দেশত পুনৰ ক’ভিডে ধাৰণ কৰিছে বিধ্বংসী ৰূপ! ২ জনৰ মৃত্যু, কোন ৰাজ্যত কিমান লোক আক্ৰান্ত হৈছে সবিশেষ জানক

সমগ্ৰ বিশ্বতে বিশেষকৈ হংকং আৰু ছিংগাপুৰত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰততো প্ৰধানকৈ কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। অৱশ্যে স্বাস্থ্য মন্ত্ৰালয়ে দাবী কৰিছে যে পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে।

দেশত পুনৰ কভিডে ধাৰণ কৰিছে  বিধ্বংসী ৰূপ! ২ জনৰ মৃত্যু, কোন ৰাজ্যত কিমান লোক আক্ৰান্ত হৈছে সবিশেষ জানক

ক'ভিড

Published: 

21 May 2025 09:25 AM

আকৌ এবাৰ বিশ্বত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ৰোনা ভাইৰাছৰ সংক্রমণে উদ্বেগ সৃষ্টি কৰিছে৷ হংকং আৰু ছিংগাপুৰতো ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বিপৰীতে ভাৰততো কিছুসংখ্যক ৰোগী ধৰা পৰিছে। সম্প্ৰতি কেৰালা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুত দেশৰ ভিতৰতে সৰ্বাধিক কৰ’নাত আক্ৰান্ত হৈছে, যাৰ ফলত ৰাজ্য চৰকাৰসমূহৰ উদ্বেগ বৃদ্ধি পাইছে। ইয়াৰ মাজতে ক্ৰমাৎ বৃদ্ধি পোৱা কৰ’না আক্ৰান্তৰ সন্দৰ্ভত এই মুহূৰ্তত পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি জনাইছে স্বাস্থ্য মন্ত্ৰালয়ে । অৱশ্যে বৃদ্ধি পোৱা ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা হৈছে পুনৰীক্ষণ বৈঠক ।

উল্লেখ্য যে, যোৱা কেইদিনমানৰ পৰা দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুত ক’ভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। কেৰালাত বৰ্তমানলৈ ৬৯ জন সক্ৰিয় ক’ৰ’না ৰোগী থকাৰ বিপৰীতে তামিলনাডুত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৪ জন। যদি আমি মহাৰাষ্ট্ৰৰ কথা কওঁ, তথ্য অনুসৰি ইয়াত মুঠ ৪৪ জন সক্ৰিয় ৰোগী আছে। মহাৰাষ্ট্ৰতো স্বাস্থ্য বিভাগে ক্ৰমাৎ বৃদ্ধি পোৱা কৰ’না আক্ৰান্তৰ ওপৰত চকু ৰাখিছে। এইবোৰৰ বাহিৰেও কৰ্ণাটক, গুজৰাট আৰু দিল্লীতো Corona ৰোগী ধৰা পৰিছে।

সম্প্ৰতি দিল্লীত তিনিজন সক্ৰিয় ক’ৰ’না আক্ৰান্ত ৰোগী ধৰা পৰাৰ বিপৰীতে কৰ্ণাটক আৰু গুজৰাটত ক্ৰমে ৮ আৰু ৬ জন সক্ৰিয় ৰোগী ধৰা পৰিছে। এইবোৰৰ বাহিৰেও হাৰিয়ানা, ৰাজস্থান আৰু ছিকিমত এজনকৈ সক্ৰিয় ৰোগী ধৰা পৰিছে। মুম্বাইত ক’ভিডত আক্ৰান্ত হৈ  মৃত্যু হৈছে দুজন ৰোগীৰ। এতিয়া পুনৰ ক’ৰ’না সংক্ৰমণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে এছিয়াৰ দেশসমূহত। ইয়াৰ বাবেই বিশ্ব পৰ্যায়ত পুনৰবাৰ ক’ৰোনাক লৈ উদ্বেগ বাঢ়িছে।

ছিংগাপুৰত ১৪ হাজাৰ লোক আক্ৰান্ত

হংকং আৰু ছিংগাপুৰত ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰ’না আক্ৰান্তৰ সংক্ৰমণ। কেৱল মে’ মাহত ছিংগাপুৰত ১৪০০০ সক্ৰিয় ক’ৰ’না ৰোগী ধৰা পৰিছে। কিন্তু বৰ্তমান ভাৰতত এই সংখ্যা মাত্ৰ ২৫৭ জন সক্ৰিয় ৰোগীৰ মাজত সীমাবদ্ধ হৈ আছে। যিটো জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট কম। কেইবাটাও স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈছে স্বাস্থ্য মন্ত্ৰালয়। বৈঠকৰ অন্তত কোৱা হৈছিল যে বৰ্তমান ভাৰতত ক’ৰোনা মহামাৰী নিয়ন্ত্ৰণত আছে।

ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই কথাও কয় যে ভাৰতত যি ক’ৰোনা আক্ৰান্ত হৈছে বৰ্তমান অতি সামান্য আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ কোনো প্ৰয়োজন নাই। এই সময়ছোৱাত তেওঁ গুৰুত্ব আৰোপ কৰে যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু।

দৰমহা ৩০ কোটি, পাছে কিয় বহুতে নিবিচাৰে এই চাকৰি? কাৰণ শুনিলে হ'ব আচৰিত...
পুনৰ কোৰোনা! ক'ভিড-১৯ ৰ JN.1 ভেৰিয়েন্টৰ লক্ষণসমূহ জানেনে? জানক...
আমেৰিকা নে ৰাছিয়া ? কাৰ পাৰমাণৱিক শক্তি বেছি ? ভাৰতৰ শক্তি কিমান ?
শত্ৰুক কি কৰা উচিত ? ক্ষমা নে প্ৰতিশোধ ! এই ক্ষেত্ৰত চাণক্যই কি পৰামৰ্শ দিছে জানক...