অধিক শক্তিশালী হৈ উঠিব ভাৰতৰ আকাশ মিছাইল, DRDO-এ ব্যৱহাৰ কৰিব নতুন ইন্ধন প্ৰযুক্তি

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে জড়িত সূত্ৰৰ মতে, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) এতিয়া এনে এক প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে, য’ত ক্ষেপণাস্ত্ৰৰ বৰ্তমানৰ গঠন বা ডিজাইনত ডাঙৰ পৰিৱৰ্তন নকৰাকৈ ইয়াৰ কাৰ্যকৰী ক্ষমতা উন্নত কৰিব পৰা যাব। এই ক্ষেত্ৰত DRDO ৰ গুৰুত্ব Alternative Propulsion Fuels (APF) ৰ বিকাশৰ ওপৰত, যাতে আকাশ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ, গতি আৰু অগ্নিশক্তি বৃদ্ধি কৰিব পৰা যায়।

অধিক শক্তিশালী হৈ উঠিব ভাৰতৰ আকাশ মিছাইল, DRDO-এ ব্যৱহাৰ কৰিব নতুন ইন্ধন প্ৰযুক্তি

অধিক শক্তিশালী হৈ উঠিব ভাৰতৰ আকাশ মিছাইল

Published: 

05 Jun 2025 14:28 PM

বিগত মাহত পাকিস্তানৰ সৈতে হোৱা সামৰিক সংঘাতৰ পিছত নিজৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ প্ৰস্তুতি চলাইছ্ ভাৰতে। এই সংঘৰ্ষৰ সময়ত পাকিস্তানৰ ড্ৰোন আৰু আকাশত ক্ষেপণাস্ত্ৰ বিস্ফোৰণ কৰা আকাশ ক্ষেপণাস্ত্ৰক এতিয়া অধিক শক্তিশালী কৰি তোলা হৈছে। ইয়াৰ মাজতে আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ সামৰ্থ্য আৰু অধিক আগুৱাই নিয়াৰ দিশত কাম কৰি আছে DRDO -এ ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে জড়িত সূত্ৰৰ মতে, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) এতিয়া এনে এক প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে, য’ত ক্ষেপণাস্ত্ৰৰ বৰ্তমানৰ গঠন বা ডিজাইনত ডাঙৰ পৰিৱৰ্তন নকৰাকৈ ইয়াৰ কাৰ্যকৰী ক্ষমতা উন্নত কৰিব পৰা যাব। এই ক্ষেত্ৰত DRDO ৰ গুৰুত্ব Alternative Propulsion Fuels (APF) ৰ বিকাশৰ ওপৰত, যাতে আকাশ ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ, গতি আৰু অগ্নিশক্তি বৃদ্ধি কৰিব পৰা যায়। এই পৰিৱৰ্তনৰ আঁৰৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য হ’ল মিছাইলটো এনেদৰে নতুনকৈ ডিজাইন কৰা যাতে বেছি ধন খৰচ নকৰাকৈ আৰু বেছি সময় নোলোৱাকৈ ইয়াক অধিক মাৰাত্মক কৰি তুলিব পৰা যায়।

আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা দেশৰ বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ অংশ। ই অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানৰ কেইবাখনো ড্ৰ’ন আৰু কম দূৰত্বৰ বেলিষ্টিক মিছাইল ধ্বংস কৰি নিজৰ ফলপ্ৰসূতা প্ৰমাণ কৰি দেখুৱাইছে। এতিয়া DRDOৰ বিজ্ঞানীসকলে এই প্ৰণালীৰ  Ramjet Sustainer Motor (RSM) উন্নীতকৰণৰ দিশত কাম কৰি আছে। এই মটৰে মিছাইলটোক প্ৰাৰম্ভিক বুষ্ট দিয়াৰ পিছত বতাহত তীব্ৰ বেগত চলাচল কৰাত সহায় কৰে। ইয়াত নতুন ধৰণৰ পৰৱৰ্তী প্ৰজন্মৰ ইন্ধন ব্যৱহাৰ কৰি থ্ৰাষ্ট আৰু burn efficiency ত ডাঙৰ উন্নতি আনিব পৰা যাব, যিয়ে মিছাইলৰ গতিশীলতা (Maneuverability), ৰেঞ্জ আৰু পৰিচালনা ক্ষমতা বৃদ্ধি কৰিব।

সূত্ৰ অনুসৰি ডি আৰ ডি অ’ই এতিয়া এনে ইন্ধন প্ৰস্তুত কৰি আছে যিটো বৰ্তমানৰ আকাশ মিছাইল ব্যৱস্থাত কোনো ধৰণৰ গাঁথনিগত পৰিৱৰ্তন নকৰাকৈ ব্যৱহাৰ কৰিব পৰা যাব। এই পৰিৱৰ্তনে বহু সময় আৰু সম্পদ ৰাহি কৰিব কাৰণ ইয়াৰ বাবে মিছাইলৰ ভৌতিক পুনৰ নিৰ্মাণৰ প্ৰয়োজন নহ’ব। যদিও এই উন্নত ইন্ধনসমূহৰ সঠিক গঠন প্ৰকাশ কৰা হোৱা নাই, প্ৰাৰম্ভিক ইংগিতসমূহে প্ৰকাশ কৰে যে ইয়াৰ ব্যৱহাৰে আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব।

আকাশ চিষ্টেমে ইতিমধ্যে যুদ্ধ বিমান, ড্ৰ’ন আৰু বেলিষ্টিক মিছাইল আদি বিভিন্ন আকাশী ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছে। এতিয়া ইয়াৰ উন্নীতকৰণৰ পিছত ইয়াৰ দীৰ্ঘ দূৰত্বৰ ইন্টাৰচেপচন ক্ষমতা আৰু অধিক শক্তিশালী কৰা হ’ব। এই পদক্ষেপে দেশৰ বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা কৌশলক আৰু অধিক শক্তিশালী কৰিব। য’ত ইতিমধ্যে মিডিয়াম ৰেঞ্জ ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (MR-SAM) আৰু বেলিষ্টিক মিছাইল ডিফেন্স (BMD)ৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এইবোৰে এক উচ্চ পৰ্যায়ৰ বায়ু প্ৰতিৰক্ষা ঢাল গঠন কৰে।

মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক