১৫% লৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰ্তনৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ, কাৰণ ক’লে…
আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ১৫% হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে এয়াৰ ইণ্ডিয়াই। এই হ্ৰাস ২০ জুনৰ পৰা কাৰ্যকৰী হ’ব আৰু ইয়াৰ প্ৰভাৱ ৱাইড-বডীৰ বিমানত পৰিব। যিটো জুলাই মাহৰ শেষলৈকে চলি থাকিব। বিমান সংস্থাসমূহে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ লগতে ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব।

এয়াৰ ইণ্ডিয়া
গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে এয়াৰ ইণ্ডিয়াই। ইয়াৰ আঁৰৰ কাৰণ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা আৰু তাৰ পিছত বিমানসমূহত ধাৰাবাহিকভাৱে হোৱা ত্ৰুটি বুলি অনুমান কৰা হৈছে। আহমেদাবাদৰ ঘটনাৰ পাছতো বহু বিমানত ত্ৰুটি পোৱা গৈছিল। এই কাৰণেই এতিয়া এয়াৰ ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় সেৱা ১৫ শতাংশ কৰ্তনৰ সিদ্ধান্ত লৈছে।
এয়াৰ ইণ্ডিয়াৰ এই সিদ্ধান্তৰ আঁৰত আছে নিৰাপত্তা পৰীক্ষা, কাৰিকৰী মূল্যায়ন আৰু মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনা আদি বহু কাৰণে। শেহতীয়াকৈ আহমেদাবাদত সংঘটিত হোৱা বিমান দুৰ্ঘটনাটোৱেই এই সিদ্ধান্তৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি অনুমান কৰা হৈছে।
হ্ৰাসৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
এয়াৰ ইণ্ডিয়াই কয় যে অহা কেইসপ্তাহমানৰ বাবে বহল শৰীৰৰ বিমানৰ বাবে আন্তঃৰাষ্ট্ৰীয় সেৱা ১৫ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে, যিটো ২০ জুনৰ পৰা কাৰ্যকৰী হ’ব।এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮/৯ বিমানৰ তদন্তৰ বাবে ডিজিচিএই নিৰ্দেশনা দিছিল। তদন্তৰ আধাতকৈ অধিক কাম সম্পূৰ্ণ হৈছে। এয়াৰ ইণ্ডিয়াই নিজৰ বিবৃতিত কয় যে অতিৰিক্ত সাৱধানতা হিচাপে এয়াৰ ইণ্ডিয়াই নিজৰ বয়িং ৭৭৭ বিমানৰো তদন্ত কৰিব।
বিমান সংস্থাটোৱে কয়, “আমি যাত্ৰীসকলক সহযোগিতাৰ বাবে আবেদন জনাইছো আৰু নিশ্চিত কৰিছো যে যাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি অতি সোনকালে স্থিৰতা ঘূৰাই আনিম। এআই ১৭১ বিমানত থকা ২৪১ জন যাত্ৰী আৰু ক্ৰু সদস্যৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছো।”
লগতে এয়াৰ ইণ্ডিয়াই নিজৰ বিবৃতিত স্পষ্টভাৱে উল্লেখ কৰিছে যে যিসকলৰ বিমান এই কৰ্তনত অন্তৰ্ভুক্ত আৰু ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে, তেওঁলোকক সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। ইয়াৰ উপৰিও তেওঁলোকক ভ্ৰমণৰ বাবে আন বিকল্পও দিয়া হ’ব।
বিমান দুৰ্ঘটনাত শ শ লোকৰ প্ৰাণ হেৰুৱালে
যোৱা ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বিমান AI171 আহমেদাবাদৰ পৰা লণ্ডনলৈ উৰা মৰা মাত্ৰ কেইমিনিটমানৰ পিছতে এক দুৰ্ঘটনা সংঘটিত হয়। এই হৃদয় বিদাৰক দুৰ্ঘটনাত প্ৰায় ২৭৪ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত বিমানখনত থকা মুঠ ২৪২ জন লোকৰ ভিতৰত ২৪১ জন লোকে প্ৰাণ হেৰুৱাইছে।
এসপ্তাহত বাতিল হ’ল ৮০খনতকৈও অধিক বিমান
১২ জুনৰ পৰা এয়াৰ ইণ্ডিয়াই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।কেতিয়াবা জৰুৰীকালীন অৱতৰণৰ বাবে আৰু কেতিয়াবা কাৰিকৰী দোষৰ বাবে কোম্পানীয়ে ইয়াৰ বোজা বহন কৰিবলগীয়া হৈছে। এই সকলোবোৰৰ বাবে যোৱা ১ সপ্তাহৰ ভিতৰত ৮০খনতকৈও অধিক বিমান বাতিল কৰিবলগীয়া হৈছে কোম্পানীটোৱে। ইফালে ধাৰাবাহিক ঘটনাৰ পিছত বয়িং বিমানক লৈ অস্বস্তি অনুভৱ কৰিছে যাত্ৰীসকলে।