স্বামী তথা ৩ সন্তানৰ মোহ এৰি ভতিজাকৰ সৈতে পলাল খুড়ীয়েক, শ্বেয়াৰ কৰিলে এনে ভিডিঅ….
নিজ ভতিজাকৰ সৈতেই প্ৰেমৰ সম্পৰ্ক গঢ়ি সংসাৰ এৰি পলায়ন কৰিছে খুড়ীয়েকে। কেৱল সিমানেই নহয়, ভতিজাকৰ সৈতে আনকি তেওঁ বিবাহপাশতো আৱদ্ধ হৈছে। নতুনকৈ পতি-পত্নীৰ সম্পৰ্কত বান্ধ খোৱা দুয়োগৰাকী ব্যক্তিয়ে বিয়াৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি তেওঁলোকৰ সুৰক্ষাৰ বাবে কাতৰ অনুৰোধ জনাইছে।

প্ৰতিনিধিত্বমূলক ছবি
পৰকীয়া প্ৰেম আৰু সংসাৰ ভংগৰ নানা খবৰে শেহতীয়া কিছুদিন ধৰি ব্যাপক চৰ্চা লাভ কৰিছে। এতিয়া পুনৰ পোহৰলৈ অহা তেনে এক খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজ ভতিজাকৰ সৈতেই প্ৰেমৰ সম্পৰ্ক গঢ়ি সংসাৰ এৰি পলায়ন কৰিছে খুড়ীয়েকে। কেৱল সিমানেই নহয়, ভতিজাকৰ সৈতে আনকি তেওঁ বিবাহপাশতো আৱদ্ধ হৈছে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ জামুই অঞ্চলত। লক্ষণীয়ভাৱে ভতিজাকৰ সৈতে প্ৰেমত পৰা মহিলাগৰাকী আকৌ তিনিটা সন্তানৰো মাতৃ, আছে নিজ স্বামীও।
পিছে ভতিজাকৰ সৈতে প্ৰেম ইমানেই বাঢ়ি গ’ল যে এদিন মহিলাগৰাকীয়ে ভতিজাকক লৈয়ে পলাই গ’ল। দুয়ো এটা ঘৰত বিবাহপাশতো আৱদ্ধ হয় আৰু বিয়াৰ এটা ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ভিডিঅ’টোত পূৰ্বৰ খুড়ীয়েক আৰু ভতিজাকৰ সম্পৰ্কৰ পৰিৱৰ্তে নতুনকৈ পতি-পত্নীৰ সম্পৰ্কত বান্ধ খোৱা দুয়োগৰাকী ব্যক্তিয়ে ভিডিঅ’টোত তেওঁলোকৰ সুৰক্ষাৰ বাবে কাতৰ অনুৰোধ জনাইছে।
প্ৰকাশিত খবৰ অনুসৰি, এই ঘটনা টাউন থানা এলেকাৰ ভটচাক নামৰ এখন গাঁৱত সংঘটিত হৈছে। গাঁওখনৰ ৩ সন্তানৰ মাতৃ এগৰাকীয়ে নিজ পৰিয়ালৰে ভতিজাকৰ সৈতেই বিয়াত বহে। তথ্য অনুসৰি মহিলাগৰাকী প্ৰায় ৭ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। বৈবাহিক সম্পৰ্ক সূত্ৰে দুয়ো ৩ জন পুত্ৰ সন্তানৰ পিতৃত্ব-মাতৃত্ব অৰ্জন কৰিছিল। ইফালে তিনিবছৰ পূৰ্বে মহিলাগৰাকীয়ে ভতিজাক দীপক কুমাৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে।
তেওঁলোকৰ এই সম্পৰ্কৰ কথা পিছে কিছুদিনৰ পিছতে জানিব পাৰে পৰিয়ালৰ লোকসকলে। প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে কিছু গালি-গালাজ কৰে যদিও পিছত দুয়োকে বুজনি দি এনে কাম নকৰিবলৈ কয়। মহিলাগৰাকীৰ পতিয়েও সন্তান তিনিটাৰ দোহাই দি এনেধৰণৰ কাৰ্য নকৰিবলৈ দাবী জনায়। এই বিষয়ক কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়াৰো সূত্ৰপাত হৈছিল। পিছে তাৰ পিছতো নিজা সিদ্ধান্তত অটল থাকিল মহিলাগৰাকী।
প্ৰেমিক ভতিজাকৰ সৈতেই শেহতীয়াকৈ ঘৰ-সংসাৰ এৰি পলায়ন কৰে মহিলাগৰাকীয়ে। বৃহস্পতিবাৰে দীপকে ‘প্ৰেমিকা’ খুড়ীয়েকৰ শিৰত সেন্দুৰ লগাই বিবাহপাশত আৱদ্ধ হয়। জুপুৰি সদৃশ এটা কোঠাত দুয়ো বৈবাহিক সম্পৰ্ক গঢ়ি তোলে। তেওঁলোকে এই বিবাহৰ ভিডিঅ’ও বনাই সামাজিক মাধ্যমতো শ্বেয়াৰ কৰে আৰু দুয়োৰে সুৰক্ষাৰ বাবে কাতৰ অনুৰোধ জনায়।
ভাইৰেল ভিডিঅ’টোত দুয়োজনে নিজৰ ইচ্ছামতে বিয়া কৰোৱা বুলি কোৱা দেখা গৈছে। লগতে কয় যে যদি তেওঁলোকৰ সৈতে কোনো অশুভ ঘটনা সংঘটিত হয়, তেতিয়া এনে ঘটনাৰ বাবে পৰিয়ালৰ সদস্য তথা মহিলাগৰাকীৰ পিতৃ-মাতৃ দায়ী হ’ব বুলিও দাবী কৰিছে।