দেশত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬ হাজাৰৰ সীমা, বিগত ২৪ ঘণ্টাত ৬ জনৰ মৃত্যু

জানুৱাৰী মাহৰ পৰা দেশত ক’ৰোনাত আক্ৰান্ত হৈ ৬১জন লোকৰ মৃত্যু হৈছে। কেৱল দিল্লীতে চলিত বৰ্ষত এই পৰ্যন্ত কৰ’নাত ৭ জন লোকৰ মৃত্যু হৈছে। বৰ্তমান দিল্লীত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৬৫ জন।

দেশত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬ হাজাৰৰ সীমা, বিগত ২৪ ঘণ্টাত ৬ জনৰ মৃত্যু

Corona Cases In India

Published: 

08 Jun 2025 | 01:28 PM

ক্ৰমাৎ বৃদ্ধি পোৱা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে দেশৰ জনতাক পুনৰ ভয় খুৱাবলৈ আৰম্ভ কৰিছে।  সকলো ৰাজ্যকে ক’ভিডক লৈ সজাগ হৈ থাকিবলৈ আৰু প্রয়োজনীয় প্রস্তুতি কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰে৷ ইফালে সমগ্ৰ দেশত নতুনকৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৬ হাজাৰ। ৰাজধানী দিল্লীতো বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ভিডত আক্ৰান্ত  সক্ৰিয় ৰোগীৰ সংখ্যা ৬,১৩৩ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৬,২৩৭জন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। অৱশ্যে বিগত ২৪ ঘন্টাৰ ভিতৰত ৬জন লোকে প্ৰাণ হেৰুৱাইছে।

জানুৱাৰী মাহৰ পৰা ৬১ জন লোকৰ মৃত্যু

জানুৱাৰী মাহৰ পৰা দেশত ক’ৰোনাত আক্ৰান্ত হৈ ৬১জন লোকৰ মৃত্যু হৈছে। কেৱল দিল্লীতে চলিত বৰ্ষত এই পৰ্যন্ত মৃত্যু হৈছে ৭ জন লোকৰ।  দিল্লীত বৰ্তমান সময়ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৬৫ জন।

যোৱা ২৪ ঘন্টাত দেশত ক’ভিডত আক্ৰান্ত হৈ ৬ জন লোকৰ মৃত্যু হৈছে। কেৰালাত ক’ৰোনাত আক্ৰান্ত হৈ ৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কৰ্ণাটকত ২ জন, তামিলনাডুত ক’ভিডত আক্ৰান্ত এজন ৰোগীৰ মৃত্যুৰ তথ্য প্ৰকাশ পাইছে। কৰ্ণাটকত মৃত্যু হোৱা ২ জন লোকৰ ভিতৰত এজন ৰোগীৰ বয়স ৪৬ বছৰ আৰু আনজন ৰোগীৰ বয়স ৭৮ বছৰ।

২৪ ঘন্টাত মৃত্যু হোৱা আটাইকেইজন ৰোগীয়েই আছিল পুৰুষ

একেদৰে কেৰালাতো ৩ জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা তিনিওজন ৰোগীৰ বয়স ৫০ বছৰৰ ওপৰৰ। এজনৰ বয়স আছিল ৫১ বছৰ, আনজনৰ বয়স আছিল ৬৪ বছৰ আৰু তৃতীয়জনৰ বয়স আছিল ৯২ বছৰ। আনহাতে তামিলনাডুত মৃত্যু হোৱা ব্যক্তিজনৰ বয়স আছিল ৪২ বছৰ। মৃত্যু হোৱা ৬ জন লোকেই আছিল পুৰুষ ৰোগী।  আজি দেওবাৰে পুৱা সক্ৰিয় ৰোগীৰ সংখ্যা ৫৭৫৫ জন আৰু ৫৪৮৪ জন ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...