আজি গান্ধী জয়ন্তীঃ ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

Gandhi jayanti: গান্ধীৰ নীতি আদৰ্শই আজিও বিশ্বৰ বহু মানুহৰ অনুপ্ৰেৰণা যোগায়। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৭ চনৰ ১২ জুনত ২ অক্টোবৰত আন্তজাৰ্তিক অংহিসা দিৱস হিচাপে ঘোষণা কৰিছিল।

আজি গান্ধী জয়ন্তীঃ ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ

গান্ধী জয়ন্তী

Published: 

02 Oct 2024 09:26 AM

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন। ইয়াৰ লগত সংগতি ৰাখিয়ে সমগ্ৰ দেশবাসীয়ে স্মৰণ কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীক। আজিৰ দিনটোত দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে।  পুৱাৰ ভাগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত উপস্থিত হৈ জাতিৰ পিতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এক্সত লিখে যে, সকলো দেশবাসীৰ হৈ সন্মানীয় বাপুক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছো। সত্য, সম্প্ৰীতি আৰু সমতাৰ ওপৰত ভিত্তি কৰি তেওঁৰ জীৱন আৰু আদৰ্শ দেশবাসীৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব।

ইয়াৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়ে আদিয়েও ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দেশেবাসীয়ে বছৰ বছৰ ধৰি ২ অক্টোবৰৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰি আহিছে। এই দিনটোত সমগ্ৰ দেশত প্ৰাৰ্থনা সভা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত কেইবাটাও শুভ কামৰ আৰম্ভ কৰিব।

ভাৰতত গান্ধী জয়ন্তী ৰাষ্ট্ৰীয় বন্ধ হিচাপে পালন কৰা হয়। গান্ধী জয়ন্তী কেৱল গান্ধীৰ জন্মদিন হিচাপেই নহয়, তেওঁৰ অহিংসা, সত্য আৰু ন্যায়ৰ চিৰস্থায়ী মূল্যবোধৰ ওপৰত আগবঢ়ি যোৱাত সুযোগ প্ৰদান কৰে। ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল মহাত্মা গান্ধীৰ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুখ্য পথ প্ৰদৰ্শক ব্যক্তি আছিল তেওঁ। সদায় অহিংসা নীতি আগত ৰাখি ইংৰাজৰ বিৰুদ্ধে থিয় দি দেশ স্বাধীন কৰাৰ সপোন দেখিছিল। গান্ধীয়ে কৰা বিভিন্ন আন্দোলনে ১৯৪৭ চনত ভাৰতক স্বাধীনতা লাভ কৰাত সহায় কৰিছিল।

গান্ধীৰ নীতি আদৰ্শই আজিও বিশ্বৰ বহু মানুহৰ অনুপ্ৰেৰণা যোগায়। মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০০৭ চনৰ ১২ জুনত ২ অক্টোবৰত আন্তজাৰ্তিক অংহিসা দিৱস হিচাপে ঘোষণা কৰিছিল।

গান্ধীয়ে তেওঁৰ জীৱনকালত সদায় অহিংসা, অসহযোগৰ কথা কৈ গ’ল। তেওঁ অহিংসাক বিশ্বাস কৰিছিল। এগৰাকী মহা মানৱৰ কথা শুনিয়েই দেশৰ লাখ লাখ জনতা ইংৰাজৰ বিৰুদ্ধে আন্দোলনত জঁপিয়াই পৰিছিল। আন্দোলন, বলিদান, দীৰ্ঘ সময়ৰ অন্তত ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰিছিল। কিন্তু সেই সময়ত গান্ধীয়ে আনন্দ লাভ কৰা নাছিল। গান্ধীয়ে কেতিয়াও বিচৰা নাছিল দেশ বিভাজন হোৱাতো। যাৰ বাবে স্বাধীনতা লাভৰ পাছতো দেশ বিভাজনক লৈ গান্ধী দুখী আছিল। স্বাধীনতাৰ প্ৰায় এবছৰ পাছতেই ১৯৪৮ চনৰ ৩০ জানুৱাৰীত গান্ধীক গুলীয়াই হত্যা কৰিছিল নথুৰাম গডচে।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...