লৈছিল দালালৰ সহায়, পাৰ কৰিছিল তিনি ৰাজ্যৰ সীমান্ত! পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক…

পুনৰ গ্ৰেপ্তাৰ এজন বাংলাদেশী নাগৰিক। জানিব পৰা মতে, ৩ খনকৈ ৰাজ্য পাৰ হৈ এইজনে বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়াই তেওঁ গ্ৰেপ্তাৰ হয়। অভিযুক্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মোবাইল ফোন।

লৈছিল দালালৰ সহায়, পাৰ কৰিছিল তিনি ৰাজ্যৰ সীমান্ত! পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক...

অভিযুক্ত

Updated On: 

23 Nov 2025 | 07:27 PM

তিনি ৰাজ্যৰ সীমান্ত পাৰ হৈ বাংলাদেশত প্ৰৱেশ কৰাৰ পূৰ্বে খোৱাই আৰক্ষীৰ জালত পৰিল এজন বাংলাদেশী নাগৰিক। অভিযুক্তৰ পৰা আৰক্ষীয়ে মোবাইল ফোন জব্দ কৰিছে। গতিকে পৰৱৰ্তী সময়ত ত্ৰিপুৰাৰ খোৱাইৰ মাজেৰে ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশৰ লগত জড়িত এটা দালাল চক্ৰ শীঘ্ৰই আৰক্ষীৰ জালত পৰিব পাৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে শনিবাৰে বিয়লি প্ৰায় ৫.৩০ মান বজাত খোৱাই আৰক্ষী থানাই খোৱাইৰ দুৰ্গনগৰ অঞ্চলৰ পৰা বাংলাদেশী নাগৰিকজনকগ্ৰেপ্তাৰ কৰে। খোৱাই জিলা আৰক্ষীয়ে অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত বাংলাদেশীজন মহম্মদ সাগৰ ফাৰ্জী (৪০) বুলি চিনাক্ত হৈছে। তেওঁৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰিছে। এই মোবাইল ফোনটোৰ দ্বাৰা আৰক্ষীয়ে দালাল চক্ৰটোক জালত পেলোৱাৰ চেষ্টা কৰিব।

তথ্য অনুসৰি, তিনিখন ৰাজ্যৰ সীমান্ত ব্যৱহাৰ কৰি অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰাৰ সময়তে তেওঁ গ্ৰেপ্তাৰ হয়। খোৱাইৰ অ’চি কৃষ্ণধন সৰকাৰে কয় যে, ধৃত বাংলাদেশী নাগৰিকজনৰ নাম মঃ সাগৰ ফাৰ্জী (৪০), পিতৃ মোঃ আৱজল ফাৰ্জী, খুলনা জিলাৰ মৰালগঞ্জ থানাৰ ধনসাগৰ গাঁৱৰ বাসিন্দা বুলি চিনাক্ত হৈছে। প্ৰাৰম্ভিক জেৰাত তেওঁ পশ্চিম বংগ আৰু অসম হৈ ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ পিছত খোৱাই সীমান্ত পথেৰে বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। কিন্তু সেই সময়তে তেওঁ গ্ৰেপ্তাৰ হয়।

আৰক্ষীয়ে কয় যে, এই বাংলাদেশী নাগৰিকজনে একাধিক দালালৰ সৈতে সম্পৰ্কত আছিল। ইয়াৰোপৰি তেওঁৰ লগতে অন্য কোনো লোকো ভাৰতত প্ৰৱেশ কৰিছে বুলি সন্দেহ কৰা হৈছে। এই সমগ্ৰ দিশটো সন্দৰ্ভত বৰ্তমান তদন্ত অব্যহত আছে।

 

অন্য খবৰ পঢ়কঃ ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন, উত্থাপন হ’ব পাৰে ২৬ খন ন-পুৰণি বিধেয়ক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...