ল’ৰাৰ পৰা ছোৱালী হ’ল প্ৰাক্তন ক্ৰিকেটাৰৰ সন্তান! এই প্ৰক্ৰিয়াৰ বাবে কিমান টকা খৰচ হয়, জানক…
ল'ৰাৰ পৰা ছোৱালীলৈ ৰূপান্তৰ হ'ল প্ৰাক্তন ক্ৰিকেটাৰৰ সন্তান। ছাৰ্জাৰীৰ পাছত অনায়া বাংগাৰ হৈ পৰা যুৱতীগৰাকীক পূৰ্বে আৰিয়ন বুলি জনা গৈছিল। পিছে প্ৰশ্ন হয়, ইয়াৰ বাবে কিমান টকা খৰচ হয়?

অনায়া
প্ৰায় সকলোৱে জানে টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰৰ কথা। অনায়া বাংগাৰ সেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰে কন্যা। অনায়া এগৰাকী ট্ৰান্সজেণ্ডাৰ। অৰ্থাৎ ল’ৰাৰ পৰা তেওঁ ছোৱালীলৈ ৰূপান্তৰিত হৈছে। প্ৰায় ১ বছৰ ৬ মাহ ধৰি তেওঁ এই প্ৰক্ৰিয়া কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ আৰিয়ন বুলি জনা গৈছিল। কিন্তু কিছুমাহ পূৰ্বে তেওঁ ইংলেণ্ডত ছাৰ্জাৰী কৰি অনায়া হৈ পৰে আৰু পাছত ভাৰতলৈ ঘূৰি আহে। অৱশ্যে এতিয়াও সম্পূৰ্ণ হোৱা নাই ৰূপান্তকৰণ প্ৰক্ৰিয়া।
ল’ৰাৰ পৰা ছোৱালী হোৱা প্ৰক্ৰিয়া সহজ নহয়। ইয়াৰ বাবে বহু টকা খৰচ হয়। পিছে প্ৰশ্ন হয়, ল’ৰাৰ পৰা ছোৱালী হ’বলৈ কিমান টকা খৰচ হয়? ইয়াৰোপৰি অনয়াৰ কি কি অস্ত্ৰোপচাৰ হৈছিল? এই লেখাটোত আমি উল্লেখ কৰিম যে ২০২৫ চনৰ ২ জুলাইত অনয়াই ল’ৰাৰ পৰা ছোৱালী হোৱাৰ বাবে কি কি অংগ অস্ত্ৰোপচাৰ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত অনায়াই এক ভিডিঅ’ আপলোড কৰিছে, য’ত তেওঁক কান্দি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰা দেখা গৈছে।
অস্ত্ৰোপচাৰৰ পূৰ্বে অনয়া বাংগৰে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ৭ মিনিটৰ ভিডিঅ’টোত অনয়াই কৈছে যে তেওঁৰ শৰীৰৰ কোনবোৰ অংশৰ অপাৰেচন কৰিবলৈ ওলাইছে। এতিয়ালৈকে হোৱা ৰূপান্তৰ যাত্ৰাটো মনত পেলাই অনায়া আৱেগিক হৈ পৰে। ভিডিঅ’ৰ মাজতে কান্দি উঠে অনায়া।
কি কি অস্ত্ৰোপচাৰ হয়
এই ভিডিঅ’টো অনায়াই অস্ত্ৰোপচাৰৰ পূৰ্বে আপলোড কৰে। ২০২৫ চনৰ ২ জুলাইত অনয়া বংগৰৰ সফলতাৰে স্তন বৃদ্ধি আৰু ট্ৰেকিয়াল শ্বেভ অস্ত্ৰোপচাৰ সম্পন্ন হয়। ব্ৰেষ্ট অংগমেটেশ্যন ছাৰ্জাৰীৰ ফলত তেওঁৰ শৰীৰৰ ৰূপান্তৰৰ প্ৰক্ৰিয়াই অধিক অগ্ৰগতি লাভ কৰিব। ইয়াৰোপৰি ট্ৰেকিয়াল শ্বেভ অস্ত্ৰোপচাৰৰ তেওঁ ডিঙিৰ হাড়াডাল কোমল কৰিবলৈ কৰা হয়। ইয়াৰ পাছতে অনয়াৰ লিংগ পৰিৱৰ্তনৰ যাত্ৰাই নতুন মাত্ৰা লাভ কৰিছে।
কিমান খৰচ হ’ব
প্ৰশ্ন হয়, লিংগ পৰিবৰ্তনৰ নামত অনায়াই কিমান টকা খৰচ কৰিছে। লিংগ পৰিৱৰ্তনৰ এই যাত্ৰাত অনায়াৰ খৰচৰ কোনো আনুষ্ঠানিক তথ্য নাই। কিন্তু বিভিন্ন সংবাদ মাধ্যমে ইয়াৰ ওপৰত তথ্য প্ৰকাশ কৰিছে। জানিব পৰা মতে, লিংগ পৰিবৰ্তনৰ নামত অনায়াৰ প্ৰায় ১ কোটি টকা খৰচ হ’ব।অনয়াৰ স্তন বৃদ্ধি আৰু ট্ৰেকিয়াল শ্বেভৰ অস্ত্ৰোপচাৰৰ বাবে ১০ লাখ টকা পৰ্যন্ত খৰচ হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি স্তন বৃদ্ধিৰ অপাৰেচনৰ মুঠ খৰচ ৩.৫ লাখ টকা পৰ্যন্ত হয়। আনহাতে ট্ৰেকিয়াল শ্বেভ অপাৰেচনৰ মুঠ খৰচ ২.৫ লাখৰ পৰা ৬.৫ লাখ টকা।
অন্য খবৰ পঢ়কঃ ব্লাউজটো খুলি দিয়া, নহ’লে…হঠাৎ ৰাজ কাপুৰে অভিনেত্ৰীৰ শাড়ীখন টানি দিছিল আৰু…