কিশোৰীক গৰ্ভপাতৰ অনুমতি! আদালতৰ সিদ্ধান্তৰ বিৰোধিতা এইমছৰ…
যোৱা ৩০ জুনত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ১৬ বছৰীয়া কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ এইমছক নিৰ্দেশ দিছিল। এই সিদ্ধান্তৰ বিৰোধিতা কৰে এইমছে। এই সন্দৰ্ভত আদালতত দাখিল কৰে আবেদন।

আদালত
এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ গোচৰ লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এইমছ। যৌন নিৰ্যাতনৰ বলি হোৱা ১৬ বছৰীয়া কিশোৰীগৰাকীৰ ২৭ সপ্তাহৰ গৰ্ভাৱস্থা সমাপ্ত কৰিবলৈ দিয়া নিৰ্দেশৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছে এইমছ। যোৱা ৩০ জুনত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে ১৬ বছৰীয়া কিশোৰীগৰাকীক গৰ্ভপাত কৰিবলৈ এইমছক নিৰ্দেশ দিছিল। তাৰ পাছতে উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰে। এইমছে মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ অনিশ দয়ালৰ বিচাৰপীঠৰ সন্মুখত যুক্তি দিছিল যে গৰ্ভপাতে ভৱিষ্যতে ছোৱালীজনীৰ প্ৰজনন ক্ষমতাত বেয়া প্ৰভাৱ পেলাব।
এইমছৰ হৈ উপস্থিত থকা ASG ঐশ্বৰ্য ভাটীয়ে কয় যে, মেডিকেল বোৰ্ডে মতামত দিছে যে কিশোৰীগৰাকীৰ স্বাস্থ্য সুৰক্ষিত কৰিব লাগে। তেতিয়া আদালতে প্ৰশ্ন কৰে যে, ৩৪ সপ্তাহৰ পাছত গৰ্ভপাত কৰা সুৰক্ষিত হ’ব নেকি? তেতিয়া ভাটীয়ে হয় বুলি উত্তৰ দিয়ে। বৰ্তমান কিশোৰীগৰাকী ২৭ সপ্তাহৰ গৰ্ভৱতী আৰু গৰ্ভপাতৰ ফলত তেওঁৰ প্ৰজনন ক্ষমতা হ্ৰাস পাব পাৰে। ভৱিষ্যতে কিশোৰীগৰাকীৰ গৰ্ভধাৰণ কৰাৰ ক্ষেত্ৰত বিপদ আহি পৰিব।
অৱশ্যে আদালতে কয় যে, যদিহে কিশোৰীগৰাকীৰ গৰ্ভাৱস্থা অব্যাহত ৰখাৰ ৰায় দিয়া হয় তেন্তে ইয়াৰ প্ৰভাৱ কিশোৰীগৰাকীৰ মানসিক স্বাস্থ্যৰ ওপৰত পৰিব পাৰে। ধৰ্ষণ বলি হোৱা কিশোৰী এগৰাকীক এনে ৰায়ে হতাশ কৰিব পাৰে। আদালতত ভাটীয়ে কয় যে, ২৪ সপ্তাহৰ অন্তত মাত্ৰ দুটা অৱস্থাত গৰ্ভপাত কৰিব পাৰি। প্ৰথমটো- মাতৃৰ কোনো শাৰীৰিক সমস্যা, দ্বিতীয়টো ভ্ৰুণৰ বিসংগতি। ২৪ সপ্তাহৰ পাছত গৰ্ভপাত কৰিলে চিজাৰিন কৰিব লগা হ’ব পাৰে। আদালতে দিয়া গৰ্ভপাতৰ ৰায়ৰ বিৰোধিতা কৰে এইমছে।
উল্লেখ্য যে, ২০২৪ চনৰ দেৱালীৰ সময়ত কিশোৰীগৰাকীক কোনো লোকে ধৰ্ষণ কৰিছিল। কিন্তু সেই কথা তেওঁ কাকো কোৱা নাছিল। আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় মাৰ্চ মাহত। এই সময়চোৱাত অন্য এজন ব্যক্তিয়ে কিশোৰীগৰাকীক ধৰ্ষণ কৰে আৰু পাছত তেওঁ গৰ্ভৱতী হয়।
যেতিয়া কিশোৰীগৰাকী বায়েকৰ সৈতে চিকিৎসালয়লৈ যায় তেতিয়া গৰ্ভধাৰণৰ কথা গম পায়। যেতিয়া কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে এই কথা জানিব পাৰে তেতিয়া তেওঁলোকক যৌন নিৰ্যাতনৰ বিষয়ে অৱগত কৰে, তাৰ পিছত এফআইআৰ দাখিল কৰা হয়। জুন মাহত এফআইআৰ দাখিল কৰাৰ সময়ত তাইৰ গৰ্ভৱতী আছিল ২৪ সপ্তাহ। মাৰ্চ মাহত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ ঘটনাত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে যোৱা বছৰ যৌন নিৰ্যাতন চলোৱা লোকজনক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।
অন্য খবৰ পঢ়কঃ বাৰে বাৰে বেয়া সপোন দেখিলে ‘অকাল মৃত্যু’ হয় নেকি? গৱেষণাত ভয়ংকৰ তথ্য প্ৰকাশ…