চৰকাৰী বিদ্যালয়ৰ কাণ্ড! কুকুৰে খোৱা খাদ্য খাব দিলে ছাত্ৰ-ছাত্ৰীক, ৭৮টি শিশুয়ে ল’লে জলাতংক ভেকিচিন…
এক চাঞ্চল্যকৰ ঘটনা। কুকুৰে খোৱা খাদ্য খাবলৈ দিয়া হ'ল ছাত্ৰ-ছাত্ৰীক। এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। এই সমগ্ৰ কাণ্ড পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰতীকী ফটো
চৰকাৰী মাধ্যমৰ এখন বিদ্যালয়ৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। কৰ্তৃপক্ষৰ ভুলৰ বাবে চৰকাৰী বিদ্যালয়খনৰ ৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে জলাতংক প্ৰতিৰোধী বেজী ল’বলগীয়া হয়। জানিব পৰা মতে, বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীক দিয়া মধ্যহ্ন ভোজনৰ খাদ্য এটা পদপথৰ কুকুৰে খাইছিল। এই কথা কৰ্তৃপক্ষই জানিছিল যদিও সেই খাদ্য ছাত্ৰ-ছাত্ৰীক খাব দিছিল। বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে নিৰাপত্তাৰ কথা মনত ৰাখি শিশুসকলক জলতাংক প্ৰতিৰোধী বেজী দিয়া হয়।
এই ঘটনা ২৯ জুলাইৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, চত্তীশগড়ৰ বলোদাবজাৰৰ পালাৰী ব্লকৰ লাচ্চনপুৰত অৱস্থিত চৰকাৰী মধ্যবিদ্যালয়ত এই ঘটনা সংঘটিত হয়। বিষয়টো পোহৰলৈ অহাৰ পাছতে ঘটনা সন্দৰ্ভত তদন্ত চলি আছে। এজন বিষয়াই জনোৱা মতে, মধ্যাহ্ন ভোজনৰ বাবে প্ৰস্তুত কৰা খাদ্য পদপথৰ এটা কুকুৰে খাইছিল। এয়া দেখিছিল একাংশ ছাত্ৰ-ছাত্ৰীয়ে। লগে লগে তেওঁলোকে এই কথা শিক্ষকসকলক অৱগত কৰে। তেতিয়া বিদ্যালয়খনৰ শিক্ষকসকলে এই খাদ্য় ছাত্ৰ-ছাত্ৰীসকলক পৰিবেশন নকৰিবলৈ কয়।
কিন্তু তাৰ পাছতো খাদ্য প্ৰস্তুত কৰা আত্মসহায়ক গোটটোৱে এই খাদ্য বেয়া নহয় বুলি দাবী কৰি ছাত্ৰ-ছাত্ৰীক খাদ্য পৰিবেশন কৰে। বিষয়াগৰাকীয়ে জনোৱা মতে, কমেও ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই খাদ্য খাইছিল। ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকে গম পোৱাৰ পাছত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সকলোৱে দাবী জনাই যে ঘটনা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ পৰা স্পষ্টীকৰণৰ দিয়ক আৰু খাদ্য পৰিবেশন নকৰাৰ নিৰ্দেশনাক আওকাণ কৰা আত্মসহায়ক গোটটোক আঁতৰাই দিয়ক।
এই ঘটনাৰ পাছতে ৭৮ টাকৈ শিশুক জলাতংক প্ৰতিৰোধী ভেকচিন দিয়া হয়। ঘটনা সন্দৰ্ভত লাচনপুৰ স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে জলাতংক প্ৰতিৰোধী ভেকচিন সংক্ৰমণ নিশ্চিত হোৱাৰ বাবে নহয়, সতৰ্কতা হিচাপে দিয়া হৈছে।প্ৰথম ড’জৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। গাঁওবাসী, অভিভাৱক আৰু এছ এম চি (বিদ্যালয় পৰিচালনা সমিতি)ৰ সদস্যসকলৰ দাবীত এই কাম কৰা হৈছে।
ইয়াৰ পাছত শনিবাৰে মহকুমাধিপতি দীপক নিকুঞ্জ আৰু ব্লক শিক্ষা বিষয়া নৰেশ ভাৰ্মাৰ লগতে অন্যান্য বিষয়াসকলে বিষয়টোৰ তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত হয়। এই সময়চোৱাত তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ সৈতে আলোচনা কৰে। বিষয়টো সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ বিষয়টোৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।
অন্য খবৰ পঢ়কঃ ১৬ খনকৈ ৰে’ল ভাড়াত লৈছে চৰকাৰে! পুনৰ কিহৰ আয়োজন মহম্মদ ইউনুছৰ…