নতুন চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ, আজি মন্ত্ৰী মণ্ডলীৰ সৈতে বৈঠকত বহিব নীতিশ কুমাৰ
আজি বিহাৰৰ বিদায়ী মন্ত্ৰীসভাৰ চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰা হ’ব। বৈঠকত বিদায়ী বিধানসভা ভংগ কৰি নীতিশ কুমাৰক ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ বাবে প্ৰস্তাৱ গৃহীত কৰা হ’ব।

শীঘ্ৰেই বিহাৰত এন ডি এৰ নতুন চৰকাৰ
যোৱা শুকুৰবাৰে ঘোষণা কৰা হয় বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বিৰোধীক প্ৰায় বিধ্বস্ত কৰি দুই শতাধিক আসন লাভেৰে পুনৰ এবাৰ বিহাৰৰ ক্ষমতালৈ উভতে এন ডি এ। নিৰ্বাচনৰ ফলাফলৰ পিছত এতিয়া বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। সেই অনুসৰি আজি বিহাৰৰ বিদায়ী মন্ত্ৰীসভাৰ চূড়ান্ত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান কৰা হ’ব। কেবিনেট সচিবালয় বিভাগে এক অধিসূচনা যোগে আজি মন্ত্ৰী পৰিষদৰ বৈঠকৰ তথ্য প্ৰকাশ কৰিছে।
জেডিইউৰ এগৰাকী জ্যেষ্ঠ নেতাই উল্লেখ কৰা মতে এই বৈঠকত বিদায়ী বিধানসভা ভংগ কৰি নীতিশ কুমাৰক ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ বাবে প্ৰস্তাৱ গৃহীত কৰা হ’ব। ইতিমধ্যে বিহাৰৰ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়ালে ৰাজ্যপাল আৰিফ মহম্মদ খানক সাক্ষাৎ কৰি বিধানসভা নিৰ্বাচনত নিৰ্বাচিত সদস্যৰ তালিকা প্ৰদান কৰিছে। কৰে।
দুই শতাধিক আসন লাভ এন ডি এৰ
নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা নেশ্যনেল ডেম’ক্ৰেটিক এলায়েঞ্চ, চমুকৈ এন ডি এ- ই ২৪৩ জনীয়া বিধানসভাত ২০২ খন আসনেই লাভ কৰিবলৈ সক্ষম হয়। বিজেপিয়ে সৰ্বাধিক ৮৯খন আসন লাভ কৰাৰ পিছতে নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডে ৮৫খন আসন লাভ কৰে।
ইফালে এন ডি এ সহযোগী দল চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)-এ ১৯খন, হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰে ৫খন আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাই ৪খন আসন লাভ কৰিবলৈ সক্ষম হয়। এইদৰে বিৰোধীৰ মহাগঠবন্ধনক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি এন ডি এই সৰ্বমুঠ ২০২ খন আসনতে বিজয়ৰ হাঁহি মাৰে।
শীঘ্ৰেই গঠন হ’ব নতুন চৰকাৰ
ৰাজ্যত নতুন চৰকাৰ গঠন সন্দৰ্ভত দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হয় জেডিইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝা। বৈঠকৰ পিছতে বিহাৰলৈ উভতা জেডিইউ নেতাগৰাকীয়ে দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে। সূত্ৰ অনুসৰি ১৯ বা ২০ নৱেম্বৰত বিহাৰৰ নতুন চৰকাৰে শপত ল’ব পাৰে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো প্ৰায় নিশ্চিত বুলি প্ৰকাশ কৰিছে জেডিইউৰ সূত্ৰই। নতুন মন্ত্ৰীসভাত পূৰ্বৰ তুলনাত অধিক প্ৰতিনিধিত্বৰ আশা কৰা বুলিও জেডিইউ নেতাগৰাকীয়ে উল্লেখ কৰে। সূত্ৰ মতে ইতিমধ্যে নতুন চৰকাৰৰ মন্ত্ৰীসভা প্ৰায় চূড়ান্ত হৈছে।
সেই অনুসৰি নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰা বিজেপিৰ পৰা ১৫-১৬জন বিধায়কে মন্ত্ৰীসভাত স্থান পাব পাৰে। আনহাতে জেডিইউৰ ১৪জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইফালে চিৰাগ পাছৱানৰ এলজেপিৰ পৰা তিনিজন আৰু হিন্দুস্তানী আৱাম মৰ্চা চেকুলাৰ তথা ৰাষ্ট্ৰীয় লোক মৰ্চা দলৰ এজনকৈ সদস্যই মন্ত্ৰীসভাত স্থান পাব পাৰে।