ইণ্ডিগ’ৰ বিমান সেৱা ১০% হ্ৰাস কৰাৰ নিৰ্দেশ কেন্দ্ৰৰ, নিৰ্দেশনাত কি কোৱা হৈছে ?
ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত পিটাৰ এলবাৰ্ছক বিমান মন্ত্ৰীৰ সন্মুখত হাত ভাঁজ কৰি থকা দেখা গৈছিল।

ইণ্ডিগ’ৰ বিৰুদ্ধে চৰকাৰে উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইণ্ডিগ’ৰ বিমান সেৱা ১০% হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। লগতে যাত্ৰীৰ ধন ঘূৰাই দিয়াৰ লগতে যিমান পাৰি সোনকালে লাগেজ ঘূৰাই দিবলৈও নিৰ্দেশ দিয়া হৈছে। ইণ্ডিগ’ৰ সেৱা হ্ৰাস কৰাটো প্ৰয়োজনীয় বুলি বিমান মন্ত্ৰালয়ে উল্লেখ কৰে। ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সৈতে বৈঠকত মিলিত হয়।
বৈঠকৰ সময়ত পিটাৰ এলবাৰ্ছক বিমান মন্ত্ৰীৰ সন্মুখত হাত ভাঁজ কৰি থকা দেখা গৈছিল। বিমান মন্ত্ৰীগৰাকীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, যোৱা সপ্তাহত ক্ৰুৰ কৰ্তব্যৰ তালিকা, বিমানৰ সময়সূচী, আৰু আভ্যন্তৰীণ যোগাযোগৰ ক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে ইণ্ডিগ’ৰ কেইবাখনো বিমান বাতিল আৰু পলম হৈছিল। ইয়াৰ ফলত হাজাৰ হাজাৰ যাত্ৰীৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। বিষয়টো গুৰুতৰ হৈ পৰাৰ লগে লগে চৰকাৰে তদন্ত আৰম্ভ কৰি ইণ্ডিগ’ৰ শীৰ্ষ মেনেজমেন্টক সাক্ষাৎ কৰে।
নাইডুৱে কয় যে, আজি পুনৰ ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছক অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ মাতি অনা হয়। তেওঁ উল্লেখ কৰে যে, ৬ ডিচেম্বৰলৈকে যিসকল যাত্ৰী ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক ১০০% ধন ঘূৰাই দিয়া হৈছে।
বাকী থকা ৰিফাণ্ড আৰু লাগেজ ডেলিভাৰী ক্ষিপ্ৰতাৰে কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে কয় যে, মন্ত্ৰালয়ে বিশ্বাস কৰে যে বৰ্তমান ইণ্ডিগ’ৰ অত্যধিক বিমান চলাচল কৰে, যাৰ ফলত পৰিচালনাত অসুবিধাৰ সৃষ্টি হৈছে আৰু সেয়েহে সকলো পথতে বিমান সেৱা প্ৰায় ১০% হ্ৰাস কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ ফলত বিমান বাতিল হ্ৰাস পোৱাৰ লগতে সেৱাৰ উন্নত হ’ব বুলি আশা কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ১০% হ্ৰাস পোৱাৰ পিছতো ইণ্ডিগ’ই নিজৰ সকলো চহৰলৈ বিমান সেৱা অব্যাহত ৰাখিব; কোনো স্থানলৈ বিমান সেৱা বন্ধ কৰিব নোৱাৰিব। ইণ্ডিগ’ক ভাড়াৰ সীমা, যাত্ৰীৰ সুবিধা আৰু মন্ত্ৰালয়ৰ সকলো নিয়ম কঠোৰভাৱে মানি চলিবলৈও কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে; কোনো অজুহাত গ্ৰহণ কৰা নহ’ব। সোমবাৰে ইণ্ডিগ’ই এই সংকটৰ কাৰণসমূহ ব্যাখ্যা কৰে।