স্বদেশী মন্ত্ৰৰ পৰা দেশবাসীৰ স্বপ্ন পূৰণলৈ, থোৰতে প্ৰধানমন্ত্ৰী ভাষণৰ ১০টা গুৰুত্বপূৰ্ণ দিশ

কাইলৈৰ পৰা দেশত জি এছ টি সঞ্চয় মহোৎসৱ আৰম্ভ হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এতিয়া জনসাধাৰণে নিজৰ প্ৰিয় সামগ্ৰীসমূহ অধিক সহজে ক্ৰয় কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

স্বদেশী মন্ত্ৰৰ পৰা দেশবাসীৰ স্বপ্ন পূৰণলৈ, থোৰতে প্ৰধানমন্ত্ৰী ভাষণৰ ১০টা গুৰুত্বপূৰ্ণ দিশ

প্ৰধানমন্ত্ৰী মোদী

Published: 

21 Sep 2025 20:07 PM

কাইলৈ, অৰ্থাৎ ​​২২ ছেপ্টেম্বৰত দেশত নতুন জি এছ টি নীতি কাৰ্যকৰী কৰা হ’ব। এই বিশেষ দিনটোৰ এদিন পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশে আত্মনিৰ্ভৰশীল অভিযানৰ দিশত আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈৰ পৰা দেশত জি এছ টি সঞ্চয় মহোৎসৱ আৰম্ভ হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এতিয়া জনসাধাৰণে নিজৰ প্ৰিয় সামগ্ৰীসমূহ অধিক সহজে ক্ৰয় কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

এনে পদক্ষেপৰ পিছত দেশৰ প্ৰতিটো পৰিয়ালতে সুখ বাঢ়িব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে। থোৰতে চাওঁ আহক প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ কেইটামান মূল দিশ-

  1. কাইলৈৰ পৰা দেশত সুখ বৃদ্ধি পাব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, এই জি এছ টি সঞ্চয় মহোৎসৱৰ জৰিয়তে সকলোৱে উপকৃত হ’ব। দেশৰ উন্নয়নৰ গতি বৃদ্ধি পাব। জি এছ টি সংস্কাৰে ভাৰতৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব।
  2. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কাইলৈৰ পৰা সপোন পূৰণ কৰাটো সহজ হৈ পৰিব। দেশৰ সাম্প্ৰতিক প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ স্বপ্নৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন জি এছ টি ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। ব্যৱসায় অধিক সহজ কৰি তুলিব।
  3. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূৰ্বে বিভিন্ন কৰৰ জালত জনসাধাৰণ আৱদ্ধ হৈ আছিল। এখন চহৰৰ পৰা আন এখন চহৰলৈ সামগ্ৰী পঠোৱাটো কঠিন হৈ পৰিছিল। এইক্ষেত্ৰত অগণন বাধা আহিছিল। সকলোতে বেলেগ বেলেগ কৰ নিয়ম আছিল।
  4. ২০১৪ চনত জটিল কৰ আৰু টোল ব্যৱস্থা প্ৰচলিত আছিল বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। “আমি ২০১৪ চনত জনস্বাৰ্থ আৰু জাতীয় স্বাৰ্থত জি এছ টিক অগ্ৰাধিকাৰ দিলো। আমি প্ৰতিখন ৰাজ্যৰ শংকাৰ প্ৰতি গুৰুত্ব দিলো। ২০১৭ চনৰ পৰাই ইতিহাস ৰচনা হ’বলৈ আৰম্ভ কৰিলে।”
  5. ২০১৭ চনত তেওঁ জি এছ টি সংস্কাৰৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ সকলোকে একেলগে লৈ স্বাধীন ভাৰতৰ কৰ সংস্কাৰ কাৰ্যকৰী কৰিলে। এতিয়া সমগ্ৰ দেশৰ বাবে একেধৰণৰ কৰ ব্যৱস্থা কাৰ্যকৰী হ’ব। এই সংস্কাৰ এক অবিৰত প্ৰক্ৰিয়া বুলিও তেওঁ কয়।
  6. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সময় অনুযায়ী সংস্কাৰ আৱশ্যক। দেশক কৰ ফান্দৰ পৰা মুক্ত কৰাটো প্ৰয়োজনীয় আছিল। কেইবা ডজন কৰৰ জটিলতাৰ পৰা এতিয়া দেশ মুক্ত হৈছে। এতিয়া অধিকাংশ সামগ্ৰী কৰমুক্ত হ’ব বা মাত্ৰ ৫% কৰ আৰোপ কৰা হ’ব বুলিও তেওঁ কয়।
  7. প্ৰায়বোৰ দৈনন্দিন সামগ্ৰী এতিয়া অধিক সুলভ হ’ব বুলিও তেওঁ কয়। ৯৯% সামগ্ৰীৰ ওপৰত মাত্ৰ ৫% কৰ আৰোপ কৰা হ’ব। চৰকাৰে এইবাৰ মধ্যবিত্ত শ্ৰেণীক (১২ লাখ টকা পৰ্যন্ত আয়কৰ) উপহাৰ দিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
  8. আয়কৰৰ পৰিৱৰ্তনে মধ্যবিত্ত শ্ৰেণীৰ জীৱনক ৰূপান্তৰিত কৰিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। জি এছ টি হ্ৰাসৰ ফলত সপোন পূৰণ কৰাত সহজ হৈ পৰিছে। ব্যৱসায়ীসকলো জি এছ টি সংস্কাৰক লৈ উৎসাহী বুলি তেওঁ কয়।
  9. প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত এবছৰত লোৱা সিদ্ধান্তৰ ফলত ২.৫ লাখ কোটি টকা সঞ্চয় হ’ব। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক মেড ইন ইণ্ডিয়াৰ সামগ্ৰী ক্ৰয় কৰিবওলৈ আহ্বান জনায়। কেৱল দেশত নিৰ্মিত সামগ্ৰীহে ক্ৰয় কৰিব লাগে বুলি তেওঁ কয়।
  10. যিদৰে স্বদেশী মন্ত্ৰৰ দ্বাৰা দেশৰ স্বাধীনতা শক্তিশালী হৈ উঠিল, ঠিক তেনেদৰে স্বদেশী মন্ত্ৰই দেশৰ সমৃদ্ধি শক্তিশালী কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে কয়। “আমি প্ৰতিখন ঘৰক স্বদেশীৰ প্ৰতীক হিচাপে গঢ়ি তুলিব লাগিব”- তেওঁ কয়।
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!