পহলগামত কিদৰে প্ৰৱেশ কৰিব পাৰিলে সন্ত্ৰাসবাদীয়ে? লোকসভাত প্ৰশ্ন তুলিলে গৌৰৱ গগৈয়ে

লোকসভাত আজিৰ পৰা আৰম্ভ হোৱা অপাৰেচন সেন্দূৰৰ আলোচনাৰ সময়ত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক তীক্ষ্ণ আক্ৰমণ কৰে। নিজ ভাষণত তেওঁ উত্থাপন কৰে বহুকেইটা প্ৰশ্ন।

পহলগামত কিদৰে প্ৰৱেশ কৰিব পাৰিলে সন্ত্ৰাসবাদীয়ে? লোকসভাত প্ৰশ্ন তুলিলে গৌৰৱ গগৈয়ে

সংসদত গৌৰৱ গগৈ

Updated On: 

28 Jul 2025 18:14 PM

লোকসভাৰ চলিত বৰ্ষাকালীন অধিৱেশনত আজিৰ পৰা অপাৰেচন সেন্দূৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। পহলগামত সংঘটিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সেন্দূৰ সন্দৰ্ভত লোকসভাত চলা এই বিতৰ্কৰ সময়ত ভাষণ প্ৰদান কৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে নিজ ভাষণত কেন্দ্ৰীয় চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তথ্য লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। নিজ ভাষণত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম আক্ৰমণ সন্দৰ্ভত কেতবোৰ মৌলিক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা বুলিও দাবী কৰে

গৌৰৱ গগৈৰ মতে, ৰাজনাথ সিঙে নিজ ভাষণত বহু তথ্য প্ৰকাশ কৰে কিন্তু পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে কেনেকৈ পহলগামত উপস্থিত হৈ ২৬ জন লোকক হত্যা কৰিলে, সেই বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে ৰাজনাথ সিঙে কেতিয়াও উল্লেখ নকৰিলে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়েৰাষ্ট্ৰীয় স্বাৰ্থত এই প্ৰশ্নবোৰ কৰাটো আমাৰ কৰ্তব্যবুলিও কয় কংগ্ৰেছ সাংসদগৰাকীয়ে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংসদত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰা অপাৰেচন সেন্দূৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰাৰ পিছতে গৌৰৱ গগৈয়ে মন্তব্য ৰাখে লোকসভাত কংগ্ৰেছৰ উপ-নেতা গৌৰৱ গগৈয়ে কয়, “এয়া তথ্য যুদ্ধৰ যুগ। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বহু কথা কৈছে, কিন্তু সন্ত্ৰাসবাদীয়ে কেনেকৈ পহলগামত উপস্থিত হৈ ২৬ জন লোকক হত্যা কৰিবলৈ সক্ষম হ’ল, তাৰ উত্তৰ নিদিলে।”

তেওঁ কয় যে দেশত হিন্দু-মুছলমান ৰাজনীতি হোৱাটো তেওঁ নিবিচাৰে। গৌৰৱ গগৈয়ে কয়, ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছিল যে আমি চৰকাৰৰ লগত আছো আৰু চৰকাৰে পাকিস্তানক কঠোৰ উত্তৰ দিব লাগিব। জনসাধাৰণেও জানিব বিচাৰে যে ১০০ দিন পাৰ হৈ যোৱাৰ পিছতো সেই পাঁচজন সন্ত্ৰাসবাদীক চৰকাৰে কিয় ধৰিব নোৱাৰিলে। এই সন্ত্ৰাসবাদী সকলক নিশ্চয় কোনোবাই তথ্য দিছিল আৰু কোনোৱে সহায় কৰিছিল কিন্তু আজিও চৰকাৰে ইয়াৰ উত্তৰ দিয়া নাই।

গৌৰৱ গগৈয়ে লগতে কয় যে বিৰোধীয়ে এই প্ৰশ্নসমূহ উত্থাপনৰ বাবে অপাৰেচন সেন্দূৰৰ ওপৰত বিশেষ বিতৰ্কৰ দাবী জনাইছে। চৰকাৰে এইক্ষেত্ৰত দায়িত্ব ল’ব লাগে বুলিও কংগ্ৰেছ সাংসদগৰাকীয়ে মন্তব্য কৰে ভাষণৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে পহলগাম আক্ৰমণ আৰু অপাৰেচন সেন্দূৰৰ পিছত কিছুমান শক্তিয়ে ভুল তথ্য বিয়পাইছিল বুলিও আঙুলিয়াই দিয়ে।

ইফালে পহলগাম আক্ৰমণৰ সময়ত চৌদি আৰৱ ভ্ৰমণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰাৰ পৰিৱৰ্তে ৰাজনৈতিক ভাষণহে দিছিল বুলিও অভিযোগ কৰে। তাৰ পৰিৱৰ্তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েহে ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰিবলৈ সেই স্থানলৈ গৈছিল বুলি গৌৰৱ গগৈয়ে লগতে কয়

ইংলেণ্ডৰ মাটিত এক মহাৰেকৰ্ড স্থাপনৰ দিশে কে এল ৰাহুল, অতিক্ৰমৰ সুযোগ এই কিংবদন্তিক
সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...