অপাৰেচন সেন্দূৰৰ নেতৃত্ব দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ ৰাষ্ট্ৰপতিৰ পদক…

২৫ জানুৱাৰীত, গণৰাজ্য দিৱসৰ পূৰ্বে গেলেণ্ট্ৰি এণ্ড ডিষ্টিংচড চাৰ্ভিচ এৱাৰ্ডৰ তালিকা ঘোষণা কৰা হয়। এইবাৰ মুঠ ৮৫টা বিশেষ সেৱা পদক ঘোষণা কৰা হৈছে। এই পদকসমূহ সশস্ত্ৰ বাহিনীত বিষয়াসকলৰ অৱদানক স্বীকৃতি দিবলৈ দিয়া হয়।

অপাৰেচন সেন্দূৰৰ নেতৃত্ব দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ ৰাষ্ট্ৰপতিৰ পদক...

কৰ্ণেল ছফিয়া কুৰেশ্বী

Updated On: 

26 Jan 2026 | 01:56 PM

গণৰাজ্য দিৱসৰ উচাহৰ মাজতে দেশবাসীয়ে লাভ কৰিলে এটা ভাল খবৰ।  বিশেষ সেৱা পদকেৰে সন্মানিত কৰা হৈছে কৰ্ণেল ছফিয়া কুৰেশ্বীক। ৰাষ্ট্ৰপতি ভৱনৰ পৰা কৰা হৈছে এই ঘোষণা । দেশৰ সামৰিক বাহিনী, গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু কমাণ্ড দায়িত্বত নেতৃত্ব দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বীৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ সন্মান জনোৱা হৈছে।

২৫ জানুৱাৰীত, গণৰাজ্য দিৱসৰ পূৰ্বে গেলেণ্ট্ৰি এণ্ড ডিষ্টিংচড চাৰ্ভিচ এৱাৰ্ডৰ তালিকা ঘোষণা কৰা হয়। এইবাৰ মুঠ ৮৫টা বিশেষ সেৱা পদক ঘোষণা কৰা হৈছে। এই পদকসমূহ সশস্ত্ৰ বাহিনীত বিষয়াসকলৰ অৱদানক স্বীকৃতি দিবলৈ দিয়া হয়।

কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে ‘অপাৰেচন সেন্দূৰ’ৰ ব্রিফিঙৰ নেতৃত্ব দিছিল। ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সীমাৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰি তেওঁলোকৰ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিলে সেই বিষয়ে দেশবাসীক অৱগত কৰে। ছফিয়া কুৰেশ্বীয়ে অপাৰেচন সিন্দূৰৰ প্ৰতিটো পদক্ষেপ আৰু কিয় কৰা হ’ল, তাৰ লগতে ফটো আৰু তথ্যও উপস্থাপন কৰে। দেশৰ কন্যাৰ এনে বীৰত্বক লৈ গৌৰৱ কৰিছিল সকলোৱে। আকৌ এবাৰ বিয়পি পৰিছিল নাৰী শক্তিৰ বাৰ্তা।

অৱশ্যে কৰ্ণেল ছফিয়াই নিজৰ পেছাদাৰিত্ব আৰু নিপুণ নেতৃত্বৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল। ২০১৬ চনত ১৮খন দেশৰ সন্মুখত ভাৰতৰ সামৰিক অনুশীলনত নেতৃত্ব দি প্ৰথমে শিৰোনাম দখল কৰিছিল। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী মহিলা আছিল ছফিয়া। কঠিন আৰু প্ৰত্যাহ্বানমূলক কামত ধাৰাবাহিকভাৱে সফলতা লাভ কৰা আৰু বাহিনীসমূহৰ কাৰ্যকৰী প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে এই সন্মান লাভ কৰিছে ছফিয়াই।

এক আনুষ্ঠানিক বিবৃতি অনুসৰি ৰাষ্ট্ৰপতিয়ে এইবাৰ বিভিন্ন শাখাত বহু সন্মানৰ বাবে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত আছে ২টা কীৰ্তি চক্ৰ, ১০টা শৌৰ্য্য চক্ৰ আৰু বীৰত্বৰ বাবে ৪৪টা সেনা পদক। এই তালিকাত ১৯ খন পৰম বিশেষ সেৱা পদক, ৩৫ টা অতি বিশেষ সেৱা পদক আৰু ৭ টা যুদ্ধ সেৱা পদক সন্নিবিষ্ট কৰা হৈছে।

সন্মান প্ৰাপ্তসকলৰ ভিতৰত আছে ৮১ গৰাকী ‘মেনচন-ইন-ডিস্পেচ’ যিয়ে অপাৰেচন ৰক্ষক, অপাৰেচন স্নো লিঅ’পাৰ্ড, অপাৰেচন হিফাজাট, অপাৰেচন অৰ্কিড, অপাৰেচন মেঘদুটকে ধৰি বিভিন্ন বৃহৎ সামৰিক অভিযানত অংশগ্ৰহণ কৰাৰ লগতে উদ্ধাৰ অভিযানত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

আপোনাৰ ছালত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ব্লাড চুগাৰ!
কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইবোৰ খাদ্যই বৃদ্ধি কৰে কলেষ্টেৰলৰ মাত্ৰা! চিকিৎসকৰ পৰা জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...