিছিল। তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে যে, সন্ত্ৰাসবাদীসকলৰ এটা ডাঙৰ নেটৱৰ্ক আছে, যাৰ ভিতৰত বহু শ্লিপাৰ চেল আছে।

এই ৩ সন্ত্ৰাসবাদী ১ বছৰ ধৰি গুজৰাট এটিএছৰ ৰাডাৰত আছিল। তেওঁলোকৰ বয়স প্ৰায় ৩০ ৰ পৰা ৩৫ বছৰৰ ভিতৰত। তিনিওজন প্ৰশিক্ষিত আইছিছ সন্ত্ৰাসবাদী। অস্ত্ৰ বিনিয়ম কৰিবলৈ অহাৰ সময়তে গুজৰাট এটিএছে তিনিওকে গ্ৰেপ্তাৰ কৰে।

ভয়ংকৰ পৰিকল্পনা

এই সন্ত্ৰাসবাদী কেইজনে দেশত ভয়ংকৰ কূটঘাটমূলক পৰিকল্পনা কৰাৰ সন্দেহ কৰা হৈছে। কিন্তু তিনিওকে গ্ৰেপ্তাৰ কৰাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ বিফল হয়।

ইফালে  হাৰিয়ানা আৰক্ষী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুজনক। ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদীজন ডাঃ মুজাম্মিলক বুলি চিনাক্ত হৈছে। তেওঁৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰিছে প্ৰায় ৩৬০ কিলোগ্ৰাম সন্দেহযুক্ত এমোনিয়াম নাইট্ৰেট। এই গোচৰত তিনিগৰাকী চিকিৎসকৰ নাম পোহৰলৈ আহিছে। ইয়াৰে দুজন ডাঃ আদিল আহমেদ ৰাথেৰ (অনন্তনাগৰ বাসিন্দা) আৰু মুজাম্মিল শ্বাকিল (পুলৱামাৰ বাসিন্দা)। ইফালে আন এজনক বৰ্তমান পলাতক হৈ আছে।

 

অন্য খবৰ পঢ়কঃ চাকৰি পাবা, কেৱল মোক ৪০ হাজাৰ টকা আৰু…যুৱকৰ অশ্লীল প্ৰস্তাৱ শুনি হতবাক মহিলা…

চিৰাজৰ দৰেই DSP হ’ল এই দুগৰাকী বিশ্বজয়ী ক্ৰিকেটাৰ, ৰাজ্য চৰকাৰে দিলে নিযুক্তি
কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? চিকিৎসকৰ পৰা জানক...
কোনবোৰ চৰাই দেখাটো শুভ সংকেত? জানক...
জীৱনলৈ আহিব দুৰ্দশা! কেতিয়াও উপহাৰ নিদিব এই ৫ বিধ বস্তু...