চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য

যোৱা ১২ জুনত সংঘটিত হোৱা এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো (AAIB)- এ আহমেদাবাদৰ বিমান দুৰ্ঘটনা সম্পৰ্কে ১৫ পৃষ্ঠাৰ এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰে। চৰাইয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি চৰ্চা চলিছিল। এতিয়া তদন্ত প্ৰতিবেদনত এই বিষয়ত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ পাইছে।

চৰাইৰ খুন্দাৰ বাবে সংঘটিত হৈছিল নেকি আহমেদাবাদ দুৰ্ঘটনা! প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা

Updated On: 

12 Jul 2025 16:15 PM

চৰ্চালৈ আহিছে আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ ভয়ানক দুৰ্ঘটনাৰ প্ৰতিবেদন। যোৱা ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ বিমান দুৰ্ঘটনা সম্পৰ্কে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো (AAIB)এ ১৫ পৃষ্ঠাৰ এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰে। দুৰ্ঘটনাৰ এই প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিমান যাত্ৰাৰ কেইমুহূৰ্তমানৰ ভিতৰতে বিমানৰ দুয়োটা ইঞ্জিন বন্ধ হৈ পৰে। প্ৰতিবেদন মতে হঠাতে দুয়োটা ইঞ্জিনৰ ইন্ধন কাট অফ চুইচকেইটা স্বয়ংক্ৰিয়ভাৱে ‘ৰাণ’ৰ পৰা ‘কাটঅফ’ পজিচনলৈ যায়।

এনে পৰিস্থিতিত প্ৰথম অৱস্থাত বিমানখনৰ ইঞ্জিনটোৱে মাটিৰ পৰা আকাশলৈ উৰি যাবলৈ পৰ্যাপ্ত শক্তি লাভ কৰা নাছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কিছু সময়ৰ ভিতৰতে এই পৰিস্থিতি পৰিচালনা কৰা হৈছিল যদিও দুৰ্ঘটনা ৰোধ কৰিব পৰা নগ’ল বুলিও এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৰ প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ পাইছে।

AAIB- প্ৰকাশ কৰা এই ১৫ পৃষ্ঠাৰ প্ৰতিবেদনত উল্লেখ কৰা মতে এয়াৰ ইণ্ডিয়াৰ বিমানখনে উৰণৰ ঠিক পিছতে বিমান গতি ১৮০ নট লাভ কৰিছিল। কিন্তু ইয়াৰ পিছত হঠাতে দুয়োটা ইঞ্জিনলৈ ইন্ধন যোগান বন্ধ হৈ পৰাৰ ফলস্বৰূপে বিমানখনৰ ইঞ্জিন বন্ধ হৈ পৰে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইতিমধ্যে এই দুৰ্ঘটনাস্থলীৰ ধ্বংসাৱশেষৰ পৰা দুটা ইঞ্জিন উদ্ধাৰ কৰি বিমানবন্দৰৰ হেংগাৰত নিৰাপদে থোৱা হৈছে।

তদুপৰি বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলৰ পৰা ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰা হৈছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে। বিমানখনে বিমানবন্দৰৰ দেৱাল পাৰ হোৱাৰ পূৰ্বেই ক্ৰমাৎ তললৈ নামিবলৈ আৰম্ভ কৰিছিল বুলিও AAIB- এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে লগতে বিমানখনৰ সন্মুখত কোনো চৰাই প্ৰত্যক্ষ নোহোৱাৰ বাবে বিমানত চৰাইয়ে খুন্দা মৰাৰ সম্ভাৱনা কাৰ্যতঃ প্ৰতিবেদনত নুই কৰা হৈছে।

অৱশ্যে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে এই দুৰ্ঘটনাৰ তদন্ত এতিয়াও অব্যাহত ৰাখিছে। বিমানখনৰ কেইবাটাও অংশ সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰিও বিমানখনৰ Enhanced Airborne Flight Recorder (EAFR) অধিক ক্ষতি হোৱাৰ বাবে ইয়াৰ পৰা তথ্য সংগ্ৰহ কৰা সম্ভৱ নহ বুলিও এই প্ৰাৰম্ভিক প্ৰতিবেদনত প্ৰকাশ কৰিছে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰোৱে।

Related Stories
গোৱালপাৰাৰ উচ্ছেদৰ পৰা লৰ্ডছ টেষ্টলৈ…পলকতে পঢ়ক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
কোনে বন্ধ কৰিছিল আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ইন্ধনৰ চুইচ? ২ পাইলটৰ মাজত হোৱা কথা-বতৰাক লৈ চৰ্চা…
সম্পত্তিৰ লোভ আৰু ১০ লাখ টকাৰ ভাড়াতীয়া শ্বুটাৰ! পত্নীৰ ষড়যন্ত্ৰৰ বলি হৈ চিৰদিনলৈ চকু মুদিলে পতিয়ে
চাংপোৰ ওপৰত চীনে গোপনে নিৰ্মাণ কৰিছে বিশ্বৰ সৰ্ববৃহৎ নদী বান্ধ…শংকা প্ৰকাশ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ
হুৰমূৰকৈ বাগৰি পৰিল চাৰি মহলীয়া অট্টালিকা, আৱদ্ধ ১২ জন লোকঃ অব্যাহত উদ্ধাৰ অভিযান
আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত পোহৰলৈ ন-ন তথ্যঃ বিমান কোম্পানীৰ বিৰুদ্ধে লোৱা হ’ব নেকি ব্যৱস্থা!
জণ্ডিচৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ ক'লে চিকিৎসকে...
কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে কাজি নেমু কিমান উপকাৰী? জানক
পেটৰ আলচাৰে পিছলৈ গুৰুতৰ ৰূপ ল’ব পাৰে, ইয়াৰ প্ৰতিৰোধৰ উপায় জানক
শাওন মাহত ভুলতো নকৰিব এইসমূহ কাম, মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ’ব আপুনি!