অসম বিজেপিৰ এটা বিশেষ ভিডিঅ’ক লৈ ক্ষোভিত ওৱেইছি, মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ

অসম বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা AI ভিডিঅ'ক কেন্দ্ৰ কৰি ওৱেইছিয়ে ব্যাপক ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। তেওঁ কয় যে এই ভিডিঅ' কেৱল মানহানিকাৰকেই নহয়, মুছলমান সকলক ই বিপদৰ মাজলৈও ঠেলি দিছে।

অসম বিজেপিৰ এটা বিশেষ ভিডিঅক লৈ ক্ষোভিত ওৱেইছি, মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ

আছাদুদ্দিন ওৱেইছি

Published: 

18 Sep 2025 13:33 PM

অসম বিজেপিৰ বিৰুদ্ধে ব্যাপক ক্ষোভ প্ৰকাশ কৰিছে অল ইণ্ডিয়া মজলিছ ই ইত্তেহাদুল মুছলিমীন চমুকৈ AIMIM ৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছি। ভাৰতীয় জনতা পাৰ্টীৰ অসম শাখাৰ দ্বাৰা সামাজিক মাধ্যমত প্ৰচাৰ কৰা এটা AI ভিডিঅ’ক কেন্দ্ৰ কৰি ওৱেইছিয়ে ব্যাপক ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। তেওঁ কয় যে এই ভিডিঅ’ কেৱল মানহানিকাৰকেই নহয়, মুছলমান সকলক ই বিপদৰ মাজলৈও ঠেলি দিছে।

AIMIM ৰ মুৰব্বী ওৱেইছিয়ে কয় যে ভিডিঅ’টোত দেখুওৱা হৈছে যে যদি বিজেপি শাসনত নাথাকে তেন্তে অসম এখন মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্য হৈ পৰিব। এই ভিডিঅ’ প্ৰস্তুত কৰা তথা শ্বেয়াৰ কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবেও দাবী জনাইছে ওৱেইছিয়ে।

নিজ এক্স হেণ্ডেলৰ এটা পোষ্টত ওৱেইছিয়ে অভিযোগ কৰে যে এই ভিডিঅ’টো ব্যাপক ‘হিন্দুত্ব’ অভিযানৰ অংশ, যাৰ লক্ষ্য হৈছে মুছলমান মানুহক প্ৰান্তীয়কৰণ আৰু ভয় খুওৱা। তেওঁ কয় যে এই ক্লিপটোৱে নিৰ্বাচনী প্ৰচাৰৰ বাহিৰলৈ গৈ মুছলমানবিহীন দেশ বিচৰা এক “মতাদৰ্শ” প্ৰতিফলিত হৈছে।

“অসম বিজেপিয়ে এটা ঘৃণনীয় AI ভিডিঅ’ পোষ্ট কৰিছে, য’ত বিজেপি নাথাকিলে মুছলমান সংখ্যাগৰিষ্ঠ হোৱা অসম দেখুৱাইছে। তেওঁলোক কেৱল ভোটৰ বাবেই ভীতিগ্ৰস্ত নহয়, প্ৰকৃত ৰূপত এয়া হৈছে বিকৃত হিন্দুত্ববাদী মতাদৰ্শ। ভাৰতত মুছলমানৰ অস্তিত্বই তেওঁলোকৰ বাবে সমস্যা, তেওঁলোকৰ সপোন হৈছে মুছলমান-মুক্ত ভাৰত। এই অহৰহ চিন্তাৰ বাহিৰে ভাৰতৰ প্ৰতি তেওঁলোকৰ কোনো দৃষ্টিভংগী নাই।” ওৱেইছিয়ে লিখিছে।

পাটনা উচ্চ ন্যায়ালয়ৰ শেহতীয়া এক নিৰ্দেশৰ কথা উল্লেখ কৰি ওৱেইছিয়ে এই বিষয়ত শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃৰ এটা AI ভিডিঅ’ প্লেটফৰ্মৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছিল পাটনা উচ্চ ন্যায়ালয়ে।

“পাটনাৰ উচ্চ ন্যায়ালয়ে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃক চিত্ৰিত কৰা AI ভিডিঅ’টো মানহানিকাৰক হোৱাৰ বাবে আঁতৰোৱাৰ নিৰ্দেশ দিছিল। সকলোৰে বাবে তেওঁলোকৰ মাতৃ সৰ্বোচ্চ। অসম বিজেপিৰ ঘৃণনীয় ভিডিঅ’ৰ ক্ষেত্ৰতো একেই নীতি মানি চলিব লাগিব। মুছলমান নাগৰিকক বিপদ হিচাপে, অহৰহ অপৰাধ সংঘটিত কৰা গোট হিচাপে চিত্ৰিত কৰাটো কেৱল মানহানিকাৰক নহয়, গণহত্যাও।” ওৱেইছিয়ে কয়।

যোৱা সোমবাৰে অসম বিজেপিয়ে ‘বিজেপি অবিহনে অসম’ শীৰ্ষক AIৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ পোষ্ট কৰে। য’ত ৰাজ্যখনৰ সংখ্যালঘু মুছলমানক চৰকাৰী ভূমি আৰু ৰাজহুৱা স্থান দখল কৰা অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে চিত্ৰিত কৰা হৈছে। ভিডিঅ’টোৰ এটা অংশত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী আৰু গৌৰৱ গগৈক দেখা গৈছে আৰু দলটোৰ “পাকিস্তান লিংক” থকা বুলি চিত্ৰিত কৰা হৈছে বুলি অভিযোগ উঠিছে।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...