দিল্লীত উশাহ লোৱা ১৪ টা চিগাৰেট সেৱন কৰাৰ সমান, ভয়ংকৰ তথ্য পোহৰলৈ…

Delhi Polution: দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে দিল্লীৰ বায়ু প্ৰদূষণে। দিল্লীত এতিয়া সাধাৰণ মানুহৰ বাবে উশাহ লোৱা সমস্যাৰ কাৰণ হৈ পৰিছে। দিল্লীত উশাহ লোৱা ১৪ টা চিগাৰেটৰ সমান বুলি ক'ব পাৰি।

দিল্লীত উশাহ লোৱা ১৪ টা চিগাৰেট সেৱন কৰাৰ সমান, ভয়ংকৰ তথ্য পোহৰলৈ...

দিল্লীৰ প্ৰদূষণ

Updated On: 

02 Dec 2025 16:23 PM

দিল্লীৰ বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দেৱালীৰ পাছত এই প্ৰদূষণৰ মাত্ৰা অধিক হৈ এতিয়া ই স্বাস্থ্যৰ বাবে বিপদজনক হৈ পৰিছে। দিল্লীত উশাহ লোৱা কোনো সমস্যাক হাত বাউল দি মতাতকৈ কম নহয়। AQI.IN য়ে দিল্লী, মুম্বাই, বেংগালুৰু আৰু চেন্নাইৰ PM2.5 মাত্ৰা তুলনা কৰিছে, যাৰ দ্বাৰা প্ৰমাণ পোৱা যায় যে কেনেকৈ প্ৰতিদিনে মানুহে বিষাক্ত বায়ু সেৱন কৰি আছে। ভাৰতৰ কেইবাখনো চহৰে এতিয়া বায়ুৰ গুণগত সূচাংকৰ বিৰুদ্ধে যুঁজি আছে। ইয়াৰ মাজতে AQI.IN ৰ নতুন তথ্যই আপোনাক বুজাত সহায় কৰিব যে দিল্লীৰ বায়ু কিমান ভয়ংকৰ।

বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত PM2.5-চিগাৰেটৰ সমতুল্যতা আৰ্হি ব্যৱহাৰ কৰি এই বিশ্লেষণে জটিল বায়ুৰ গুণাগুণৰ ৰিডিংক এটা সৰল আৰু সম্পৰ্কীয় স্বাস্থ্য তুলনালৈ অনুবাদ কৰে। AQI.IN ৰ ৰিয়েল টাইম ডাটা অনুসৰি, দিল্লীয়ে সৰ্বাধিক গড় PM2.5ৰ ঘনত্ব ৰেকৰ্ড কৰে, যি যোৱা সপ্তাহত প্ৰায় প্ৰতি ঘনমিটাৰত ৩০০ মাইক্ৰ’গ্ৰামতকৈ অধিক আছিল। ৰূপান্তৰণ সূত্ৰ অনুসৰি, প্ৰতি ঘনমিটাৰ PM2.5ত ২২ মাইক্ৰ’গ্ৰাম এটা চিগাৰেটৰ সমান। ইয়াৰ অৰ্থ এয়াই যে, দিল্লীৰ এজন মানুহে প্ৰতিদিনে ১৩-১৪ টা চিগাৰেটৰ সমতু্ল্য হিচাপত দূষিত বায়ু সেৱন কৰি আছে। এয়া উশাহৰ দ্বাৰা সকলো মানুহৰ ভিতৰলৈ যায়।

ইফালে মুম্বাইত প্ৰতি ঘনমিটাৰত ৮০ৰ পৰা ৯০ মাইক্ৰ’গ্ৰামৰ মাত্ৰাৰ ৰেকৰ্ড পোৱা গৈছে, যি প্ৰতিদিনে প্ৰায় ৪ টা চিগাৰেট খোৱাৰ সমান। বেংগালুৰুত পিএম২.৫ৰ গড় প্ৰতি ঘনমিটাৰত প্ৰায় ৫০ মাইক্ৰ’গ্ৰাম, যাৰ অৰ্থ হ’ল দৈনিক প্ৰায় দুটাৰ পৰা তিনিটা চিগাৰেট। চেন্নাইত প্ৰতি ঘনমিটাৰত প্ৰায় ৪০ মাইক্ৰ’গ্ৰাম, যিটো দিনটোত প্ৰায় দুটা চিগাৰেটৰ সমতুল্য।

দীৰ্ঘদিন ধৰি এই বায়ুৰ সংস্পৰ্শত আহিলে মানুহে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হৃদৰোগ আদিত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হয়। ইয়াৰোপৰি আযুস হ্ৰাস পায়। অধ্যয়নত দেখা গৈছে যে, প্ৰতি ঘনমিটাৰত ২২ মাইক্ৰ’গ্ৰাম PM 2.5 ত সংস্পৰ্শত থকা, যি দিনত এটা চিগাৰেটৰ দৰে একে। ধাৰাবাহিকভাৱে ইয়াৰ সংস্পৰ্শলৈ আহিলে মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। গৱেষণা অনুসৰি, দিনটোৰ বাবে ২২ μg/m3 PM2.5 ৰ সংস্পৰ্শলৈ অহাটো চিগাৰেট খোৱাৰ দৰে একেই।

এই তথ্যৰ পৰা পোহৰলৈ আহিছে যে, ভাৰতৰ ডাঙৰ চহৰ বুলি খ্যাত বহু চহৰত মানুহে উশাহৰ সৈতে বহুত বেছি প্ৰদূষণ লৈ আছে। বহু ঠাইত ইয়াৰ অৰ্থ চিগাৰেট খোৱাৰ দৰে একেই। এই তথ্য চিগাৰেটৰ সৈতে তুলনা কৰি প্ৰচাৰ অৰ্থ এয়াই যে যাতে মানুহে ইয়াৰ সৈতে নিজকে সংলগ্ন কৰিব পাৰে। AQI.IN ৰ উদ্দেশ্য এয়াই যে, বিশুদ্ধ বায়ুৰ বাবে মানুহে সজাগ হওক।

 

 

অন্য খবৰ পঢ়কঃ হামাছৰ দৰে দেশত ড্ৰ’ন আক্ৰমণৰ পৰিকল্পনা! ডেনিছৰ ফোনত ভয়ংকৰ তথ্য…

বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ? বিশেষজ্ঞৰ মতে কোনটো খাব লাগে ? জানক
কেৱল জণ্ডিচ বা পেট ফুলাই নহয় ! লিভাৰৰ সমস্যা হ'লে হাত-ভৰিত কি কি লক্ষণ দেখা যায়? জানক
এসপ্তাহ নিমখ কমকৈ খালে শৰীৰত কি কি পৰিৱৰ্তন দেখিব? জানি হ'ব আচৰিত!
দৰিদ্ৰতা অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই ৩ সংকেত...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী