কি কাৰণত পদত্যাগ কৰিছিল উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে! অৱশেষত পোহৰলৈ আহিল আঁৰৰ কাৰণ
বিৰোধীৰ কটুক্তিৰ মাজতে এতিয়া ধনখড়ৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জগদীপ ধনখড় এক সাংবিধানিক পদত অধিষ্ঠিত আছিল আৰু নিজ কাৰ্যকালত তেওঁ সংবিধান অনুসৰি ভালদৰে কাম কৰিছিল।

ধনখড়ৰ পদত্যাগ সন্দৰ্ভত অমিত শ্বাহৰ প্ৰতিক্ৰিয়া
যোৱা ২১ জুলাইত আকস্মিকভাৱে পদত্যাগ কৰিছিল উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। ইয়াৰ পিছৰে পৰা জগদীপ ধনখড়ে ৰাজহুৱাকৈ আত্মপ্ৰকাশ কৰা নাই তথা দিয়া নাই কোনো ৰাজহুৱা বক্তব্য। ধনখড়ৰ পদত্যাগৰ পিছৰে পৰা এই প্ৰসঙ্গত সৰৱ হৈ আহিছে কংগ্ৰেছসহ বিৰোধী দলসমূহ। আনকি ধনখড় নিৰুদ্দেশ হোৱা বুলি কটাক্ষভৰা অভিযোগ উত্থাপন কৰি আহিছে বিৰোধীয়ে। বিৰোধীৰ এনে কটুক্তিৰ মাজতে এতিয়া ধনখড়ৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে জগদীপ ধনখড় এক সাংবিধানিক পদত অধিষ্ঠিত আছিল আৰু নিজ কাৰ্যকালত তেওঁ সংবিধান অনুসৰি ভালদৰে কাম কৰিছিল। ব্যক্তিগত স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁ পদত্যাগ কৰিছে বুলি উল্লেখ কৰি অমিত শ্বাহে লগতে এই বিষয়ত অধিক বিতৰ্ক কৰিবলৈ চেষ্টা কৰা উচিত নহয় বুলিও মন্তব্য কৰে।
সংবাদ সংস্থা ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে। উল্লেখ্য যে অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। তাৰ আগে আগে এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আগন্তুক নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এৰ প্ৰাৰ্থী হ’ব মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন।
আনহাতে বিৰোধীয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। বিৰোধীৰ প্ৰাৰ্থীগৰাকীৰ সন্দৰ্ভত অমিত শ্বাহে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। অমিত শ্বাহৰ মতে, INDIA মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী সুদৰ্শন ৰেড্ডীয়ে ছালৱা জুডুম নাকচ কৰি আদিবাসীসকলৰ আত্মৰক্ষাৰ অধিকাৰ বিলুপ্ত কৰিছে।
এই কাৰণেই দেশত দুটা দশকৰো অধিক সময় নক্সালবাদ চলি আছিল বুলি মন্তব্য কৰি অমিত শ্বাহে লগতে বাওঁপন্থী মতাদৰ্শয়েই সুদৰ্শন ৰেড্ডীক বাছনি কৰাৰ মাপকাঠী আছিল বুলি সম্ভাৱনা প্ৰকাশ কৰে। উল্লেখ্য যে জগদীপ ধনখড়ে যোৱা মাহত স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰিছিল। তেওঁৰ পদত্যাগৰ পিছতে তেওঁ কি কাৰণত এই পদক্ষেপ ল’বলৈ বাধ্য হৈছিল, সেই সন্দৰ্ভত আলোচনা আৰম্ভ হৈছিল।
যোৱা সপ্তাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ধনখড়ৰ এই পদক্ষেপ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা কিয় আহিছে বুলি মন্তব্য কৰি ৰাহুল গান্ধীয়ে পুৰণি উপ-ৰাষ্ট্ৰপতিজন ক’লৈ গ’ল জানেনে বুলিও প্ৰশ্ন কৰিছিল। বিৰোধীৰ এনে কটাক্ষভৰা সমালোচনাৰ মাজতে এতিয়া অমিত শ্বাহে এই বিষয়ত স্পষ্টীকৰণ আগবঢ়াইছে।