৭ দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, অন্যথা…ভোট চুৰি সন্দৰ্ভত ৰাহুল গান্ধীৰ ওপৰত খৰ্গহস্ত নিৰ্বাচন আয়োগ…

ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগ। এই সন্দৰ্ভত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে এক সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ বা শপতনামা দাখিল কৰিবলৈ কয়।

৭ দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, অন্যথা...ভোট চুৰি সন্দৰ্ভত ৰাহুল গান্ধীৰ ওপৰত খৰ্গহস্ত নিৰ্বাচন আয়োগ...

ৰাহুল গান্ধী

Published: 

17 Aug 2025 18:34 PM

ক্ষমা খুজিব লাগিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে! বিগত কেইটামান দিন ধৰি কংগ্ৰেছ নেতাগৰাকীয়ে ৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে। গান্ধীয়ে ভোট চুৰি কৰাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দেওবাৰে এক সংবাদমেল সম্বোধন কৰে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। তেওঁ গান্ধীৰ অভিযোগ নাকচ কৰাৰ লগতে গান্ধীয়ে ক্ষমা খুজিব লাগিব বুলি কয়।

ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ কুমাৰে কয় যে, শপতনামা দিব লাগিব বা দেশবাসীৰ আগত ক্ষমা খুজিব লাগিব। যদি এসপ্তাহৰ ভিতৰত এনে নকৰে তেন্তে সকলো অভিযোগ ভিত্তিহীন বুলি গণ্য কৰা হ’ব। তৃতীয় বিকল্প নাই। উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ভোট চুৰিৰ অভিযোগ উত্থাপন কৰাৰ পিছত নিৰ্বাচন আয়োগে তেওঁক শপতনামা দিবলৈ কৈছিল। কিন্তু ৰাহুল গান্ধীয়ে শপতনামা দাখিল কৰাৰ ক্ষেত্ৰত অস্বীকাৰ কৰি কয় যে, তেওঁ সাংসদ হিচাপে শপত লৈছে আৰু ৰাজহুৱাভাৱে এই বক্তব্য প্ৰদান কৰিছে।

মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে, কোনো এটা কথা ১০ বাৰ ক’লে সেয়া সঁচা হৈ নাযায়। সূৰ্য পূব পিনে উদয় হয়। কিন্তু কোনোৱে যদি পশ্চিমে উদয় হয় বুলি কয় তেন্তে সেয়া সঁচা হৈ নায়ায। তেওঁ স্পষ্ট সুৰত কয় যে, আগন্তুক ৭ দিনৰ ভিতৰত শপতনামা নিদিলে সকলো অভিযোগ মিছা বুলি গণ্য কৰা হ’ব। তেওঁ কয় যে, শপতনামা অবিহনে এনে গুৰুতৰ বিষয়ত আয়োগে কাম কৰিব নালাগে। কিয়নো এয়া সংবিধান বিৰোধী হ’ব।

জ্ঞানেশ কুমাৰে আৰু কয় যে, শপতনামা অবিহনে ইমান গুৰুতৰ বিষয় এটাৰ ওপৰত নিৰ্বাচন আয়োগে তদন্ত কৰিব নোৱাৰে। এনে কৰিলে নোটিছ লাভ কৰা ভোটাৰসকলে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰিব। কোনো বৈধ ভোটাৰৰ নাম কোনো প্ৰমাণ অবিহনে কৰ্তন কৰা নহয়।

 

অভিযোগৰ ওপৰত কিয় কোনো তদন্ত কৰা নহ’ল? এই প্ৰশ্নৰ উত্তৰত মুখ্য নিৰ্বাচন আয়ুক্তই কয় যে কোনো প্ৰমাণ আৰু শপতনামা নোহোৱাকৈ কেনেকৈ জাননী জাৰি কৰে!

আয়োগে কয় যে, ভোটাৰ হোৱাৰ চৰ্ত অনুসৰি ঠিকনাৰ উপৰিও নাগৰিক আৰু ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব। যদি অভিযোগ ১.৫ লাখ ভোটাৰৰ সৈতে জড়িত,কোনো প্ৰমাণ বা শপতনামা নাই তেন্তে আয়োগে জাননী জাৰি কৰিব লাগে নেকি? পুনৰ এবাৰ আয়ুক্তগৰাকীয়ে কয় যে, যদি শপতনামা নিদিয়ে তেন্তে ক্ষমা খুজিব লাগিব। তৃতীয় বিকল্প কোনো নাই। যদি এসপ্তাহৰ এনে নকৰে তেন্তে সকলো অভিযোগ ভিত্তিহীন বুলি ধৰা হ’ব।

কুমাৰে আৰু কয় যে, আমি ৭৫ বছৰ ধৰি কাম কৰি আছো। যদি আমাৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন হয় তেন্তে এয়া ভুল। আমাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, গতিকে আমি প্ৰমাণ বিচাৰিমেই। কিন্তু কোনো প্ৰমাণ অবিহনে কোনো বৈধ ভোটাৰক তালিকাৰ পৰা বাদ দিয়া নহয়।

 

অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ বিৰুদ্ধে ক্ষোভিত জনতা! হোৱাইট হাউচৰ সন্মুখত হাজাৰ হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ…

 

UMANG এপৰ জৰিয়তে আপোনাৰ আধাৰক UAN ৰ সৈতে সহজে লিংক কৰক, কেনেকৈ কৰিব? জানক
এই ৭ টা অভ্যাসে অকালতে বৃদ্ধ কৰি তুলিব আপোনাৰ ছাল!
মানসিক চাপত ভুগিলে কি কি লক্ষণে দেখা দিয়ে? জানক,,,
মহিলাৰ HIV সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? জানক