মনমোহন সিঙৰ মৃত্যুত দেশজুৰি শোকৰ লহৰঃ ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশ শোকবিহ্বল হৈ পৰিছে। ইফালে তেওঁৰ মৃত্যুৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। শুকুৰবাৰে ১১ বজাত মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

মনমোহন সিঙৰ মৃত্যুত দেশজুৰি শোকৰ লহৰঃ ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কেন্দ্ৰৰ

মনমোহন সিঙৰ মৃত্যুত দেশজুৰি শোকৰ লহৰ

Updated On: 

27 Dec 2024 | 12:39 PM

আজি চিৰদিনৰ বাবে চকু মুদিলে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁক লগে লগে দিল্লীৰ এইমছলৈ লৈ যোৱা হৈছিল আৰু চিকিৎসকৰ যথেষ্ট চেষ্টাৰ পিছতো তেখেতৰ দেহাৱসান ঘটে। মনমোহন সিঙৰ মৃত্যুত সমগ্ৰ দেশ শোকবিহ্বল হৈ পৰিছে। ইফালে তেওঁৰ মৃত্যুৰ পিছতে কেন্দ্ৰীয় চৰকাৰে ৭ দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। শুকুৰবাৰে ১১ বজাত মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

ইফালে শুকুৰবাৰে সকলো চৰকাৰী কাৰ্যসূচীও বাতিল কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ লগতে বিৰোধী দল কংগ্ৰেছেও সকলো দলীয় কাৰ্যসূচী বাতিল কৰিছে। বৃ্হস্পতিবাৰে কৰ্ণাটকৰ বেলগাৱীত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু মনমোহন সিঙৰ মৃত্যুৰ খবৰ লাভৰ পিছতে দলৰসকলো কাৰ্যসূচী বাতিল কৰা হয় আৰু কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধীয়ে বেলগাৱীৰ পৰা দিল্লীলৈ ৰাওনা হয়।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মনমোহন সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু সকলোৰে বাবে এক বৃ্হৎ ক্ষতি বুলি উল্লেখ কৰিছে। শিক্ষা আৰু প্ৰশাসনৰ ক্ষেত্ৰখনত সমানভাৱে কাম কৰা ৰাজনৈতিক নেতাসকলৰ ভিতৰত মনমোহন সিং অন্যতম আছিল বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে লগতে মনমোহন সিঙে ভাৰতীয় অৰ্থনীতি উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল বুলিও কয়।

“দেশৰ প্ৰতি তেওঁৰ সেৱা, তেওঁৰ অনবদ্য ৰাজনৈতিক কেৰিয়াৰ আৰু তেওঁৰ নম্ৰতাৰ বাবে সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যু আমাৰ সকলোৰে বাবে এক ডাঙৰ ক্ষতি।”- মনমোহন সিঙৰ মৃত্যুত এইদৰে কয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...