‘ভাৰতীয় সেনাক লৈ ৰাজনীতি নকৰিব’, বিহাৰত ৰাহুল গান্ধীক কঠোৰ সকীয়নি ৰাজনাথ সিঙৰ
বিহাৰৰ বাংকাত ৰাজহুৱা সভাত ভাষণ দি ৰাজনাথ সিঙে কয় যে জোৱানৰ এটাই ধৰ্ম, সেয়া হ’ল ‘সৈনিক ধৰ্ম’। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়াই দেশে সংকটৰ সন্মুখীন হয়, তেতিয়াই ইয়াৰ সৈন্যসকলে সাহস আৰু বীৰত্বৰ জৰিয়তে ভাৰতক সুৰক্ষা দিয়ে। ৰাহুল গান্ধীক ভাৰতীয় সেনাক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি ৰাজনাথ সিঙৰ।

ৰাহুল গান্ধী আৰু ৰাজনাথ সিং
ভাৰতীয় সেনাক লৈ কৰা মন্তব্যৰ বাবে বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তেওঁক “সেনাক ৰাজনীতিলৈ টানি নানিব” বুলি সকীয়াই দিয়ে। বিহাৰৰ বাংকাত ৰাজহুৱা সভাত ভাষণ দি সিঙে কয় যে জোৱানৰ এটাই ধৰ্ম, সেয়া হ’ল ‘সৈনিক ধৰ্ম’। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়াই দেশে সংকটৰ সন্মুখীন হয়, তেতিয়াই ইয়াৰ সৈন্যসকলে সাহস আৰু বীৰত্বৰ জৰিয়তে ভাৰতক সুৰক্ষা দিয়ে।
ৰাজনাথ সিঙে কয়, “সংৰক্ষণ হ’ব লাগে। আমিও (বিজেপি) সংৰক্ষণৰ সমৰ্থক। আমি দুখীয়াক সংৰক্ষণ দিছো। কিন্তু সেনাবাহিনীৰ কথা?… আমাৰ সেনা জোৱানসকলৰ এটাই ধৰ্ম। সেই ধৰ্ম হৈছে ‘সৈনিক ধৰ্ম’। ইয়াৰ বাহিৰে আন কোনো ধৰ্ম নাই। আমাৰ সেনাক ৰাজনীতিলৈ টানি নানিব। যেতিয়াই এই দেশখন সংকটৰ সন্মুখীন হৈছে, তেতিয়াই আমাৰ জোৱানসকলে ভাৰতৰ মূৰ ওপৰলৈ কৰি ৰাখিছে। তেওঁলোকে সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰি উচ্চ স্তৰত উপনীত হয়।”
“জাতি, পন্থা, ধৰ্মৰ এই ৰাজনীতিয়ে দেশৰ বৃহৎ ক্ষতি কৰিছে, আৰু আমাৰ চিন্তাধাৰা হৈছে সমাজৰ সকলো শ্ৰেণীক উন্নীত কৰা উচিত। সমাজৰ সকলো শ্ৰেণীকে সামৰি লোৱাৰ আমাৰ লক্ষ্য। আমি জাতি, পন্থা, ধৰ্মৰ ওপৰত ভিত্তি কৰি বৈষম্য কৰিব নিবিচাৰো। আমাৰ দেশৰ ঋষি আৰু জনসাধাৰণে এই বিষয়ে কেতিয়াও চিন্তাও কৰা নাই।” প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ অপাৰেচন সেন্দূৰৰ কথা উল্লেখ কৰি সামৰিক অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ আটাইবোৰ ডাঙৰ আত্মগোপন স্থান নিচিহ্ন পেলোৱা বুলি কয়। তেওঁ লগতে কয় যে অভিযান এতিয়াও শেষ হোৱা নাই, মাত্ৰ স্থগিত ৰখা হৈছে।
“কিছুমান সন্ত্ৰাসবাদী লুকাই চুৰকৈ সোমাই আহিল। তেওঁলোক মুকলিকৈ নাহিল; আমাৰ কিছুমান যুৱকে পৰিয়ালৰ সৈতে কাশ্মীৰৰ পহলগামলৈ গৈছিল। ধৰ্মৰ কথা সুধি হত্যা কৰিলে। তাৰ পিছত কি হ’ল বুজাই দিয়াৰ প্ৰয়োজন নাই। আমি অপাৰেচন সেন্দূৰত সকলো ডাঙৰ ডাঙৰ সন্ত্ৰাসবাদী সংগঠনৰ আত্মগোপন স্থান নিচিহ্ন কৰি পেলালোঁ। আমাৰ অপাৰেচন সেন্দূৰ এতিয়াও শেষ হোৱা নাই, এতিয়া স্থগিত ৰখা হৈছে। আমি আৰু এটা অভিযান আৰম্ভ কৰিম আৰু তেওঁলোকক ধ্বংস কৰিম… ভাৰত এতিয়া বিশ্বত দুৰ্বল দেশ হিচাপে পৰিচিত নহয়। ভাৰত এতিয়া বিশ্বৰ শক্তিশালী দেশ হিচাপে পৰিচিত। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ সুনাম বৃদ্ধি পাইছে।” সিঙে দৃঢ়তাৰে কয়।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ কুটুম্বাত ভাৰতীয় সেনা সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়। তাৰ পাচতেই গান্ধীক এইদৰে সকীয়াই দিয়ে ৰাজনাথ সিঙে। মঙলবাৰে নিৰ্বাচনী প্ৰচাৰ সভাত গান্ধীয়ে দাবী কৰে যে ভাৰতীয় সেনা “দেশৰ ১০% জনসংখ্যাৰ নিয়ন্ত্ৰণত” আছে, আপাত দৃষ্টিত প্ৰতিষ্ঠানটোত উচ্চ জাতিৰ আধিপত্যৰ কথা উল্লেখ কৰিছিল ৰাহুলে।
তেওঁ ভাৰতৰ অৰ্থনৈতিক বৈষম্যৰ বিষয়টোৰ ওপৰত আলোকপাত কৰি কয় যে ৯০% জনসংখ্যা দলিত, মহাদলিত, পিছপৰা শ্ৰেণী, আৰু সংখ্যালঘুকে ধৰি প্ৰান্তীয় সম্প্ৰদায়ৰ অন্তৰ্গত হোৱাৰ পিছতো কৰ্পৰেট ভাৰত, আমোলাতন্ত্ৰ, ন্যায়পালিকা, আৰু অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ প্ৰতিনিধিত্ব কম।
“বেংকৰ সকলো টকা তেওঁলোকৰ হাতলৈ যায়, তেওঁলোকে সকলো চাকৰি পায়, আনকি আমোলাতন্ত্ৰৰ বেছিভাগ পদতে তেওঁলোকে আধিপত্য বিস্তাৰ কৰে। তেওঁলোকে সকলো নিয়ন্ত্ৰণ কৰে। ন্যায়পালিকালৈ চাওকচোন। তাতো তেওঁলোকে সকলো চম্ভালি লয়। আনকি সেনাবাহিনীৰ ওপৰতো তেওঁলোকৰ নিয়ন্ত্ৰণ আছে। আৰু ৯০% জনসংখ্যা ক’তো নাপাব।” ৰাহুল গান্ধীয়ে কয়।
গান্ধীয়ে উল্লেখ কৰে যে আদানী আৰু আম্বানীকে ধৰি ভাৰতৰ ৫০০টা বৃহৎ কোম্পানী প্ৰধানকৈ এটা সৰু অভিজাত গোটৰ ব্যক্তিৰ মালিকানাধীন, জনসংখ্যাৰ মাত্ৰ ১০%হে। তেওঁ অভিযোগ কৰে যে এই গোটটোৱে অসমতাপূৰ্ণ পৰিমাণৰ ধন, বেংকৰ ঋণ, বিভিন্ন খণ্ডৰ প্ৰভাৱশালী পদ নিয়ন্ত্ৰণ কৰে।
এই দেশত ৯০% দলিত, মহাদলিত, পিছপৰা, অত্যন্ত পিছপৰা, জনজাতীয়, আৰু সংখ্যালঘু গোটৰ। কিন্তু কৰ্পৰেট ভাৰতৰ ৫০০ টা বৃহৎ কোম্পানী যেনে আদানী আৰু আম্বানীলৈ চালে তাত পিছপৰা, অতি পিছপৰা, দলিত, মহাদলিত, সংখ্যালঘু, বা জনজাতীয় ব্যক্তি বিচাৰি নাপাব। এই সকলোবোৰ জনসংখ্যাৰ ১০%ৰ পৰা আহিছে বুলি গান্ধীয়ে কৈছিল।
অহা ৬ নৱেম্বৰত ১২১টা সমষ্টিত প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। বাকী ১২২টা সমষ্টিত ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ কৰা হ’ব, ১৪ নৱেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।