দেশত বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, অসমত কিমান সক্ৰিয় ৰোগী আছে জানক…

Corona virus: দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। সৰ্বাধিক ৰোগীৰ কেৰালাত সক্ৰিয় আছে যদিও দিল্লীতো বহু লোক আক্ৰান্ত হৈছে। আনহাতে অসমতো কোৰোনাত আক্ৰান্ত ৰোগী ধৰা পৰিছে।

দেশত বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, অসমত কিমান সক্ৰিয় ৰোগী আছে জানক...

কোৰোনা ভাইৰাছ

Published: 

10 Jun 2025 12:13 PM

দেশত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজধানী দিল্লীত কোৰোনাত সক্ৰিয় ৰোগীৰ সংখ্যা ৭০০ জনলৈ বৃদ্ধি পাইছে। মাত্ৰ এটা দিনতেই দিল্লীৰ পৰা ৪২ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে। ইয়াৰোপৰি দিল্লীত বৰ্তমান পৰ্যন্ত কোৰোনাত মৃত্যু হৈছে ৭ জনৰ। তথ্য অনুসৰি বৰ্তমান দেশত ৬৪৯১ জন কোৰোনাৰ সক্ৰিয় ৰোগী আছে। ইয়াৰ লগতে সুস্থ হৈ ঘৰলৈ উভতিছে ৬৮৬১ জন।

মহাৰাষ্ট্ৰতো কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৬০০ জনলৈ বৃদ্ধি পাইছে। সবাতোকৈ বেছি লোক আক্ৰান্ত হৈছে কেৰালাত। তথ্য অনুসৰি কেৰালাত সক্ৰিয় ৰোগীৰ সংখ্যা ১৯৫৭ জন। ইয়াৰ লগতে গুজৰাটত ৯৮০ জন, পশ্চিম বংগত ৭৪৭ জন। আনহাতে অসমত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩ জন। কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যাৰ ওপৰত লক্ষ্য ৰাখি কোৰোনা পৰীক্ষাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। লগতে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

অত্যাধিক প্ৰভাৱিত অঞ্চল

  • কেৰালা
  • গুজৰাট
  • পশ্চিমবংগ
  • দিল্লী
  • মহাৰাষ্ট্ৰ

কম প্ৰভাৱিত

  • অৰুণাচল প্ৰদেশ
  • মিজোৰাম
  • ত্ৰিপুৰা
  • চত্তিশগড়
  • হিমাচল প্ৰদেশ

মৃত্যুৰ সংখ্যা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা দিল্লীত কোৰোনাত আক্ৰান্ত হৈ ৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগতে গুজৰাটত ২ জন, কৰ্ণাটকত ৯জন, কেৰালাত ১৫ জন, মধ্য প্ৰদেশত ২জন, মহাৰাষ্ট্ৰত ১৮ জন লোকে মৃত্যুক সাৱতি লৈছে।

উল্লেখ্য যে, কিছুবছৰ পূৰ্বে কোৰোনাই দেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। পৰিস্থিত ইমানেই ভয়াবহ হৈ পৰিছিল যে লকডাউন দিবলগীয়া হৈছিল। ইয়াৰোপৰি মৃত্যুমুখত পৰিছিল লাখ লাখ লোক। কোৰোনাৰ পৰা কিছু সকাহ পোৱাৰ পাছত পুনৰ এবাৰ এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতি চৰকাৰে ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। লগতে যদি কোনো ধৰণৰ লক্ষণ দেখা যায় তেন্তে তেওঁলোকক তৎক্ষণাত পৰীক্ষা কৰিবলৈ কোৱা হৈছে।

 

সামান্য মূৰ বিষ হ'লেই বিষৰ টেবলেট খাই নেকি? হ'ব পাৰে ডাঙৰ সমস্যা...
৫০ বছৰ পাছত বিৰল সংযোগ! আৰ্থিক উন্নতি হ'ব এই ৩ ৰাশিৰ লোকৰ...
খালী পেটত দুই ফুটা নহৰু খালে পুৰুষৰ শৰীৰত কি পৰিৱৰ্তন হ'ব?
এজন মানুহে একো নোখোৱাকৈ কিমান দিনলৈ জীয়াই থাকিব পাৰে? জানক