বিমান দুৰ্ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, শেষ লোকেচন আছিল দুৰ্ঘটনাস্থলীৰ পৰা ৭০০ মিটাৰ দূৰত

পত্নীয়ে কয়, "তেওঁৰ ফোনটো দুপৰীয়া ১.৪০ বজাত (বিমানখন উৰাৰ এমিনিট পিছত) চুইচ অফ হৈ গ'ল।তেওঁৰ স্কুটি আৰু মোবাইল ফোন দুয়োটা নোহোৱা হৈ গৈছে।এই সকলোবোৰ অস্বাভাৱিক কাৰণ তেওঁ কেতিয়াও সেই পথটো (তেওঁৰ শেষ লোকেচন অনুসৰি) ঘৰলৈ আহিবলৈ ব্যৱহাৰ কৰা নাছিল।বৰ্তমান এয়া পৰীক্ষা কৰিবলৈ আমি ডি এন এৰ নমুনা প্ৰদান কৰিছো যে তেওঁ দুৰ্ঘটনাৰ সময়ত মাটিত মৃত্যু হোৱা লোকসকলৰ ভিতৰত এজন হ'ব পাৰে নেকি?"

বিমান দুৰ্ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, শেষ লোকেচন আছিল দুৰ্ঘটনাস্থলীৰ পৰা ৭০০ মিটাৰ দূৰত

আহমেদাবাদৰ বিমান দুৰ্ঘটনা

Updated On: 

16 Jun 2025 11:02 AM

যোৱা সপ্তাহত আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়াও বহু পৰিয়ালে নিৰুদ্দেশ হোৱা আপোনজনক বিচাৰি ফুৰিছে। ডি এন এৰ নমুনাৰ জৰিয়তে চিনাক্ত কৰা হৈছে মৃতকক। এতিয়ালৈকে ডি এন এৰ নমুনাৰ জৰিয়তে ৮৭টা মৃতদেহৰ চিনাক্তকৰণ হৈছে। ইয়াৰ মাজতে বিমান দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে এজন চলচ্চিত্ৰ নিৰ্মাতা । ইয়াৰ বাবে পৰিয়ালটোৱে তেওঁলোকক ডি এন এৰ নমুনাও প্ৰদান কৰিছে।

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছত নিৰুদ্দেশ হোৱা এজন চলচ্চিত্ৰ নিৰ্মাতাৰ পৰিয়ালে ডি এন এৰ নমুনা দিছে। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মোবাইল ফোনটোৰ শেষ লোকেচন দুৰ্ঘটনাস্থলীৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰত্বত উদ্ধাৰ হৈছিল। উল্লেখ্য যে যোৱা সপ্তাহত ১২ জুনত দিনৰ ১.৩৯ বজাত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰা কিছু মিনিটৰ পিছতে লণ্ডন অভিমুখী বিমানখন মেঘনগৰৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত খুন্দা মাৰে। এই দুৰ্ঘটনাত উৰাজাহাজখনত থকা ২৪২ জন লোকৰ ভিতৰত ২৪১ জন আৰু তলত থকা আন ২৯ জন লোকৰ মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মোবাইল চুইচ অফ হৈ পৰে

নাৰোদাৰ মহেশ জিৰাৱালা নামেৰে পৰিচিত মহেশ কালাৱাডিয়াই সংগীত এলবাম পৰিচালনা কৰে। পত্নী হেটলে জানিবলৈ দিয়া মতে, ঘটনাৰ দিনটোত দুপৰীয়া ল’ গাৰ্ডেন এলেকাত কাৰোবাক লগ কৰিবলৈ গৈছিল তেওঁ। তেওঁ কয়, “মোৰ স্বামীয়ে দিনৰ ১.১৪ বজাত মোক ফোন কৰি ক’লে যে তেওঁৰ মিটিং শেষ হৈছে আৰু তেওঁ ঘৰলৈ আহি আছে। অৱশ্যে তেওঁ ঘূৰি নাহিলে মই তেওঁক ফোন কৰিলোঁ, কিন্তু ফোনটো চুইচ অফ। ইয়াৰ পিছত আৰক্ষীক জনোৱা হয় আৰু তেওঁৰ মোবাইল ফোনটোৰ শেষৰ লোকেচনত দেখা গ’ল যে তেওঁ দুৰ্ঘটনাৰ পৰা মাত্ৰ ৭০০ মিটাৰ দূৰত আছিল।” তদন্তৰ বাবে পৰিয়ালে দিছে ডি এন এৰ নমুনা

পত্নী হেটলে লগতে কয়, “তেওঁৰ ফোনটো দুপৰীয়া ১.৪০ বজাত (বিমানখন উৰাৰ এমিনিট পিছত) চুইচ অফ হৈ গ’ল।তেওঁৰ স্কুটি আৰু মোবাইল ফোন দুয়োটা নোহোৱা হৈ গৈছে।এই সকলোবোৰ অস্বাভাৱিক কাৰণ তেওঁ কেতিয়াও সেই পথটো (তেওঁৰ শেষ লোকেচন অনুসৰি) ঘৰলৈ আহিবলৈ ব্যৱহাৰ কৰা নাছিল।বৰ্তমান এয়া পৰীক্ষা কৰিবলৈ আমি ডি এন এৰ নমুনা প্ৰদান কৰিছো যে তেওঁ দুৰ্ঘটনাৰ সময়ত মাটিত মৃত্যু হোৱা লোকসকলৰ ভিতৰত এজন নেকি।”

বৰ্তমান মহেশৰ পৰিয়ালটো তেওঁৰ নিৰুদ্দেশক আচৰিত হৈ পৰিছে।  কাষৰ আটাইকেইখন চিকিৎসালয়ত তেওঁৰ বিষয়ে সোধা-পোছা কৰিছে পৰিয়ালৰ লোকে। কিন্তু মহেশ এতিয়াও সন্ধানহীন। তেওঁৰ সন্দৰ্ভত তথ্যৰ বাবেও পোষ্টাৰ লগাইছে পৰিয়ালটোৱে। ইয়াৰ লগতে ফোন নম্বৰো দিয়া হৈছে।

এই পৰ্যন্ত ৮৭ টা মৃতদেহ চিনাক্ত

বিমান দুৰ্ঘটনাত নিহত হোৱা আটাইকেইজন লোকৰ মৃতদেহ বেয়াকৈ জ্বলি যায়। ইয়াৰ বাবে অতি কঠিন হৈ পৰিছে মৃতদেহ চিনাক্তকৰণ । এনে পৰিস্থিতিত এই ভয়ংকৰ শোকাৱহ দুৰ্ঘটনাৰ বলি হোৱা লোকক চিনাক্ত কৰিবলৈ ডি এন এৰ জৰিয়তে পৰীক্ষা কৰিছে বিষয়াসকলে। তদন্তত নিয়োজিত বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত ৮৭ গৰাকী ভুক্তভোগীক ডি এন এ মেচিঙৰ জৰিয়তে চিনাক্ত কৰা হৈছে আৰু ৪২ টা মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে।

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?