প্ৰেম বিবাহ, ডাম্বলেৰে প্ৰহাৰ…পোহৰলৈ মহিলা কামাণ্ডোৰ মৃত্যু ৰহস্য…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। এজন যুৱকে নিজ পত্নীক অতি নৃশংসভাৱে হত্যা কৰে। জানিব পৰা মতে, তেওঁলোকৰ প্ৰেম বিবাহ হৈছিল। কিন্তু বিয়াৰ পাছতে পত্নীক বিভিন্ন কাৰণত অত্যাচাৰ চলাই গৈছিল।

প্ৰেম বিবাহ, ডাম্বলেৰে প্ৰহাৰ...পোহৰলৈ মহিলা কামাণ্ডোৰ মৃত্যু ৰহস্য...

মৃতগৰাকী

Published: 

29 Jan 2026 | 10:58 AM

জীৱন যুদ্ধৰ সৈতে হাৰ মানি অৱশেষত ২৭ জানুৱাৰীত মৃত্যুক সাৱতি লয় এগৰাকী মহিলা কামাণ্ডোই। ২৭ বছৰীয়া এই মহিলাগৰাকী দিল্লী আৰক্ষীৰ বিশেষ কোষত নিয়োজিত  SWAT কামাণ্ডো আছিল। অভিযোগ অনুসৰি, প্ৰায় ৫ দিন পূৰ্বে মহিলাগৰাকীক নিজ স্বামীয়ে ডাম্বলেৰে মূৰত প্ৰহাৰ কৰিছিল। গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও ক’মাত গৈছিল। চিকিৎসাধীন অৱস্থাত মঙলবাৰে তেওঁ মৃত্যুক সাৱতি লয়।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি, ২০২২ বেচৰ নিযুক্তিপ্ৰাপ্ত মহিলাগৰাকী সাহসিকতাৰ বাবে দিল্লী আৰক্ষীৰ সন্মানীয় ছোৱাট ইউনিটৰ অংশ হৈ পৰিছিল। আৰক্ষীৰ মতে, ২২ জানুৱাৰীত মহিলাগৰাকী আৰু তেওঁৰ স্বামী অংকুৰৰ সৈতে কাজিয়া লাগে। অংকুৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ত কেৰাণী হিচাপে কৰ্মৰত আছিল। অভিযোগ অনুসৰি, দুয়োৰে মাজত কাজিয়া ইমানেই বৃদ্ধি পাই যে অংকুৰে পত্নীক ডাম্বলেৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।

এই আক্ৰমণৰ পাছত অংকুৰে নিজেই পত্নীক হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয়। পাছত পত্নীৰ পৰিয়াললৈ ফোন কৰি তেওঁ সমগ্ৰ কাণ্ডৰ বিষয়ে অৱগত কৰে। ২২ জানুৱাৰীতে আৰক্ষীয়ে অংকুৰক গ্ৰেপ্তাৰ কৰিছিল।

কি হৈছিল

মহিলাগৰাকীৰ জ্যেষ্ঠ ভাতৃ নিখিল দিল্লী আৰক্ষীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাৰ কনিষ্টবল। তেওঁৰ মতে, ২২ জানুৱাৰীত অংকুৰে তেওঁক ফোন কৰিছিল। সেই সময়ত দুয়োৰে মাজত কাজিয়া চলি আছিল। অংকুৰে কল ৰেকৰ্ড কৰিব কৈছিল। ইফালে সেই সময়ত চিঞৰি আছিল নিখিলৰ ভগ্নী। কিন্তু সেই সময় ফোনটো কাটি যায়। ইয়াৰ ৫ মিনিট পুনৰ অংকুৰে ফোন কৰি কয় যে, তাইক মাৰি পেলালো মই।

যৌতুকৰ দাবী

নিখিলে কয় যে, ২০২৩ চনত অংকুৰৰ সৈতে ভগ্নীৰ বিয়া হৈছিল। তেওঁলোকৰ এটা ডেৰ বছৰীয়া পুত্ৰও আছে। কিন্তু বিয়াৰ কেইটামান দিন পাছতে অংকুৰৰ পৰিয়ালৰ লোকে কাজলক যৌতুক বিচাৰি অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। পৰিয়ালৰ অত্যাচাৰ বৃদ্ধি পোৱাৰ বাবে কিছুদিনৰ বাবে কাজল স্বামীৰ সৈতে দিল্লীৰ মোহন গাৰ্ডেনত থাকিবলৈ লয়, আৰু পাছত পুনৰ ঘূৰি যায়। কিন্তু ২০ জানুৱাৰীত ২৬ জানুৱাৰীত (গণৰাজ্য দিৱস) কৰ্তব্যৰ বাবে দিল্লীলৈ আহিছিল, য’ত এই ঘটনা সংঘটিত হয়।

প্ৰায় ৫ দিন কাজলে জীৱন-মৃত্যুৰে যুঁজি অৱশেষত মৃত্যুক সাৱতি লয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ প্ৰসৱৰ বাবে পত্নী গৈছিল মাকৰ ঘৰলৈ! ইফালে প্ৰেমিকাক মাতি স্বামীয়ে কৰিলে ভয়ংকৰ কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...