বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৩০ দিন ছুটীঃ কেন্দ্ৰীয় মন্ত্ৰী

চৰকাৰী কৰ্মচাৰীৰ ছুটী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা। বহু কৰ্মচাৰীয়ে ছুটীৰ অভাৱত পিতৃ-মাতৃৰ ভালদৰে যত্ন ল'ব নোৱাৰে। কিন্তু এতিয়া যেন বহু সকাহ পাব।

বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৩০ দিন ছুটীঃ কেন্দ্ৰীয় মন্ত্ৰী

চৰকাৰী কৰ্মচাৰী

Updated On: 

25 Jul 2025 14:10 PM

মাতৃত্ব বা পিতৃত্বৰ ছুটীৰ কথা সকলোৱে জানে। নৱজাত সন্তানৰ যত্ন ল’বলৈ অভিভাৱকক ছুটী দিয়া হয়। কিন্তু বৃদ্ধ পিতৃ-মাতৃৰ কথা কোনে ভাবে? তেওঁলোকো বেমাৰত পৰে, যত্নৰো প্ৰয়োজন। কিন্তু যেতিয়া সন্তানে কামৰ পৰা আজৰি লাভ নকৰে তেতিয়া সমস্যা আহে। কিন্তু এতিয়া চিন্তা নাই। কেন্দ্ৰীয় চৰকাৰে ছুটী সন্দৰ্ভত সদনত এক বিশেষ কথা কৈছে। এতিয়াৰ পৰা পিতৃ-মাতৃৰ যত্ন ল’বৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৩০ দিনৰ ছুটী।

সংসদত এটা প্ৰশ্ন উত্থাপন হৈছিল যে চৰকাৰী কৰ্মচাৰীয়ে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাৰ কোনো নিয়ম আছে নেকি? কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে বৃহস্পতিবাৰে ৰাজ্যসভাত ইয়াৰ উত্তৰত এই ছুটীৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে সেৱাৰ নিয়ম অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ব্যক্তিগত কাৰণত ৩০ দিন পৰ্যন্ত ছুটী লাভ কৰিব পাৰিব। ইয়াৰ ভিতৰত পিতৃ-মাতৃৰ শাৰীৰিক অসুস্থতা আৰু তেওঁলোকৰ যত্ন লোৱা অন্তৰ্ভুক্ত।

কেন্দ্ৰৰ পৰা লিখিত উত্তৰত কোৱা হৈছে যে কেন্দ্ৰীয় অসামৰিক সেৱা (ছুটী) নিয়ম, ১৯৭২ৰ বিধান অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আবণ্টিত ছুটীৰ উপৰিও বছৰত ৩০ দিনৰ উপাৰ্জিত ছুটী, ২০ দিনৰ আধা দৰমহা ছুটী, ৮ দিনৰ আকস্মিক ছুটী আৰু ২ দিনৰ ৰেষ্ট্ৰিক্টেড ছুটীৰ অধিকাৰী। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাকে ধৰি যিকোনো ব্যক্তিগত কাৰণত এই ছুটীৰ সুবিধা ল’ব পাৰিব।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় অসামৰিক সেৱা (ছুটী) নিয়মৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এই ছুটীৰ অধিকাৰী। কেৱল ৰেলৱে আৰু সৰ্বভাৰতীয় সেৱাৰ ক্ষেত্ৰতহে ছুটীৰ নিয়ম বেলেগ।

এই নিয়মৰ অধীনত আৰ্ণড লিভ, হাফ ডে লিফ, কমিউটেড লিভ, লিভ নট ডিউ, এক্সট্রাঅর্ডিনাৰি লিভ, মেটাৰনিটি লিভ, প্যাটাৰনিটি লিভ, চাইল্ড কেয়াৰ লিভ, ষ্টাডি লিভ, স্পেচিয়েল ডিচিবিলিটি লিভ, চি মেন চিক লিভ, হাস্পাতাল লিভ, ডিপাৰ্টমেন্টেল লিভ আদি।। এইবোৰ এবছৰত দুটা কিস্তিত জমা কৰা হয়।

উল্লেখ কৰা প্ৰয়োজন যে, অসম চৰকাৰৰ কৰ্মচাৰীসকলে ইতিমধ্যে এই সুবিধা লাভ কৰি আহিছে। প্ৰতি বছৰে পিতৃ-মাতৃৰ সৈতে সময় কটাবৰ বাবে চৰকাৰী কৰ্মচাৰীত ছুটী দিয়া হয়।

 

 

অন্য খবৰ পঢ়কঃ কি হৈছিল নিশা? গুৱাহাটীত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ, ওচৰৰ কোঠাত শুই আছিল পিতৃ…

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক