পাহাৰৰ পৰা বাগৰি পৰিল মানুহ ভৰ্তি বাছ; এতিয়ালৈকে মৃত্যু ৯জনৰ, আছিল ৩৫ গৰাকী তীৰ্থযাত্ৰী…
Andhra Bus Accident: এক ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কেইবাগৰাকী যাত্ৰীয়ে। জানিব পৰা মতে, এই আটাইকেইজন তীৰ্থযাত্ৰী আছিল। ইতিমধ্যে ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বাছ দুৰ্ঘটনা
এক ভয়ংকৰ পথ দুৰ্ঘটনাত এতিয়ালৈকে প্ৰাণ হেৰুৱালে ৯জন লোকে। যাত্ৰীবাহী বাছ এখন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰাৰ ফলত এই ঘটনা সংঘটিত হয়। প্ৰাপ্ত খবৰ অনুসৰি যাত্ৰীবাহী বাছখনত প্ৰায় ৩৫ জন যাত্ৰী আছিল। গতিকে পৰৱৰ্তী সময়ত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ (Chittoor Bus Accident) ত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। বৰ্তমান সময়তো চলি আছে উদ্ধাৰ অভিযান।
তথ্য অনুসৰি, আল্লুৰি সীতাৰামা ৰাজু জিলাৰ চিত্তুৰু-মাৰেডুমিলি ঘাট পথৰ সমীপত বৃহস্পতিবাৰ আৰু শুকুৰবাৰ (১১-১২ ডিচেম্বৰ)ৰ মাজনিশা এই বাছ দুৰ্ঘটনা সংঘটিত হৈছে। বাাছত থকা আটাইকেইজন তীৰ্যযাত্ৰী আছিল। ৩৫ জন যাত্ৰীৰ উপৰি বাছখনত আছিল চালক আৰু কণ্ডাক্টৰ।
আটাইকেইগৰাকী যাত্ৰীয়ে ভদ্ৰাচলম ভ্ৰমণ কৰি অন্নৱৰামলৈ গৈ আছিল। ইয়াৰ বাবে তেওঁলোকে এখন ব্যক্তিগত বাছ বুক কৰিছিল। কিন্তু মাজনিশা হঠাতে ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত হয় বাছখন। আৰক্ষীয়ে সন্দেহ কৰিছে যে, বাছৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই কাষতে থকা এটা খুঁটাত খুন্দা মাৰি পাছত বাগৰি পৰে। অৱশ্যে তদন্তৰ অন্তত দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
৯টা মৃতদেহ উদ্ধাৰ
এটা পাহাৰীয়া তথা দুৰ্গম অঞ্চলত এই ঘটনা সংঘটিত হোৱা বাবে আৰক্ষীয়ে বহু দেৰিকৈ তথ্য লাভ কৰিছিল। উক্ত স্থানত মোবাইল নেটৱৰ্ক উপলব্ধ নহয়, যাৰ বাবে বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। ইতিমধ্যে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ৯ টা মৃতদেহ উদ্ধাৰ কৰিছে আৰু আহতসকলক হাস্পাতালত ভৰ্তি কৰাইছে। এতিয়াও বাছৰ ভিতৰত আৱদ্ধ হৈ আছে বহু যাত্ৰী। যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ জিলা বিষয়াসকলক সেই স্থানত উপস্থিত হৈ ভুক্তভোগীসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।
অন্য খবৰ পঢ়কঃ কামৰ সন্ধানত গৈছিল অৰুণাচল প্ৰদেশলৈ! পথ দুৰ্ঘটনাত মৃত্যু অসমৰ ২১ জন শ্ৰমিকৰ…