পৰিৱৰ্তনৰ ইংগিত নে চৰকাৰৰ প্ৰতি সমৰ্থন! বিহাৰ নিৰ্বাচনত ভোটদানৰ হাৰে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ

এই অভিলেখ সংখ্যক ভোটদানক যদি কোনোৱে চৰকাৰ পৰিৱৰ্তনৰ ইংগিত আখ্যা দিছে, আনফালে আকৌ আন একাংশই এই ভোটদানৰ হাৰক বৰ্তমানৰ শাসকীয় চৰকাৰৰ প্ৰতি উপকাৰ হিচাপে গণ্য কৰিছে।

পৰিৱৰ্তনৰ ইংগিত নে চৰকাৰৰ প্ৰতি সমৰ্থন! বিহাৰ নিৰ্বাচনত ভোটদানৰ হাৰে ভংগ কৰিলে পূৰ্বৰ সকলো অভিলেখ

বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান

Updated On: 

08 Nov 2025 11:59 AM

বিহাৰত এতিয়া বলিছে নিৰ্বাচনৰ বতহ। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত উবুৰি খাই পৰিছে দেশৰ ৰাজনীতিৰ ৰথী-মহাৰথীসকল। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত হয়। প্ৰথম পৰ্যায়ৰ বিহাৰ নিৰ্বাচনত একপ্ৰকাৰে সৃষ্টি হৈছে এক ইতিহাসৰ। ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰৰ ঐতিহাসিক অংশগ্ৰহণে ভংগ কৰিছে পূৰ্বৰ সকলো অভিলেখ। এইবাৰ বিহাৰত স্বাধীনতাৰ পিছত সৰ্বাধিক ভোটদানৰ হাৰ দেখা গৈছে। ভোটদানৰ এই ঐতিহাসিক হাৰক বিৰোধী দলসমূহে পৰিৱৰ্তনৰ লক্ষণ বুলি অভিহিত কৰিছে।

নির্বাচন আয়োগে আজি প্রকাশ কৰা তথ্য অনুসৰি বিহাৰ নিৰ্বাচনৰ প্রথম পর্যায়ত ৬৫.০৮ শতাংশ ভোটদানৰ হাৰ পোৱা গৈছে৷ এই অভিলেখ সংখ্যক ভোটদানক যদি কোনোৱে চৰকাৰ পৰিৱৰ্তনৰ ইংগিত আখ্যা দিছে, আনফালে আকৌ আন একাংশই এই ভোটদানৰ হাৰক বৰ্তমানৰ শাসকীয় চৰকাৰৰ প্ৰতি উপকাৰ হিচাপে গণ্য কৰিছে।

প্রথম পর্যায়ত ভোটদানৰ ক্ষেত্ৰত লিংগ অনুপাতে ভোটাৰৰ সংখ্যা এতিয়াও প্রকাশ কৰা নাই নির্বাচন আয়োগে৷ শীঘ্ৰেই আয়োগে প্ৰথম পৰ্যায়ত ভোটদান কৰা ভোটাৰৰ লিংগ অনুপাতৰ হাৰ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। এই তথ্যৰ জৰিয়তে এইবাৰ নিৰ্বাচনত মহিলা নে পুৰুষৰ অংশীদাৰিত্ব অধিক, সেই বিষয়ে জানিব পৰা যাব।

পৰিৱৰ্তনৰ আশা বিৰোধীৰ

ভোটাৰৰ ভোটদান বৃদ্ধিৰ আধাৰত বিভিন্ন ব্যাখ্যা দেখিবলৈ পোৱা গৈছে। বহু বিৰোধী নেতাই ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে ক্ষমতাৰ পৰিৱৰ্তনৰ ইংগিত দিছে বুলি দাবী কৰিছে। ইফালে জন স্বৰাজ দলৰ প্ৰতিস্থাপক প্ৰশান্ত কিশোৰে ভোটাৰৰ হাৰ বৃদ্ধিৰ ফলত তেওঁৰ দল লাভান্বিত হ’ব বুলি মন্তব্য কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ সংস্থা ANIৰ আগত মত প্ৰকাশ কৰি নিৰ্বাচনত এইবাৰ NDA- ই বৃহৎ জনাদেশ লাভ কৰিব বুলি দাবী কৰিছে আৰু ভোটাৰৰ উচ্চ হাৰত ভোটদানে এই কথা প্ৰমাণ কৰিছে বুলিও মন্তব্য কৰিছে। পূৰ্বৰ বিহাৰ নিৰ্বাচনেও এই কথা প্ৰমাণ কৰিলে বুলি তেওঁ লগতে দোহাৰে।

প্ৰব্ৰজিত শ্ৰমিক আৰু যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি

ছঠ পূজাৰ সমসাময়িকভাৱে এইবাৰ বিহাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে ভোটাৰৰ হাৰ অধিক হোৱা বুলি অনুমান কৰা হৈছে। কৰ্মসংক্ৰান্তত বহিঃৰাজ্যত থকা অধিকাংশ লোকেই ছঠ পূজাৰ বাবে নিজ ঘৰলৈ উভতিছিল আৰু ইয়াৰ ফলত স্বাভাৱিকতেই ভোটাৰৰ হাৰ অধিক হৈছিল। ইফালে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণো এইবাৰ যথেষ্ট বৃদ্ধি পোৱা বুলি অনুমান কৰা হৈছে।

ঘৰৰ কোন দিশত পাকঘৰ থকাটো আটাইতকৈ ভাল? জানক...
বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে অভিষেকৰ এনে অভিলেখ, পিছ পৰিল সূৰ্য-ৰোহিত সকলো
ৰাতি ভুলতো নাখাব কফি, হ’ব পাৰে এই ভয়ংকৰ সমস্যা!
অৰ্শৰোগ আছে নেকি? তেন্তে কিছুমান খাদ্য খোৱাৰ পূৰ্বে সাৱধান!