কি দেখিছিল শিশুটিয়ে? মাতৃয়ে হত্যা কৰি ভৰাই থ’লে বিচনাত, পাছত প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টি…

এক নৃশংস ঘটনা। মাতৃৰ কু-কৰ্ম দেখা কাল হ'ল এটি শিশুৰ বাবে। তাৰ পাছতে শিশুটিক হত্যা কৰি মাতৃয়ে বিচনাত ভৰাই থয় আৰু পাছত প্ৰেমিকৰ সৈতে বিচনাত বহি পাৰ্টি কৰে।

কি দেখিছিল শিশুটিয়ে? মাতৃয়ে হত্যা কৰি ভৰাই থলে বিচনাত, পাছত প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টি...

মাতৃ-কন্যা

Published: 

17 Jul 2025 12:40 PM

কিমান নৃশংস হ’লে মাতৃয়ে নিজ কনমানিক হত্যা কৰিব পাৰে? কিন্তু শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। ৬ বছৰীয়া এটি শিশুয়ে মাতৃৰ এনে এক কাণ্ড দেখিছিল, যি দেখা তেওঁৰ বাবে মৃত্যুৰ কাৰণ হৈ পৰে। পোহৰলৈ অহা তথ্য অনুসৰি শিশুটিয়ে তেওঁৰ মাতৃ ৰৌশনীক প্ৰেমিকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা দেখা পাইছিল। সেই সময়ত স্বামী ঘৰত নাছিল। অন্য পুৰুষৰ সৈতে মাকক দেখাৰ পাছতে শিশুটিয়ে সমগ্ৰ ঘটনা পিতৃৰ আগত কৈ দিম  বুলি কয়। প্ৰথম অৱস্থাত মাতৃয়ে তেওঁক বুজোৱাৰ চেষ্টা কৰে যদিও পাছত হত্যা কৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত।

অভিযোগ অনুসৰি, এই হত্যাকাণ্ডত মহিলাগৰাকীৰ প্ৰেমিকেও সহায় কৰিছিল। মাতৃয়ে কনমানিটোক ডিঙি চেপি হত্যা কৰে আৰু পাছত বিচনাত ভৰাই থৈ দিয়ে। পাছত সেইখনত বিচনাতে প্ৰেমিক উদিত জয়ছোৱালৰ সৈতে ৰৌশনীয়ে মদ্যপান কৰি পাৰ্টি কৰে। সেই নিশা তেওঁলোকে ড্ৰাগছ সেৱন কৰে আৰু সেই বিচনাখনতে শুই থাকে।

কিন্তু যেতিয়া মৃতদেহটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে তেতিয়া বিচনাৰ পৰা উলিয়াই আনে আৰু এচিৰ কাষত ৰাখে। পাছত মৃতদেহটোৰ ওপৰত পাৰফিউম দিয়ে আৰু ঘৰটো ফেনাইলেৰে ধোৱে। ইয়াৰ পাছতে মহিলাগৰাকীয়ে এই হত্যাকাণ্ডত স্বামী শ্বাহৰুখক দোষী কৰাৰ পৰিকল্পনা কৰে। পৰিকল্পনা অনুসৰি, মহিলাগৰাকীয়ে আৰক্ষীক ফোন কৰি কয় যে, স্বামীয়ে তেওঁলোকৰ সন্তানক হত্যা কৰি পলায়ন কৰে। কিন্তু যেতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে তেতিয়া গম পাই যে মৃতদেহটে ৩৬ ঘন্টা পুৰণি।

ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিশুটিৰ মাতৃ ৰৌশনী আৰু তেওঁৰ প্ৰেমিত উদিতক। আৰক্ষীৰ জেৰাৰ সময়ত সকলো কথা খুলি কয় দুই অভিযুক্তই। উদিতে আৰক্ষীক জনাই যে, ৰৌশনীয়ে শিশুটিক হত্যা কৰিছে, তেওঁ কেৱল সহায় কৰিছে। তেওঁ কয়, “শনিবাৰে নিশা আমাক দুয়োকে আপত্তিজনক পৰিস্থিতিত শিশুটিয়ে দেখা পাইছিল। তাৰ পাছত এই কথা দেউতাকৰ আগত কৈ দিম বুলি কৈছিল। এই বিষয়ে তেওঁক বুজাবলৈ চেষ্টা কৰা হৈছিল যদিও বুজি পোৱা নাছিল। এনে অৱস্থাত ৰৌশনীয়ে শিশুটিক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। যেতিয়া শিশুটিয়ে চিঞৰে তেতিয়া ডিঙি চেপি হত্যা কৰে। ইয়াৰ পাছত মৃতদেহটো বিচনাত ভৰাই থয়”।

জানিব পৰা মতে, সেই সময়ত মহিলাগৰাকীৰ স্বামী ভনীয়েকৰ ঘৰত আছিল। তাৰ পাছতে উদিতে কয় যে, “শিশুটিক বিচনাত ভৰাই থোৱাৰ পাছতে আমি পাৰ্টি কৰিছিলো। কিন্তু মৃতদেহটোৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ কৰাত আমি শ্বাহৰুখক জালত পেলোৱাৰ চেষ্টা কৰিছিলো”।

উল্লেখ্য যে, এই ঘটনাত আৰক্ষীয়ে প্ৰথম অৱস্থাত ৰোশনীৰ ভায়েক ছলমান, শাহুৱেক পাৰবীনক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু সত্য পোহৰলৈ অহাৰ পাছত সোমবাৰ (১৪ জুলাই)য়ে আটাইকেইজনক মুকলি কৰি দিয়ে।  এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক।

 

অন্য খবৰ পঢ়কঃ কৃষ্ণাইৰ পাইকানত ডাঙৰ ঘটনা! বন বিভাগৰ লোকক আক্ৰমণ উচ্ছেদিতৰ, গুলীচালনাত নিহত ১, আহত কেইবাজন…

শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক...
শাওনৰ শিৱৰাত্ৰিত বিৰল সংযোগ! ৩ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন...
তেজত কলেষ্টেৰল বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
শাওন মাহত পৰিধান কৰক এইসমূহ বস্ত্ৰ, লাভ কৰিব শিৱৰ কৃপা!