২০২৯ত পুনৰ মোদী চৰকাৰ! দৃঢ় বিশ্বাসী অমিত শ্বাহ, কংগ্ৰেছৰ পৰাজয়ৰ কাৰণো কৰিলে বাখ্যা

অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে সততে তেওঁলোক কিয় বাৰে বাৰে নিৰ্বাচনত পৰাস্ত হয় বুলি এক আজৱ প্ৰশ্ন উত্থাপন কৰে। ৰাহুল গান্ধীৰ এই প্ৰশ্নৰ প্ৰত্যুত্তৰ দি গৃহমন্ত্ৰীগৰাকীয়ে কয়, "মই আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি ইয়াৰ মূল কাৰণ দুটা বুজি লওক, তেতিয়াহে আপুনি বুজিব যে ৰাইজে আপোনালোকক কিয় প্ৰত্যাখ্যান কৰে।"

২০২৯ত পুনৰ মোদী চৰকাৰ! দৃঢ় বিশ্বাসী অমিত শ্বাহ, কংগ্ৰেছৰ পৰাজয়ৰ কাৰণো কৰিলে বাখ্যা

অমিত শ্বাহ

Updated On: 

28 Dec 2025 | 07:44 PM

বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত একেৰাহে তিনিটা কাৰ্যকালৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিছে বিজেপিয়ে। পিছে তাৰ পিছতো থমকি নৰয় বিজেপিৰ বিজয় ৰথ। ২০২৯ৰ লোকসভা নিৰ্বাচনতো বিজেপিয়ে জয়লাভ কৰিব আৰু পুনৰবাৰ দেশৰ শাসনলৈ আহিব মোদী চৰকাৰ। এই কথাত দৃঢ় বিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি গুজৰাটত এক অনুষ্ঠানত অংশ লৈ এই দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। কেৱল নিজ দলৰ সফলতাই নহয়, অমিত শ্বাহে আগবঢ়াইছে কংগ্ৰেছৰ বিফলতাৰো বাখ্যা।

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি অমিত শ্বাহৰ দাবী, ৰাহুল গান্ধীয়ে কেতিয়াও উন্নয়নৰ ৰাজনীতি কৰা নাই আৰু তেওঁ গুৰুত্বপূৰ্ণ ৰাজহুৱা বিষয়বোৰৰ পৰা সদায় আঁতৰি থাকে। মোদী চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো জনহিতকৰ পদক্ষেপৰ কংগ্ৰেছে বিৰোধিতা কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে।

নিজ ভাষণত অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে সততে তেওঁলোক কিয় বাৰে বাৰে নিৰ্বাচনত পৰাস্ত হয় বুলি এক আজৱ প্ৰশ্ন উত্থাপন কৰে। ৰাহুল গান্ধীৰ এই প্ৰশ্নৰ প্ৰত্যুত্তৰ দি গৃহমন্ত্ৰীগৰাকীয়ে কয়, “মই আপোনাক অনুৰোধ কৰিছোঁ যে আপুনি ইয়াৰ মূল কাৰণ দুটা বুজি লওক, তেতিয়াহে আপুনি বুজিব যে ৰাইজে আপোনালোকক কিয় প্ৰত্যাখ্যান কৰে।”

২০২৯ত পুনৰ মোদী চৰকাৰ

পশ্চিমবংগ আৰু তামিলনাডুৰ প্ৰসংগ টানি আনি শ্বাহে ভৱিষ্যদ্বাণী কৰে যে এই দুয়োখন ৰাজ্যতে কংগ্ৰেছৰ পৰাজয় নিশ্চিত। তেওঁ কয়, “ৰাহুল বাবা, এতিয়াই পৰাজিত হৈ ভাগৰি নাযাব। বংগ আৰু তামিলনাডুত আপোনালোকৰ শোচনীয় পৰাজয় হ’ব আৰু ২০২৯ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব।”

“ইয়াৰ একমাত্ৰ কাৰণ হ’ল আমাৰ দলৰ নীতি, যাৰ সৈতে দেশৰ জনসাধাৰণে একাত্মবোধ কৰে।”- এই মন্তব্য অমিত শ্বাহৰ। তেওঁ লগতে বিজেপি চৰকাৰে ১৯৭৩ চনৰ পৰা সংস্থাপন দিয়া অবৈধ লোকসকলক কোনো আন্দোলন নোহোৱাকৈয়ে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ সাহস দেখুৱাইছে বুলিও মন্তব্য কৰে।

চৰকাৰৰ সকলো কামৰে বিৰোধ ৰাহুল গান্ধীৰ

অমিত শ্বাহে লগতে কয়, “আমি ৰাম মন্দিৰ নিৰ্মাণ কৰোঁ, আপুনি তাৰ বিৰোধিতা কৰে। আমি পাকিস্তানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইক কৰোঁ, আপুনি তাৰ বিৰোধিতা কৰে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিলে আপুনি প্ৰতিবাদ কৰে। আমি কাশীত বিশ্বনাথ ধাম নিৰ্মাণ কৰোঁ, ৩৭০ অনুচ্ছেদ বাতিল কৰোঁ, ট্ৰিপল তালাক বিলুপ্ত কৰোঁ আৰু ইউনিফৰ্ম চিভিল কোড (UCC) প্ৰৱৰ্তনৰ কথা কওঁ, আপুনি কেৱল প্ৰতিবাদহে কৰিব জানে।”

ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ কৰি অমিত শ্বাহৰ মন্তব্য- যিবোৰ কাম দেশৰ জনসাধাৰণে ভাল পায় আৰু কংগ্ৰেছে যদি সেইবোৰৰে বিৰোধিতা কৰি থাকে, তেন্তে তেওঁলোকে ভোট পাব ক’ৰ পৰা? শ্বাহৰ মতে, ৰাহুল গান্ধীক পতিয়ন নিয়াব পৰা ক্ষমতা কাৰোৰে নাই। যিজন ব্যক্তিক নিজৰ দলৰ সতীৰ্থসকলে বুজাব নোৱাৰে, তেনে এজনক বিৰোধীয়ে বুজোৱাটো অসম্ভৱ বুলিও তেওঁ মন্তব্য কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...