পৰিয়াল হোৱা নাছিল সন্মত! নিশা খেতি-পথাৰলৈ মাতিলে প্ৰেমিকক, পাছত যুৱতীৰ এক ভয়ংকৰ কাণ্ড…

পুনৰ অকালতে প্ৰাণ হেৰুৱালে এহাল প্ৰেমিক-প্ৰেমিকাই। জানিব পৰা মতে, দুয়োৰে সম্পৰ্ক যুৱতীগৰাকীৰ পৰিয়ালে মানি লোৱা নাছিল। এই কথাত ক্ষুব্ধ হৈ পৰিছিল যুৱতীগৰাকীৰ। যাৰ বাবে গ্ৰহণ কৰে এক ভয়ংকৰ সিদ্ধান্ত।

পৰিয়াল হোৱা নাছিল সন্মত! নিশা খেতি-পথাৰলৈ মাতিলে প্ৰেমিকক, পাছত যুৱতীৰ এক ভয়ংকৰ কাণ্ড...

ঘটনাস্থলী

Updated On: 

30 Nov 2025 | 09:12 PM

অকালতে শেষ হৈ গ’ল দুটা জীৱন! এহাল প্ৰেমিক-প্ৰেমিকাই গ্ৰহণ কৰিলে জীৱনৰ শেষ সিদ্ধান্ত। জানিব পৰা মতে,  ঘৰৰ পৰা এগৰাকী যুৱতীৰ বিয়া ঠিক কৰিছিল, কিন্তু তেওঁৰ প্ৰেম আছিল অন্য এজন যুৱকৰ সৈতে। বাৰে বাৰে চেষ্টা কৰিও অংশু নামৰ যুৱকজনৰ সৈতে যুৱতীগৰাকীয়ে বিয়াত বহিবলৈ পৰিয়ালৰ লোকক মান্তি কৰিব পৰা নাছিল। যাৰ বাবে তেওঁ প্ৰেমিকক মাতি আনি জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বিজনোৰত।

ঘটনাৰ বিৱৰণী অনুসৰি, ২১ বছৰীয়া যুৱক অংশু আৰু ১৯ বছৰীয়া যুৱতীগৰাকীৰ মাজত ২ বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো বিয়া হ’ব বিচাৰিছিল যদিও পৰিয়াল মান্তি হোৱা নাছিল। ইফালে অহা ডিচেম্বৰ মাহত যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ বিয়া অন্য এজন যুৱকৰ সৈতে ঠিক কৰিছিল। এই কথা মানি ল’ব পৰা নাছিল যুৱতীগৰাকীয়ে।

সোমবাৰ (১ ডিচেম্বৰ)য়ে যুৱতীগৰাকীৰ শহুৰেকৰ ঘৰৰ মানুহ অহা কথা আছিল। যুৱতীগৰাকীয়ে বাৰে বাৰে বিয়া ভাঙিবলৈ পৰিয়ালক কাকূতি-মিনতি কৰিছিল যদিও কোনোৱে মানি লোৱা নাছিল। যাৰ বাবে যুৱতীগৰাকীয়ে গ্ৰহণ কৰে এক ডাঙৰ সিদ্ধান্ত। শনিবাৰে নিশা তেওঁ প্ৰেমিক অংশুক খেতিপথাৰলৈ মাতি আনে আৰু তাতে এডাল গছত দুয়ো জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে।

দেওবাৰে পুৱা দুয়োৰে মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। যুৱক আৰু যুৱতীগৰাকীয়ে এই কাণ্ডৰ বাবে ব্যৱহাৰ কৰা কাপোৰখন যুৱতীগৰাকীৰ আছিল। তথ্য অনুসৰি, অংশু বিএৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিল আনহাতে যুৱতীগৰাকীয়ে ইণ্টাৰমিডিয়েট ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে কয় যে, দুয়ো একে জাতিৰ আছিল, কিন্তু পৰিয়ালে যুৱতীগৰাকীৰ বিয়া অন্য যুৱকৰ সৈতে ঠিক কৰাত তেওঁ মানসিকভাৱে ভাগি পৰিছিল। আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ কোঠাৰ ভিতৰত ৫৫ বছৰীয়া মাতৃ আৰু প্ৰেমিক! পুত্ৰই সংঘটিত কৰিলে গাৰ নোম শিয়ৰি উঠা কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...