৫৮ বছৰীয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ! চৰকাৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব RSS ৰ কাম-কাজত

১৯৬৬ চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে চৰকাৰী কৰ্মচাৰীক আৰ এছ এছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। লগতে শাস্তিৰ ব্যৱস্থাও আছিল। অৱসৰৰ পাছত একাংশ কৰ্মচাৰীয়ে পেঞ্চনৰ কথা মনত ৰাখি আৰ এছ এছত যোগদান কৰাৰ পৰা বিৰত আছিল।

৫৮ বছৰীয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ!  চৰকাৰী কৰ্মচাৰীয়ে  অংশগ্ৰহণ কৰিব পাৰিব RSS ৰ কাম-কাজত

মোদী-মোহন ভাগৱত

Published: 

22 Jul 2024 10:32 AM

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত চলি থকা বিবাদৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে যোগদান কৰিব পাৰিব আৰ এছ এছত। ডিপাৰ্টমেন্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং বিভাগে এক নিৰ্দেশনা জাৰি কৰি RSS ৰ সকলো কাম-কাজত চৰকাৰী কৰ্মচাৰীৰ অংশগ্ৰহণৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।  জানিব পৰা মতে পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰে আদেশত চৰকাৰী কৰ্মচাৰীসকলক আৰ এছ এছৰ শখা আৰু অন্যান্য কাম-কাজত জড়িত থকাৰ বাবে কঠোৰ শাস্তিমূলক বিধান আৰোপ কৰিছিল।

আগৰ কংগ্ৰেছ চৰকাৰে আৰ এছ এছৰ কাম- কাজত চৰকাৰী কৰ্মচাৰীৰ অংশগ্ৰহণত নিষেধাজ্ঞা জাৰি কৰিছিল। লগতে আৰ এছ এছৰ শাখা আৰু অন্যান্য কাম- কাজত জড়িত থকাসকলৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থাও কৰিছিল। এই আদেশ এতিয়া সংশোধন কৰে কেন্দ্ৰীয় চৰকাৰে।

পূৰ্বৰ চৰকাৰৰ আদেশৰ বাবে বহু চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পাছতো আৰ এছ এছত যোগদান কৰাৰ পৰা আঁতৰি আছিল। ইয়াৰ মাজতে মধ্য প্ৰদেশৰ লগতে বহু ৰাজ্যৰ চৰকাৰে এই নিৰ্দেশ বাতিল কৰিছিল যদিও কেন্দ্ৰৰ সিদ্ধান্ত সলনি হোৱা নাছিল। অৱশেষত কেন্দ্ৰইও এই নিষেধাজ্ঞা আঁতৰ কৰিলে। কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশৰ জৰিয়তে ৫৮ বছৰীয়া আৰ এছ এছৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে।

ইয়াৰ লগে লগে এতিয়া ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ লগতে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱচিয়েও ইয়াৰ বিৰোধিতা কৰে। তেওঁ কয় যে, এই সিদ্ধান্ত ভাৰতৰ অখণ্ডতা আৰু একতাৰ বিৰোধী। সাংসদগৰাকীয়ে টুইট কৰি কয় যে,  এই  স্মাৰকপত্ৰখনে এয়া কৈছে  যে চৰকাৰে আৰ এছ এছৰ কাম-কাজত চৰকাৰী কৰ্মচাৰীৰ অংশগ্ৰহণৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে। যদি এই কথা সঁচা, তেন্তে ভাৰতৰ অখণ্ডতা আৰু ঐক্যৰ বিৰোধী। সংবিধান, জাতীয় পতাকা আৰু জাতীয় সংগীত মানি ল’বলৈ অস্বীকাৰ কৰাৰ বাবে আৰ এছ এছ নিষিদ্ধ কৰা হৈছে। প্ৰতিজন RSS সদস্যই হিন্দুত্ববাদক জাতিৰ ওপৰত ৰখাৰ শপত গ্ৰহণ কৰে। যদি কোনো চৰকাৰী কৰ্মচাৰী আৰ এছ এছৰ সদস্য হয় তেন্তে তেওঁ জাতিৰ প্ৰতি আনুগত্যশীল হ’ব নোৱাৰে।

 

উল্লেখ্য যে,  ১৯৬৬ চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে চৰকাৰী কৰ্মচাৰীক আৰ এছ এছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। লগতে শাস্তিৰ ব্যৱস্থাও আছিল। অৱসৰৰ পাছত একাংশ কৰ্মচাৰীয়ে পেঞ্চনৰ কথা মনত ৰাখি আৰ এছ এছত যোগদান কৰাৰ পৰা বিৰত আছিল। এতিয়াৰ পৰা এই ক্ষেত্ৰত সকাহ পালে চৰকাৰী কৰ্মচাৰীয়ে।

Related Stories
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!