আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি…

গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি। সোমবাৰে দেশৰ ৰাষ্ট্ৰপতিয়ে ৫খনকৈ ৰাজ্যৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে। লগতে কেইবাগৰাকী ন্যায়াধীশক বদলি কৰে।

আশুতোষ কুমাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি...

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

Published: 

14 Jul 2025 20:33 PM

সোমবাৰ (১৪ জুলাই) য়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫খনকৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি মধ্যপ্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, গুৱাহাটী আৰু পাটনা উচ্চ ন্যায়ালয়ত নতুনকৈ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। তালিকা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে আশুতোষ কুমাৰক।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা আশুতোষ কুমাৰে পাটনা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ইয়াৰ সমান্তৰালকৈ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ (মধ্যপ্ৰদেশ) সঞ্জীৱ সচদেৱক মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে,  ন্যায়াধীশ (দিল্লী) বিভু বাখ্ৰুক কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে, পাটনাৰ ন্যায়াধীশ বিপুল মনুভাই পাঞ্চোলিক পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আৰু তাৰলক সিং চৌহান, ন্যায়াধীশ (হিমাচল প্ৰদেশ)ক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত কলেজিয়ামে বিভিন্ন উচ্চ ন্যায়ালয়ৰ সেই ন্যায়াধীশসকলক পদোন্নতি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল। তাৰ পাছতে আজি ৰাষ্ট্ৰপতিগৰাকীয়ে আটাইকেইগৰাকী মুখ্য ন্যায়ধীশ হিচাপে নিযুক্তি দিয়ে।

একাংশ ন্যায়াধীশক বদলি

ইয়াৰ লগতে একাংশ ন্যায়াধীশক বদলি কৰা হৈছে। মনিন্দ্ৰ মোহন শ্ৰীবাস্তৱক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পৰা মাদ্ৰাজ উচ্চ ন্যায়ালয়লৈ মুখ্য ন্যায়াধীশ, অপৰেশ কুমাৰ সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়লৈ মুখ্য ন্যায়াধীশ হিচাপে বদলি, এম এছ ৰামচন্দ্ৰ ৰাওক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ পৰা ত্ৰিপুৰা উচ্চ ন্যায়ালয়লৈ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰাৰ  লগতে কে আৰ শ্ৰীৰামক মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ পৰা ৰাজস্থান উচ্চ ন্যায়ালয়লৈ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হৈছে।

 

 

অন্য খবৰ পঢ়কঃ আকাছা এয়াৰৰ বিমানত খুন্দা কাৰ্গো কন্টেইনাৰৰ, পাছত…

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব