কংগ্ৰেছৰ মুখ আছিল ৱিনেশ-বজৰং! ক্ষোভিত ব্ৰিজ ভূষণৰ অভিযোগ

দেশৰ দুই প্ৰাক্তন তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাট আৰু বজৰং পুনিয়াই শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰাৰ পিছতে দুই তাৰকাৰ লগতে কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে বিজেপি নেতা ব্ৰিজ ভূষণ চৰণ সিঙে। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে তেওঁৰ বিৰুদ্ধে হোৱা মল্লযুঁজাৰুৰ প্ৰতিবাদত ৱিনেশ আৰু বজৰং কংগ্ৰেছৰ মুখ আছিল বুলি দাবী কৰে।

কংগ্ৰেছৰ মুখ আছিল ৱিনেশ-বজৰং! ক্ষোভিত ব্ৰিজ ভূষণৰ অভিযোগ

বিজেপি নেতা ব্ৰিজ ভূষণ চৰণ সিং

Published: 

08 Sep 2024 12:23 PM

শুকুৰবাৰে কংগ্ৰেছত যোগদান কৰে দেশৰ দুই প্ৰাক্তন তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাট আৰু বজৰং পুনিয়াই। দুই তাৰকাৰ কংগ্ৰেছত যোগদানৰ পিছতে শাসকীয় বিজেপি দলৰ কেইবাগৰাকীও নেতাই ৱিনেশ, বজৰঙক সমালোচনাৰ লক্ষ্য কৰি লৈছে। বিশেষকৈ দলটোৰ শক্তিশালী নেতা ব্ৰিজ ভূষণ চৰণ সিং ৱিনেশ আৰু বজৰঙৰ বিপক্ষে অধিক আক্ৰমণাত্মক হৈ পৰিছে। প্ৰধানতঃ ব্ৰিজ ভূষণৰ বিৰুদ্ধে দুই তাৰকাৰ নেতৃত্বত গত সময়ছোৱাত গঢ়ি উঠা মল্লযুঁজাৰুৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিজেপি নেতাগৰাকী অধিক আক্ৰমণাত্মক হৈ উঠিছে। এই প্ৰসঙ্গতে তেওঁ কংগ্ৰেছকো তীক্ষ্ণ সমালোচনা কৰিছে।

ব্ৰিজ ভূষণ চৰণ সিঙৰ অভিযোগ, কংগ্ৰেছে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনত নিয়ন্ত্ৰণ আৰু সমান্তৰালকৈ বিজেপিক আক্ৰমণ কৰাৰ ষড়যন্ত্ৰৰে মল্লযুঁজাৰু ৱিনেশ ফ’গাট আৰু বজৰং পুনিয়াক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ লগতে কয় যে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ দীপেন্দ্ৰ হুদাক পৰাস্ত কৰিছিল। সেয়েহে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছৰ ক্ষোভ আছে বুলি দাবী কৰে ব্ৰিজ ভূষণ সিঙে।

মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন সভাপতি তথা বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত হোৱা প্ৰতিবাদৰ প্ৰধান দুগৰাকী ব্যক্তি আছিল ফ’গাট আৰু পুনিয়া। তেওঁলোকৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ব্ৰিজ ভূষণ চৰণ সিঙে দাবী কৰে যে ৱিনেশ আৰু বজৰং কংগ্ৰেছৰ মুখ তথা হাথিয়াৰহে আছিল। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ হুদা, কংগ্ৰেছ পৰিয়ালে তেওঁলোকক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল বুলি বিজেপি নেতাগৰাকীয়ে লগতে দাবী কৰে।

উল্লেখ্য যে দীপেন্দৰ হুডাৰ সৈতে কঠিন প্ৰতিদ্বন্দ্বিতাৰ অন্তত ২০১২ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ব্রিজ ভূষণ সিং। বিগত বৰ্ষত যৌন নিৰ্যাতনৰ অভিযোগেৰে মহিলা মল্লযুঁজাৰুসকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতহে ফেডাৰেচনৰ সভাপতি পদৰ পৰা আঁতৰিছিল ব্ৰিজ ভূষণ। সম্প্ৰতি এই অভিযোগ সন্দৰ্ভত আদালতত অপৰাধমূলক অভিযোগো উত্থাপন হৈছে।

ব্ৰিজ ভূষণ চৰণ সিং ফেডাৰেচনৰ সভাপতি পদৰ পৰা আঁতৰাৰ পিছত তেওঁৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক ফেডাৰেচনৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হয় যদিও এই সংস্থাটোৱে এতিয়াও ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা স্বীকৃতি লাভ কৰা নাই। ইফালে শুকুৰবাৰে কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতে ৱিনেশ ফ’গাটে ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব বুলি মন্তব্য কৰিছিল৷ লক্ষণীয়ভাৱে আগন্তুক হাৰিয়ানা নিৰ্বাচনত কংগ্ৰেছে জুলানা আসনৰ পৰা ফ’গাটক প্ৰক্ষেপ কৰিছে।

আনহাতে বজৰং পুনিয়াক দলে সৰ্বভাৰতীয় কিষাণ কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি হিচাপে নিযুক্তি দিয়ে। ইয়াৰ বিপৰীতে মল্লযুঁজাৰুৰ আন্দোলনৰ অন্যতম এগৰাকী আগশাৰীৰ নেতৃত্ব বহনকাৰী মল্লযুঁজাৰু সাক্ষী মালিকে অৱশ্যে ৰাজনীতিত যোগদান কৰিবলৈ অস্বীকাৰ কৰে। সাক্ষী মালিকে কোনো সংগঠনত যোগদান নকৰাকৈয়ে আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...