ৰাজনীতিৰ পথাৰত প্ৰথমটো সাফল্য, IPS ৰ পৰা বক্সাৰৰ বিধায়ক হ’ল আনন্দ মিশ্ৰ
এসময়ৰ এই IPS বিষয়াগৰাকীয়ে প্ৰশাসনিক বিষয়া হিচাপে কেৰিয়াৰৰ সামৰণি পেলোৱাৰ পিছত ৰাজনীতিৰ পথাৰত ভৰি দিছিল। প্ৰাৰম্ভিক অৱস্থাত এই নতুন ক্ষেত্ৰখনত বিফলতাৰ মুখ দেখিলেও এতিয়া সাফল্য লভিছে আনন্দ মিশ্ৰই।

বিধানসভালৈ আনন্দ মিশ্ৰ
আজি ঘোষণা কৰা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। সম্প্ৰতি নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে আৰু এইপৰ্যন্ত NDA- ই এক বৃহৎ জয়ৰ দিশে অগ্ৰসৰ হোৱাৰ নিশ্চিত ইঙ্গিত পোৱা গৈছে। শাসকীয় মিত্ৰজোঁটৰ এই সফলতাৰ বিপৰীতে বিৰোধীৰ মহাগঠবন্ধন শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে। চলি থকা ভোটগণনা অনুসৰি NDA- ই এতিয়ালৈকে দুই শতাধিক আসন দখলৰ দিশে অগ্ৰসৰ হৈছে। মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থীক লৈ অসমতো দেখা গৈছিল ব্যাপক চৰ্চা।
এই চৰ্চিত প্ৰাৰ্থীগৰাকী আন কোনো নহয়, তেওঁ হৈছে এসময়ৰ অসমৰ এগৰাকী বহুল জনপ্ৰিয় আৰক্ষী বিষয়া আনন্দ মিশ্ৰ। এসময়ৰ এই IPS বিষয়াগৰাকীয়ে প্ৰশাসনিক বিষয়া হিচাপে কেৰিয়াৰৰ সামৰণি পেলোৱাৰ পিছত ৰাজনীতিৰ পথাৰত ভৰি দিছিল। প্ৰাৰম্ভিক অৱস্থাত এই নতুন ক্ষেত্ৰখনত বিফলতাৰ মুখ দেখিলেও এতিয়া সাফল্য লভিছে আনন্দ মিশ্ৰই।
বিজেপি প্ৰাৰ্থী হিচাপে বক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আনন্দ মিশ্ৰ। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি বিজেপি প্ৰাৰ্থী আনন্দ মিশ্ৰই নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীক ২৮,৩৫৩টা ভোটত পৰাস্ত কৰে। আনন্দ মিশ্ৰই মুঠ ৮৪,৯০১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৫৬,৫৪৮টা ভোট লাভ কৰে।
উল্লেখ্য যে এসময়ৰ IPS বিষয়াগৰাকীয়ে সুদীৰ্ঘ সময়ৰ বাবে অসম আৰক্ষীত সেৱা আগবঢ়াই আহিছিল আনন্দ মিশ্ৰই। নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও তেওঁ কৰ্মৰত আছিল। অৱশ্যে লখিমপুৰৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে তেওঁ চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈ গৃহৰাজ্য বিহাৰলৈ উভতে আৰু তাৰ পিছতে ৰাজনীতিত জড়িত হৈ পৰে।
বিজেপিত যোগ দি আনন্দ মিশ্ৰই বিগত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছিল যদিও টিকট লাভ নকৰাত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল। কিন্তু এই প্ৰথম প্ৰচেষ্টাত পৰাজয়ৰ সন্মুখীন হয় আনন্দ মিশ্ৰ। ইয়াৰ পিছত তেওঁ পুনৰ বিজেপিত যোগ দিয়ে। তাৰ পিছত আনন্দ মিশ্ৰই প্ৰশান্ত কিশোৰৰ জন স্বৰাজ পাৰ্টিতো যোগ দিছিল।
কিন্তু কিছুদিন পিছতে তেওঁ জন স্বৰাজ পাৰ্টিৰ পৰা ওলাই পুনৰ বিজেপিলৈ উভতে। অৱশেষত বক্সাৰ সমষ্টিৰ পৰা বিজেপিয়ে তেওঁক টিকট আগবঢ়ায়। এইদৰে ৰাজনৈতিক পথাৰত নিজৰ দ্বিতীয় প্ৰচেষ্টাত আজি জয়ৰ স্বাদ লাভ কৰি বিহাৰ বিধানসভালৈ নিৰ্বাচিত হৈছে একালৰ জনপ্ৰিয় আৰক্ষী বিষয়াগৰাকী।