চিকিৎসা মহাবিদ্যালয়ত গেছ লিকঃ ৰোগী তথা আত্মীয়ৰ মাজত লাগিল হুৱাদুৱা, কৰ্তৃপক্ষই ক’লে এইদৰে….

চিকিৎসালয়খনৰ অপাৰেচন কক্ষৰ পৰা গেছ লিক হয় আৰু ইয়াৰ পিছতে সৃষ্টি হয় এনে অৱস্থাৰ। এই ঘটনাৰ ফলত চিকিৎসাধীন ৰোগীসকলে শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকক আত্মীয়সকলে লগে লগে কক্ষৰ বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰে। ইয়াৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।

চিকিৎসা মহাবিদ্যালয়ত গেছ লিকঃ ৰোগী তথা আত্মীয়ৰ মাজত লাগিল হুৱাদুৱা, কৰ্তৃপক্ষই ক’লে এইদৰে….

প্ৰতিনিধিত্বমূলক ছবি

monjit-dutta
Published: 

25 May 2025 20:33 PM

উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিস্থিতিৰ। চিকিৎসালয়খনত গেছ নিৰ্গত হোৱাৰ ফলত সকলোৰে মাজত লাগে হুৱাদুৱা। এই ঘটনাৰ পিছতে চিকিৎসাধীন ৰোগীসকলক তাৎক্ষণিকভাৱে ৱাৰ্ডৰ পৰা উলিয়াই অনা হয়। তথ্য অনুসৰি গেছ নিৰ্গত হোৱাৰ বাবে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল লোকসকল। গেছ নিৰ্গত হোৱাৰ তথ্য লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল লগে লগে সেই স্থানত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসালয়খনৰ অপাৰেচন কক্ষৰ পৰা গেছ লিক হয় আৰু ইয়াৰ পিছতে সৃষ্টি হয় এনে অৱস্থাৰ। এই ঘটনাৰ ফলত চিকিৎসাধীন ৰোগীসকলে শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে তেওঁলোকক আত্মীয়সকলে লগে লগে কক্ষৰ বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰে। ইয়াৰ ফলত চিকিৎসা মহাবিদ্যালয়খনত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰাজেশ কুমাৰে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয় যে ট্ৰমা চেণ্টাৰত থকা অপাৰেচন পৰা অহা পাৰ্মালাইনৰ গোন্ধৰ বাবে ৰোগীসকল সমস্যাৰ সন্মুখীন হৈছিল। চিকিৎসাধীন ৰোগীসকলৰ উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ লগতে চকুত জ্বলা-পোৰাৰ সমস্যায়ো দেখা দিয়া বুলি জানিব পৰা গৈছে। ইফালে এই সময়ছোৱাত ৰোগীৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰা খবৰ সন্দৰ্ভতো অধ্যক্ষগৰাকীয়ে মন্তব্য কৰিছে।

সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ ৰোগীৰহে স্বাস্থ্যজনিত কাৰণত মৃত্যু হোৱা বুলি উল্লেখ কৰি অধ্যক্ষ ডাঃ ৰাজেশ কুমাৰে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈও ৰাইজক আহ্বান জনাইছে। তেওঁ কয় যে গেছ নিৰ্গত হোৱাৰ তথ্য পোৱাৰ পিছত ৰোগীৰ আত্মীয়সকলে ৰোগীসকলক লৈ দৌৰাদৌৰিকৈ ওলাই যোৱাৰ চেষ্টা কৰে, যাৰ ফলস্বৰূপে চিকিৎসালয়খনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

কিন্তু পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে সকলো ৰোগীকে পুনৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হৈছে বুলি তেওঁ সদৰী কৰে। কোটোৱালি থানা এলেকাত অৱস্থিত পণ্ডিত ৰাম প্ৰসাদ বিছমিল স্বায়ত্ত শাসিত ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। ইফালে জিলাখনৰ প্ৰশাসনিক কৰ্তৃপক্ষই এই ঘটনাত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি নিশ্চিতি প্ৰদান কৰিছে।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!