সিদ্ধান্ত লোৱাত পলম হ’ল ! প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ

জাতিগত হিংসাৰ পাছত প্ৰথমবাৰৰ বাবে মণিপুৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছে। একে প্ৰকাৰে কয় যে, প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণৰ সিদ্ধান্ত বহু দেৰিকৈ ল'লে।

সিদ্ধান্ত লোৱাত পলম হল ! প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতৃত্বৰ

মল্লিকাৰ্জুন খাৰ্গে

Published: 

13 Sep 2025 18:19 PM

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণক “পিট ষ্টপ” বুলি অভিহিত কৰি শনিবাৰে কংগ্ৰেছে এই ভ্ৰমণক ‘ট’কেনিজম’ আৰু ৰাজ্যবাসীৰ বাবে “গুৰুতৰ অপমান” বুলি অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মোদীয়ে নিজৰ বাবে এক বৃহৎ আদৰণি অনুষ্ঠান আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰি দাবী কৰে যে, এতিয়াও ভুক্তভোগীসকলৰ ঘাঁত এয়া “এটা নিষ্ঠুৰ খুচ”।

“নিজৰ কথাত…ক’ত তোমাৰ ৰাজধৰ্ম?” প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণৰ ঠিক পূৰ্বেই এইদৰে এক্সত প্ৰশ্ন কৰিছিল মল্লিকাৰ্জুন খাৰ্গেয়ে। তেওঁ কয়, “নৰেন্দ্ৰ মোদী জী, মণিপুৰত আপোনাৰ ৩ ঘণ্টীয়া পিট ষ্টপটো মমতা নহয়, প্ৰহসন, ট’কেনিজম আৰু আহত লোকক এক গুৰুতৰ অপমান।” কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে এক্সত এইদৰে প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণত সমালোচনা কৰে।

খাৰ্গেয়ে কয়, “৮৬৪ দিনৰ হিংসাত প্ৰায় ৩০০ লোকে প্ৰাণ হেৰুৱাইছে, ৬৭,০০০ লোক স্থানচ্যুত, ১৫০০ ৰো অধিক লোক আহত। তাৰ পিছত আপুনি ৪৬ টা বিদেশ ভ্ৰমণ কৰিছিল, কিন্তু নিজৰ নাগৰিকৰ প্ৰতি সহানুভূতিৰ দেখুৱাই এটাও ভ্ৰমণ কৰা নাছিল।”

ইফালে, ৱায়ানাডত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাইও প্ৰধানমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি কয় যে, তেওঁ বহু আগতেই ৰাজ্যখন ভ্ৰমণ কৰিব লাগিছিল। তেওঁ কয়, “মই সুখী যে তেওঁ দুবছৰৰ পিছত মণিপুৰ ভ্ৰমণৰ সিদ্ধান্ত লৈছে। তেওঁ বহু আগতেই ভ্ৰমণ কৰিব লাগিছিল। তাত যি ঘটি আছে সেয়া ইমান দিনে চলি থাকিবলৈ দিয়া আৰু ইমানবোৰ মানুহক মৰিবলৈ দিয়াটো অতি দুৰ্ভাগ্যজনক। ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ এয়া পৰম্পৰা নহয়।”

কংগ্ৰেছৰ নেতা কে.চি. ভেনুগোপালে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক সমালোচনা কৰে। তেওঁ দাবী কৰে যে, আজি প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণে এজন নেতা কিমান সহানুভূতি আৰু মমতাৰ অভাৱ হ’ব পাৰে তাকে প্ৰমাণ কৰিছে। ভেনুগোপালে এক্সত কয় যে, ২০২৩ চনৰ পৰা মণিপুৰ জ্বলি আছে আৰু ডেৰ-দুবছৰৰ পিছত আজি তেওঁ তালৈ যাবলৈ সময় পালে।

তেওঁ অভিযোগ কৰে যে, “বৰঞ্চ তেওঁ এই মণিপুৰ ভ্ৰমণক আন যিকোনো জনসংযোগ অনুষ্ঠানৰ দৰেই গণ্য কৰিছে। তেওঁ উদযাপনৰ অনুষ্ঠান হিচাপে গণ্য কৰিছে। এনে অৰ্থহীন, সংবেদনহীন আৰু আত্ম অভিনন্দনমূলক ষ্টাণ্টে মণিপুৰৰ জনসাধাৰণক উপহাসৰ বাহিৰে একো কৰিব নোৱাৰে।”

উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত জাতিগত হিংসা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মণিপুৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যত ৭৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তিনিদিনীয়াকৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰীগৰাকী।

পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!