মাজনিশা তীব্ৰবেগী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষঃ প্ৰাণ গ’ল ১৩ জনৰ, আহত ১২ জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩ জনকৈ লোকে লগতে আহত বহুতো। জানিব পৰা মতে, প্ৰায় ৫০ জনলোকে এটা অনুষ্ঠানত অংশ লৈ উভতি অহাৰ সময়তে এই ঘটনা সংঘটিত হয়।

মাজনিশা তীব্ৰবেগী বাহনৰ সৈতে মুখামুখি সংঘৰ্ষঃ প্ৰাণ গল ১৩ জনৰ, আহত ১২ জন...

পথ দুৰ্ঘটনা (প্ৰতীকি ফটো)

Updated On: 

12 May 2025 11:31 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩ জনকৈ লোকে। জানিব পৰা মতে, দেওবাৰে মাজনিশা যাত্ৰী ভৰ্তি বাহন এখনৰ তীব্ৰগতিত আহি থকা ট্ৰেলৰ এখনৰ সৈতে সংঘৰ্ষ হয়। যাৰ ফলত যাত্ৰীবাহী বাহনখনত থকা ১৩ জনকৈ লোকে থিতাতে মৃত্যুক সাৱতি লয় আৰু ১২ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ লগে লগে আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মিলি আহতসকলক হাস্পাতালত ভৰ্তি কৰে। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰায়পুৰ-বলৌদাবাজাৰ পথত।

আৰক্ষীৰ মতে, চটৌড থানাৰ অন্তৰ্গত লোকসকলে এক কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি আছিল। তেনে সময়তে ৰায়পুৰ-বালোদাবজাৰ পথৰ সৰগাঁৱৰ সমীপত বাহনখনে তীব্ৰবেগী ট্ৰেইলাৰৰ সৈতে খুন্দা মাৰে। যাত্ৰীবাহী বাছখনত প্ৰায় ৫০ জন লোক আছিল। তেনে অৱস্থাত ঘটনাৰ ফলত শিশু-মহিলাকে ধৰি ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১২ জন লোক গুৰুতৰভাৱে আহত হয়। বাকী লোকসকলো কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা মতে, চটৌডৰ পৰা প্ৰায় ৫০ জন লোকে চি জি ০৪, এম কিউ ১২৫৯ নম্বৰৰ স্বৰাজ মাজদাৰ বাহনেৰে খাৰোৰাৰ বানা বানাৰসীলৈ গৈছিল।তাৰ পৰা উভতি অহাৰ সময়তে বাহনখনে ট্ৰেইলাৰ সৈতে খুন্দা মাৰে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যায়। বৰ্তমানলৈকে ১৩ জনৰ মৃত্যু নিশ্চিত হৈছে যদিও পৰৱৰ্তী সময়ত ইয়াৰ সংখ্যা বৃদ্ধি হ’ব পাৰে। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী সেই স্থানত উপস্থিত হৈ আহতসকলক স্থানীয়লোকৰ সহায়ত হাস্পাতালত প্ৰেৰণ কৰে। লগতে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  বৰ্তমান আহতসকলৰ চিকিৎসা চলি আছে। ইফালে মৃত লোকসকলৰো পৰিয়ালক ঘটনা সন্দৰ্ভত খবৰ দিয়া হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহসমূহ পৰিয়ালৰ হাতত চমজাই দিব বুলি জানিব পৰা গৈছে। তীব্ৰবেগৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ তদন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব। আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

 

 

অন্য খবৰ পঢ়কঃ Operation Sindoor: নিশা আমি শুই আছিলো, তেতিয়া এটা ড্ৰ’ন…পাকিস্তানী যুৱকে দিলে ভাৰতৰ আক্ৰমণৰ বৰ্ণনা…

মহিলাৰ বৃক্ক সংক্ৰমণৰ লক্ষণবোৰ কেনে ধৰণৰ হয় ? জানক
বুদ্ধ পূৰ্ণিমাত ৩টা দুৰ্লভ যোগ, কঁপাল ফুলিব ৪ ৰাশিৰ, জানক...
ঘৰত দেখা দিছে নেকি এই ২ সংকেত? তেন্তে আহিব পাৰে দুৰ্দশা, শেষ হ'ব পাৰে সুখ...
সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে কি কি ফল পোৱা যায়? সকলো জানক