বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন? কেতিয়া ঘোষণা হ’ব জেপি নাড্ডাৰ উত্তৰাধিকাৰী…

Bjp New President: শীঘ্ৰেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি। ইয়াক লৈ ইতিমধ্যে সময়সূচী ঘোষণা কৰা হৈছে। হ'বলগীয়া নিৰ্বাচনক লৈ ১৯ জানুৱাৰীত মনোনয়ন দাখিল কৰা হ’ব, আৰু ২০ জানুৱাৰীত ঘোষণা কৰা হ’ব নতুন সভাপতি।

বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি কোন? কেতিয়া ঘোষণা হব জেপি নাড্ডাৰ উত্তৰাধিকাৰী...

বিজেপিৰ নতুন সভাপতি

Published: 

16 Jan 2026 | 03:43 PM

শীঘ্ৰেই বিজেপিয়ে লাভ কৰিব নতুন ৰাষ্ট্ৰীয় সভাপতি (Bjp New President)। এই সন্দৰ্ভত শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰী সভাপতি নিৰ্বাচনৰ সূচী প্ৰকাশ কৰিছে। প্ৰকাশিত সূচী অনুসৰি, ১৯ জানুৱাৰীত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হ’ব আৰু ২০ জানুৱাৰীত ঘোষণা হ’ব নতুন সভাপতিৰ নাম। সূত্ৰ অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন বিনা প্ৰতিদ্বন্দ্বিতাৰে এই নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে। আন কোনো নেতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা ক্ষীণ

তথ্য অনুসৰি, ১৯ জানুৱাৰীৰ বিয়লি ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব লাগিব। সেই দিনটোতে বিয়লি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব লাগিব।

কোন হ’ব বিজেপিৰ নতুন সভাপতি?

মনোনয়ন পত্ৰ দাখিলৰ পাছত প্ৰয়োজন হ’লে ২০ জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই দিনাই আনুষ্ঠানিকভাৱে বিজেপিৰ নতুন সভাপতিৰ নাম ঘোষণা কৰা হ’ব। সূত্ৰ অনুসৰি, বিজেপিৰ বৰ্তমানৰ সভাপতি জেপি নাড্ডাৰ ঠাই ল’ব পাৰে নীতিন নবীনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্নজনে নবীনকে সমৰ্থন কৰিছে।

বিজেপিৰ প্ৰয়াত নেতা তথা প্ৰাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ পুত্ৰ নিতীন নবীন। তেওঁ আৰ এছ এছৰ এজন সক্ৰিয় কৰ্মী আছিল। বিহাৰৰ বাংকিপুৰ বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰা নীতিন নবীনে দুবাৰকৈ বিহাৰ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। এইগৰাকী জ্যোষ্ঠ নেতাই এতিয়া বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি হব পাৰে।

উল্লেখ্য যে, ২০১৯ চনৰ জুন মাহত জেপি নাড্ডাক প্ৰথমবাৰৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। পাছত ২০২০ চনৰ ২০ জানুৱাৰীত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হৈছিল। দীৰ্ঘদিন ধৰি তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

 

 

 

অন্য খবৰ পঢ়কঃ ইৰাণ আক্ৰমণ কৰিব পাৰে আমেৰিকাই! কি প্ৰভাৱ পৰিব ভাৰতীয় বজাৰত?

গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
এই ৫টা ভুলে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি