২০২৪-ত গুগলত সৰ্বাধিক কি বিচাৰিলে ভাৰতীয়ই? জানিলে আচৰিত হ’ব আপুনি…

মাজত মাত্ৰ কেইটামান দিন। ২০২৫ বৰ্ষটিত আদৰাৰ বাবে সাজু হৈছে বিভিন্নজন, ইয়াৰ মাজতে একাংশই ঘূৰি চাইছে ২০২৪ বৰ্ষটিকো। শেহতীয়াকৈ গুগলেও ২০২৪ ক লৈ জাৰি কৰিছে বিশেষ তথ্য। ২০২৪ বৰ্ষত গুগলত মানুহে কি বিচাৰিছে সেই সন্দৰ্ভত জাৰি কৰিছে তালিকা।

২০২৪-ত গুগলত সৰ্বাধিক কি বিচাৰিলে ভাৰতীয়ই? জানিলে আচৰিত হব আপুনি...

কি বিচাৰিছে গুগলত

Updated On: 

11 Dec 2024 12:38 PM

মাজত মাত্ৰ কেইটামান দিন! কিছুদিন পাছতেই ভৰি দিব নতুন বছৰ ২০২৫ । ইতিমধ্যে নতুন বছৰক আদৰাক লৈ বিভিন্ন কৰিছে প্ৰস্তুতি। নতুন বছৰত কি কৰিব, কলৈ যাব আদি বিভিন্ন ধৰণ পৰিকল্পনা মানুহে কৰিছে। ইয়াৰ মাজতে বহুতে উনুকিয়াই চাইছে ২০২৪ বৰ্ষটোলৈ। শেষ হ’বলৈ ধৰা বছৰটোত কোনে কি কৰিলে, ভাল কাম- বেয়া কাম, কি হেৰুৱালে, কি প্ৰাপ্তি হ’ল আদি বহু হিচাপ নিকাচ কৰিছে একাংশই। কেৱল মানুহেই নহয়, ২০২৪ বৰ্ষটিলৈ ঘূৰি চাইছে গুগলেও।

অৰ্থাৎ গুগলে ২০২৪ বৰ্ষক লৈ এখন তালিকা জাৰি কৰিছে য’ত উল্লেখ আছে চলিত বৰ্ষত মানুহে গুগলত বিচৰা সৰ্বাধিক বিষয়টো। ছবি, খেল, ব্যক্তি বিশেষ, খাদ্য, শ্ব’ আদি কেইবাটাও শিতানৰ বাবে গুগলে এই তালিকা জাৰি কৰিছে। গতিকে চলিত বৰ্ষত ভাৰতৰ মানুহে গুগলত সৰ্বাধিত কি বিচাৰিলে তলত উল্লেখ কৰা হ’ল-

সামগ্ৰিকভাৱে

১) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
২) টি-২০ ৱাৰ্ল্ড কাপ
৩) ভাৰতীয় জনতা পাৰ্টী
৪ নিৰ্বাচনী ফলাফল ২০২৪
৫) অলিম্পিক ২০২৪

ছবি

১) ষ্ট্ৰী-২
২)কল্কি ২৮৯৮ এডি
৩)টৱেলথ ফেইল (12th fail)
৪) লাপটা লেডিজ
৫) হনুমান

শ্ব’

১) হীৰামণ্ডি
২) মিৰ্জাপুৰ
৩) লাষ্ট অৱ আছ
৪) বিগ বছ ১৭
৫) পঞ্চায়ত

শীৰ্ষ গীত

১)নাডানিয়া
২)হুচন
৩) ইলুমিনাটি
৪) কাটচি চেৰা
৫) য়ে টুনে ক্যা কিয়া

স্পোৰ্টছ ইভেন্ট

১) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
২) টি-২০ ৱাৰ্ল্ড কাপ
৩) অলিম্পিক ২০২৪
৪) প্ৰো কাবাডী লীগ
৫) ইণ্ডিয়ান চুপাৰ লীগ

মেচ

১) ইণ্ডিয়া- ইংলেণ্ড
২) ইণ্ডিয়া- বাংলাদেশ
৩) ইণ্ডিয়া- জিম্বাবোৱে
৪) শ্ৰীলংকা- ইণ্ডিয়া
৫)ইণ্ডিয়া- আফগানিস্তান

ব্যক্তি

১) বিনেশ ফোগাট
২)নীতিশ কুমাৰ
৩)চিৰাগ পাছৱান
৪)হাৰ্দিক পাণ্ডিয়া
৫) পৱন কল্যান

অৰ্থ

১) অল আইচ অন ৰাফা
২)এক্কেই (Akaay)
৩) চাৰ্ভিকেল কেন্সাৰ
৪) টাৱাইফ
৫)ডিমুৰে (Demure)

মোৰ ওচৰত (near me)

১)এ কিউ আই নিয়াৰ মি
২)অনাম সন্ধ্যা নিয়াৰ মি
৩) ৰাম মন্দিৰ নিয়াৰ মি
৪)স্পোৰ্টচ বাৰ নিয়াৰ মি
৫)ৱেষ্ট বেকাৰী নিয়াৰ মি

ভ্ৰমণ

১)আজাৰবাইজান
২) বালি
৩)মনালি
৪)কাজাকস্তান
৫)জয়পুৰ

ৰেচিপি

১) পৰ্ণ ষ্টাৰ মাৰ্টিনি
২)মেংগো পিকেল
৩)ধনিয়া পৱজিৰি
৪)উগাডি পচাডি
৫)চৰণামৃত

উল্লেখ্য যে, সৰ্বাধিক চাৰ্চ কৰা বা বিচৰা ১০ টাকৈ বিষয়ৰ তালিতা প্ৰস্তুত কৰিছে গুগলে। এই তালিকাত নাম আছে পুনম পাণ্ডে, ৰাধিকা মাৰ্চেন্ট, মোৱে মোৱে আদিৰো। ২০২৪ চনত বহু মানুহে মোৱে মোৱে (Moye moye) শব্দৰ অৰ্থ বিচাৰিছে। তালিকা অনুসৰি অৰ্থ বিচৰাৰ ক্ষেত্ৰত মোৱে মোৱে ৮ নম্বৰত আছে। ঠিক তেনেকৈ ব্যক্তিৰ ক্ষেত্ৰত পুনম পাণ্ডে ৭ নম্বৰ আৰু ৰাধিকা মাৰ্চেন্ট ৮ নম্বৰত আছে।

বেছিকৈ পূজা কৰা দুখৰ কাৰণ হ'ব পাৰে নেকি? জানক প্ৰেমানন্দ মহাৰাজৰ পৰা...
চাকৰিত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে নেকি? মঙলবাৰে কৰক এই প্ৰতিকাৰ
এটা শালিকা মানেই অশুভ, এযোৰ শালিকা মানেই শুভ! জ্যোতিষ শাস্ত্ৰই কি কয় এই বিষয়ত…
মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...