বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে সীমান্তত BSF-BGBৰ বৈঠক, পাৰস্পৰিক সহযোগিতাৰ আশ্বাস

ইফালে যদি কাঁইটীয়া তাঁৰৰ বেৰক লৈ বাংলাদেশ সীমান্তৰক্ষীৰ (BGB) সৈতে সংঘৰ্ষ, আনফালে আকৌ সীমান্তত মাটি থকা কৃষকৰ পৰা শস্য চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। এনেবোৰ অনিয়ন্ত্ৰিত কাৰ্যকলাপৰ মাজতে আকৌ এবাৰ আলোচনাত বহিছে বিএছএফ আৰু বিজিবি।

বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে সীমান্তত BSF-BGBৰ বৈঠক, পাৰস্পৰিক সহযোগিতাৰ আশ্বাস

সীমান্তত শান্তি বিচাৰি ভাৰত-বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ আলোচনা

Edited By: 

Raj Saikia | Updated On: 12 Feb 2025 | 02:23 PM

বংগবন্ধু মুজিবুৰ ৰহমানৰ ঘৰত আক্ৰমণৰ পাছত পুনৰ উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি । ইফালে সীমান্ততো অব্যাহত আছে অশান্তি । এফালে যদি কাঁইটীয়া তাঁৰৰ বেৰক লৈ বাংলাদেশ সীমান্তৰক্ষীৰ (BGB) সৈতে সংঘৰ্ষ, আনফালে আকৌ সীমান্তত মাটি থকা কৃষকৰ পৰা শস্য চুৰি হোৱাৰ অভিযোগ উত্থাপন । এনেবোৰ অনিয়ন্ত্ৰিত কাৰ্যকলাপৰ মাজতে আকৌ এবাৰ আলোচনাত বহিছে বিএছএফ আৰু বিজিবি । এই বৈঠকতে দুয়োখন দেশে সীমান্তত শান্তি বজাই ৰখাৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ।  উভয়ৰে সন্মতিক্ৰমে পাৰস্পৰিক সহযোগিতাৰ বাবে সন্মত হৈছে দুয়ো পক্ষ।

 বৈঠকতে কি কি আলোচনা হ’ল?

এই বৈঠকত উপস্থিত আছিল বিএছএফৰ দক্ষিণ বংগ সীমান্ত মহাপৰিদৰ্শকৰ মনিন্দৰ পি এছ পাৱাৰ। লগতে অংশগ্ৰহণ কৰিছিল সীমান্ত বিজিবিৰ উত্তৰ-পশ্চিম অঞ্চলৰ আঞ্চলিক কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল এছ এম জাহিদুৰ ৰহমানে।

উক্ত বৈঠকত সীমান্তৰ শান্তি উন্নীত কৰা, সমন্বয় বৃদ্ধি কৰা আৰু দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ আহ্বান জনোৱা হয় । লগতে এই বৈঠকত এচাৰা সীমান্ত অঞ্চলৰ উন্নয়ন নিৰীক্ষণ, অবৈধ সৰবৰাহ ৰোধৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে আলোচনা হয় । অৱশ্যে বৈঠক সীমান্তৰ পৰিস্থিতিৰ দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা বুলি জানিব পৰা গৈছে ।

বৈঠকত দক্ষিণ বংগ সীমান্তৰ আইজিয়ে কয় যে সীমান্তত শান্তি বজাই ৰখাৰ ক্ষেত্ৰত দুয়োখন দেশৰ অৰ্ধসামৰিক বাহিনীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । লগতে তেওঁ আঙুলিয়াই দিয়ে যে উভয় শক্তিৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়ে কেৱল সীমান্ত সুৰক্ষা শক্তিশালী কৰাই নহয়, দ্বিপাক্ষিক সম্পৰ্ককো নতুন উচ্চতালৈ উন্নীত কৰিব। বৈঠকত সহযোগিতা আৰু যৌথ নিৰাপত্তা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত সৰ্বসন্মতিক্ৰমে বিএছএফ আৰু বিজিবিয়ে দুয়োখন দেশে ইখনে সিখনক সহযোগিতা আগবঢ়াব বুলি একমত প্ৰকাশ কৰে। এই ক্ষেত্ৰত সমন্বয় আৰু অধিক সম্প্ৰসাৰিত হ’ব। শান্তি বজাই ৰখাত পৰস্পৰে পৰস্পৰক সহায় কৰিব বুলিও উল্লেখ কৰে বৈঠকত।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ