চাহমেলত মোদীৰ সৈতে প্ৰিয়ংকাৰ আড্ডা, প্ৰিয়ংকাৰ কাৰ্যৰ ওপৰত প্ৰশ্ন বিৰোধী সাংসদৰ
চিপিআই (এম)ৰ সাংসদ জন ব্ৰিটাছে সেই চাহমেলত প্ৰিয়ংকাৰ অংশগ্ৰহণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ প্ৰিয়ংকাক সমালোচাৰ লক্ষ্য কৰি লয়। ব্ৰিটাছে কয় যে সংসদত এমজিএনৰেগা বিলুপ্তিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে কংগ্ৰেছৰ একাংশ নেতাই সাধাৰণ চাহমেলত অংশগ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক।

সাংসদৰ চাহমেলত মোদী-প্ৰিয়ংকা
সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত এখন ফটো প্ৰকাশ পাইছিল, যিখন ফটো ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছিল। এই ফটোখন লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আয়োজন কৰা চাহমেলৰ বুলি প্ৰকাশ পাইছিল। ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীক বাৰ্তালাপ কৰি থকা দেখা যায়।
কিন্তু চিপিআই (এম)ৰ সাংসদ জন ব্ৰিটাছে সেই চাহমেলত প্ৰিয়ংকাৰ অংশগ্ৰহণক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ প্ৰিয়ংকাক সমালোচাৰ লক্ষ্য কৰি লয়। ব্ৰিটাছে কয় যে সংসদত এমজিএনৰেগা বিলুপ্তিৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে কংগ্ৰেছৰ একাংশ নেতাই সাধাৰণ চাহমেলত অংশগ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক।
যোৱা বছৰৰ শীতকালীন অধিৱেশনকে ধৰি বিৰোধীয়ে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে এনে বৈঠক বৰ্জন কৰাৰ কমেও চাৰিটা দৃষ্টান্ত উল্লেখ কৰে ব্ৰিটাছে। এমএনৰেগা আঁচনিৰ কথা উল্লেখ কৰি ব্রিটাছে প্রশ্ন কৰে যে, “মহাত্মা গান্ধীৰ দ্বিতীয়টো হত্যাকাণ্ডৰ পাছত প্রধানমন্ত্রীৰ বিদেশ ভ্ৰমণৰ প্রশংসা কৰি আৰু ইজনে সিজনক প্রশংসাৰে উপচাই দি ভাৰতৰ দৰিদ্ৰ লোকসকললৈ কি বাৰ্তা প্ৰেৰণ কৰিছে?” বিৰোধীয়ে চৰকাৰক সমালোচনা কৰে যে কেৱল মনৰেগাক বিলুপ্ত কৰাই নহয়, ইয়াৰ গাঁথনি ওলোটা কৰি “মহাত্মা গান্ধী” শব্দটো আঁতৰাই পেলাইছে।
ব্রিটাছে কয় যে এনে দৃশ্য দেখি কংগ্ৰেছ নেতাসকলো অস্বস্তিত পৰিছে ৷ লগতে কংগ্ৰেছ সংসদীয় দলৰ গাঁথনিত প্ৰিয়ংকা গান্ধীৰ কোনো আনুষ্ঠানিক পদবী নাই বুলিও তেওঁ জোৰ দিয়ে। পদত অধিষ্ঠিত আন একাংশ নেতা উপস্থিত নাছিল।
কিয় প্ৰশ্ন উত্থাপন হ’ল?
চাহমেলত প্ৰিয়ংকাৰ উপস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে, কাৰণ কংগ্ৰেছ দলে মোদী চৰকাৰক MNREGAৰ নাম সলনি কৰাক লৈ আক্ৰমণ চলাই আহিছে। এই বিষয়ত ছোনিয়া গান্ধীৰ পৰা ৰাহুল গান্ধীলৈকে সকলোৱে চৰকাৰক সমালোচনা কৰিছে। ৰাহুলে কয় যে বিকশিত ভাৰত নিশ্চয়তা বিধেয়ক নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰাম্য) এমএনৰেগাৰ নৱীকৰণ নহয়, বৰঞ্চ ইয়াৰ মূল নীতিসমূহৰ দুৰ্বলতাহে। তেওঁ কয় যে মোদী চৰকাৰে এদিনতে বিশ বছৰীয়া মনৰেগাৰ অন্ত পেলাইছে।
ৰাহুল গান্ধীয়ে আৰু কয়, “আমি ক’ভিডৰ সময়ত MNREGA ৰ তাৎপৰ্য দেখিছিলো। যেতিয়া অৰ্থনীতি বন্ধ হৈ গ’ল আৰু মানুহে জীৱিকা হেৰুৱালে, তেতিয়া লাখ লাখ লোকক ভোক আৰু ঋণৰ পৰা ই ৰক্ষা কৰিলে। বছৰৰ পিছত বছৰ ধৰি ই মহিলাসকলক আটাইতকৈ বেছি সহায় কৰিছিল।” লগতে বিধেয়কখন গৃহীত হোৱাৰ ধৰণকো সমালোচনা কৰি সংসদৰ জৰিয়তে সঠিক তদন্ত অবিহনে খৰখেদাকৈ গৃহীত কৰা বুলি অভিযোগ উত্থাপন কৰে। ৰাহুল গান্ধীয়ে কয় যে গ্ৰাম্য লোকৰ জীৱিকাত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিলেও বিৰোধীয়ে বিধেয়কখন স্থায়ী সমিতিলৈ প্ৰেৰণ কৰাৰ বাবে তোলা দাবী নাকচ কৰা হৈছে।
ছোনিয়া গান্ধীয়ে কয় যে চৰকাৰে এমএনৰেগাক ধ্বংস কৰি পেলালে
ছোনিয়া গান্ধীয়ে কয় যে চৰকাৰে এমএনৰেগাক ধ্বংস কৰি পেলাইছে। কেৱল মহাত্মা গান্ধীৰ নাম আঁতৰোৱাই নহয়, বিৰোধীক আস্থাত নোলোৱাকৈ আলোচনা অবিহনে, মনৰেগাৰ একেবাৰে গাঁথনি সলনি কৰা হ’ল ৷ এতিয়া দিল্লীত বহি থকা চৰকাৰে সিদ্ধান্ত ল’ব কোনে কিমান, ক’ত, কেনেধৰণৰ কৰ্মসংস্থাপন পাব।
কেৱল এয়াই নহয়, বিৰোধীয়ে গান্ধীৰ নাম এমএনৰেগাৰ পৰা আঁতৰোৱাৰ দাবীত এক সমদলৰো আয়োজন কৰে। এই পদযাত্ৰা সংসদত থকা গান্ধী প্ৰতিমূৰ্তিৰ পৰা মকৰ দ্বাৰলৈকে হৈছিল। প্ৰতিবাদত ছোনিয়া গান্ধীয়েও অংশগ্ৰহণ কৰে। লোকসভাত ভিবি-জি ৰাম জী বিধেয়ক গৃহীত হৈ থকাৰ সময়ত বিৰোধীয়ে বিধেয়কখনৰ প্ৰতিলিপি ফালি পেলাইছিল।